ছাত্ৰ-ছাত্ৰীৰ বাছ ভাড়া ৰেহাইৰ দাবীত এআইডিএছঅ’ৰ প্ৰতিবাদ

ছাত্ৰ-ছাত্ৰীৰ বাছ ভাড়া ৰেহাইৰ দাবীত এআইডিএছঅ’ৰ প্ৰতিবাদ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ শতাংশ চিটিবাছ  আৰু বাছ ভাড়া ৰেহাই দিয়া, অযৌক্তিক চিটি বাছ , ট্ৰেকাৰ আৰু মেজিক ভাড়া লোৱা বন্ধ কৰাৰ দাবীত অল ইণ্ডিয়া ডি এছ অʼ কামৰূপ জিলা কমিটীৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ সমীপত তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ অতি শীঘ্ৰে ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ শতাংশ চিটি বাছ আৰু বাছ ভাড়া ৰেহাই দিয়ক, অন্যায় আৰু অযৌক্তিক চিটি বাছ,ট্ৰেকাৰ আৰু মেজিক ভাড়া লোৱা বন্ধ কৰক , আমাৰ দাবী মানি লওঁক শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। সংগঠনৰ কামৰূপ জিলা কমিটীৰ সভাপতি পল্লৱ পেগু আৰু সম্পাদক মুনিন্দ্ৰ দলেৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ  কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ পৰিবহণ মন্ত্ৰীলৈ  প্ৰেৰণ কৰে। স্মাৰক পত্ৰত উল্লেখ কৰে যে কৰ’না সৃষ্ট পৰিস্থিতিত সাধাৰণ ৰাইজৰ  অৰ্থনৈতিক অৱস্থা এক ভয়াবহ সংকটৰ সন্মুখীন হৈছে। এনে সময়ত গুৱাহাটী মহানগৰত চলি থকা চিটি বাছ,ট্ৰেকাৰ আৰু মেজিকৰ অন্যায় আৰু অযৌক্তিক ভাড়া বৃদ্ধিয়ে ভূতৰ ওপৰত দানহ পৰা যেন পৰিলক্ষিত হৈছে।যাৰ ফলত ছাত্ৰ-ছাত্ৰী  তীব্ৰ ক্ষোভ বিক্ষোভত ফাটি পৰিছে। অথচ আমাৰ ৰাজ্যত বৰ্তমান ভাড়াৰ হাৰ অন্যান্য প্ৰদেশত বলবৎ থকা বাছ ভাড়াৰ নিৰিখতকৈ বহুত বেছি হোৱা স্বত্বেও পেট্ৰ’ল, ডিজেলৰ মূল্যবৃদ্ধিৰ সুযোগ লৈ অৰ্থনৈতিকভাৱে বিপৰ্যস্ত সাধাৰণ মানুহ আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত এক মাৰাত্মক আঘাত নমাই আনিছে। অথচ বৰ্তমানে প্ৰতি লিটাৰ পেট্ৰ’লৰ প্ৰকৃত দাম ৩৫.৫০ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৰ্দ্ধিত বাছ ভাড়া নোলোৱাৰ আহ্বান জনাইছে যদিও সকলোবোৰ বিষয় ভেঙুচালিত পৰিণত হোৱা দেখা গৈছে আৰু পৰিবহণ মন্ত্ৰীয়ে বাৰে বাৰে বাছ ভাড়া বৃদ্ধি হোৱা নাই বুলি দাবী কৰি অহা কথাটো এক সাঁথৰত পৰিণত হৈছে। এই ভাড়া বৃদ্ধিয়ে  আকাশলংঘী মূল্যবৃদ্ধি তথা তীব্ৰ অৰ্থনৈতিক সংকটত জৰ্জৰিত সাধাৰণ মানুহৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ওপৰতেই এক বহন কৰিব নোৱাৰা নিৰ্মম বোজা হৈ পৰিছে। ট্ৰেকাৰ আৰু মেজিক সমূহে  ৩-৪ কিলোমিটাৰ ভিতৰতেই ২০ টকাকৈ ভাড়া উঠাই আছে আৰু চিটি বাছ সমূহে ১০ টকাকৈ ভাড়া উঠাই লোৱাতো নিয়মত পৰিণত হৈছে। যাৰ ফলত  লখৰা নহলে বেলতলা অঞ্চলৰ এজন ছাত্ৰ  প্ৰাগজ্যোতিষ মহাবিদ্যালয় , কটন বিশ্ববিদ্যালয় নাইবা গুৱাহাটী বিশ্ববিদ্যালয় অথবা আৰ্য বিদ্যাপীঠ কলেজত যদি অহা-যোৱা কৰিব লাগে তেতিয়াহলে দিনত ১০০ টকাৰ পৰা ১৫০ টকালৈ খৰচ বহন কৰিব লগীয়াত পৰে। যাৰ ফলত এজন ছাত্ৰৰ মাহত কেৱল বাছৰ বাবদ খৰছ হ’ব প্ৰায় ৪০০০ৰ পৰা ৫০০০ টকা। মহানগৰত JNNURM ৰ অধীনত যি বাছ সমূহ চলি আছে তাৰ সংখ্যা অত্যন্ত সীমিত। গতিকে পৰিবহণ বিভাগে জনসাধাৰণৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ সাধাৰণ বাছৰ সংখ্যা বৃদ্ধি কৰাৰ আহ্বান জনায়৷