বেণু মিশ্ৰৰ জন্ম দিৱস- ড্ৰয়িঙৰ প্ৰদৰ্শনী মুকলি

Pc- Wikipedia

বেণু মিশ্ৰৰ জন্ম দিৱস- ড্ৰয়িঙৰ প্ৰদৰ্শনী মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী আৰ্টিষ্টছ গীল্ড আৰু বেণু মিশ্ৰ সোঁৱৰণি ন্যাসৰ যৌথ উদ্যোগত গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ কলা বীথিকাত বিশিষ্ট চিত্ৰ শিল্পী বেণু মিশ্ৰৰ ৮২ সংখ্যক জন্ম দিৱসৰ লগতে ড্ৰয়িঙৰ প্ৰদৰ্শনী মুকলি কৰা হয়৷প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে৷গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস আৰু ন্যাসৰ সম্পাদিকা ৰঞ্জনা মিশ্ৰই উদ্দেশ্য ব্যাখ্যা কৰা সভাত বেণু মিশ্ৰৰ সহধৰ্মিণী ৰাজলক্ষী মিশ্ৰ,বিশিষ্ট চিত্ৰ শিল্পী সমিৰন বৰুৱা উপস্হিত থাকে৷সভাত বেণু মিশ্ৰৰ জীৱন আৰু শিল্পকৰ্মৰ ওপৰত আলোকপাত কৰে চিত্ৰ শিল্পী জ্ঞানেন্দ্ৰ বৰকাকতি আৰু গীল্ডৰ সভাপতি আমিনুল হকে৷সংযুক্তা ফুকনৰ বেহেলা বাদনেৰে আৰম্ভ কৰা অনুষ্ঠানত শিল্পী- সাহিত্যিক আৰু বেণু মিশ্ৰৰ অনেক গুণমুগ্ধ উপস্হিত থাকে৷বেণু মিশ্ৰৰ ড্ৰয়িঙৰ প্ৰদৰ্শনীখন ৬ ডিচেম্বৰলৈ খোলা থাকিব৷