বিহালীত প্ৰথমবাৰৰ বাবে আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতা
জনতা মিনি ষ্টেডিয়ামত ডিচেম্বৰৰ শেষৰ ফালে খেল; প্ৰস্তুতিৰ বাবে বৰ্ধিত সভা অনুষ্ঠিত
পিজোস বৈষ্ণৱ, বিহমাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু উদ্দীপ্ত চ’ৰা (বেদেতী)ৰ উদ্যোগত অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে বিহালী মিনি ষ্টেডিয়াম (জনতা)ত আন্তঃজিলা জুনিয়ৰ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা বিহালী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া হোৱাত ইয়াৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি জনতা দুৰ্গা মন্দিৰ সামূহিক ভৱনত এখন বৰ্ধিত সভা অনুষ্ঠিত হয়। যোৱা ২৭ ছেপ্টেম্বৰত বেদেতী অমিয় ভৱনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তক সভাপতি, বিহালী সমষ্টিৰ বিধায়ক মুনীন্দ্ৰ দাসক কাৰ্যকৰী সভাপতি, দীপক শৰ্মাক মুখ্য সম্পাদক আৰু অৰিন্দম গোস্বামী আৰু তপন গৌতমক সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। ৰঞ্জিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণি কৰে মুখ্য সম্পাদক দীপক শৰ্মাই আৰু সম্পাদক অৰিন্দম গোস্বামীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পিছত বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ উপদেষ্টা অপূৰ্ব কুমাৰ দাসে বহলাই বক্তব্য ৰাখে। তাৰ পাছত সভাপতি তথা সাংসদ ৰঞ্জিত দত্তই খেলখন কেনেদৰে অনুষ্ঠিত কৰা হ’ব, সেই সন্দৰ্ভত বিশদভাৱে আলোচনা আগবঢ়ায়। সভাত উপদেষ্টা ৰাজেন্দ্ৰ প্ৰসাদ দাস, নৱ কুমাৰ দাস, বিহালী প্ৰেছ ক্লাবৰ সভাপতি ভুবন লুইটেল, ৰাজেন দাস, লক্ষ্মী ভৰালী, লাচিত বৰা আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপ-সমিতিসমূহক দায়িত্বভাৰ অৰ্পণ কৰা হয়।
