বেয়া সপোন
ৰফিক উদ্দিন
বেয়া সপোন দেখে
গৰু-গাহৰিৰ যুঁজ,
ম’হটোৰ শিঙলৈ ভয়
কেতিয়াবা উটৰ কুঁজ!
নেদেখে ঘোঁৰা-গাধৰ
সেই অদ্ভুত কাৰবাৰ;
কেতিয়াবা অশ্বশালাত
হৈ-চৈ দানাৰ নিমিত্তে,
মাজে-সময়ে দুই-এটা
কাৰাগাৰৰ আলহী।
ৰজাৰো হয় অতিথি
জনায় উষ্ম আদৰণি।
