সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিহালীত ৰান্ধনী-সহায়িকা আৰু আশা কৰ্মীক আৰ্থিক অনুদান প্ৰদান
বিহমাৰী ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আৰু তেখেতৰ ২৫ বছৰীয়া জনসেৱাৰ কাৰ্যকাল উদযাপনৰ উপলক্ষে দেশজুৰি আৰম্ভ হোৱা সেৱা সংকল্প অভিযানৰ লগত সংগতি ৰাখি আজি, বিশ্বনাথ জিলাৰ বৰগাঙস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত এক আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। অসম চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত বিহালী সম জিলাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ মধ্যাহ্ন ভোজন আঁচনিৰ ৬০৫ গৰাকী ৰান্ধনী আৰু সহায়িকাক, লগতে বিহালী মহকুমা স্বাস্থ্য খণ্ডৰ ১২৮ গৰাকী আশা কৰ্মী আৰু ১২ গৰাকী আশা ছুপাৰভাইজাৰক আৰ্থিক সহায় হিচাপে ১০০০ টকাকৈ চেক প্ৰদান কৰা হয়।

ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা প্ৰশংসা পত্ৰও তেওঁলোকক প্ৰদান কৰা হয়। কাৰ্যসূচীটোত বিহালী সম জিলাৰ আয়ুক্ত কৰবী কাকতি কোঁৱৰ, সহ আয়ুক্ত পংখী হাজৰিকা, বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে.চি.বে, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক কুমাৰ বিশ্বাসী, বিহালী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া ধীৰাজ কুমাৰ টাইড, বৰগাং জিলা পৰিষদৰ সদস্যা জাহ্নৱী দাস, বাঘমৰা জিলা পৰিষদৰ সদস্য স্নিগ্ধাজ্যোতি হাজৰিকা, বিহালী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিনকান্তি দাসৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগৰ বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তোলে।
