এটি নিদ্ৰাহীন নিশা – এছ ইছলাম

Pc Unsplash

এটি নিদ্ৰাহীন নিশা

এছ ইছলাম, শিক্ষক 
পশ্চিম মইনবৰী, বৰপেটা 

এটি নিদ্ৰাহীন ৰাতি
কিযে ভয়ংকৰ পৰিস্থিতি!
চকু বন্ধ কৰিলেও নাহে টোপনি
মনলৈ আহে সেই মিঠা প্ৰেমৰ
মিঠা অনুভূতিবোৰ।
তুমি নাথাকিলেও
ভুমুকি মাৰে মোৰ হৃদয়ত
সেই কথাবোৰ,
তোমাৰ হাঁহি, তোমাৰ মাত
খুন্দা মাৰে মোৰ হৃদয়ত।
তুমি যেন বিছনাৰ কাষত
কিন্তু স্পৰ্শ কৰিব নোৱাৰোঁ
অদৃশ্য, মহাশূন্যতাই
গা জুৰ পৰে এটি শীতল মৃদু সমীৰণে ।
সদায় ব্যস্ত মই
কিন্তু আহৰি নেপাওঁ নিশা হ’লেই
স্মৃতিবোৰে ভুমুকি মাৰে,
আজিও দু:স্বপ্নবোৰ
মনত পৰিলে চকুলো ওলায়
তোমাৰ মনোমোহা আশ্বাসবোৰ।
তৰাবোৰে যেন থুপ নেখায়
ক’লা ডাৱৰে আগুৰিছে
বিষাদত ডুব গৈছে
গোটেই আকাশ মেঘাচ্ছন্ন হৈছে।
তুমি দেখা দিয়া সপোনত
শান্ত হোৱা দিঠকত
কিন্তু বাস্তৱত নাই
প্ৰতি নিশা নিদ্ৰাহীন থাকোঁ মই।
নিদ্ৰাহীন নিশাবোৰত
এটি কথা ভাবোঁ মই
তুমি যদি থাকিলাহেঁতেন ৰাতিবোৰ
কিমান নীৰৱ নিস্তব্ধ হ’লহেঁতেন!