বিদ্যুৎ মাচুলৰ লগত সংগতি ৰাখি অসম সচিবালয় সেৱা সন্থাৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়

বাৰ্ত্তাসেৱা- কৰ্মচাৰীয়ে APDCLৰ বিদ্যুৎ মাচুলৰ লগত সংগতি ৰখাকৈ “No dues payable against electricity bill of
 APDCL” certificate দাখিল কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগে বাহিৰ কৰা পত্ৰৰ লগতে অন্যান্য কিছু গুৰুত্বপূৰ্ণ 
বিষয় সন্দৰ্ভত আজি ইং ৩০/৬/২০২১ তাৰিখে অসম সচিবালয় সেৱা সন্থাৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা 
অনুষ্ঠিত হয়।

চৰকাৰীকৰ্মচাৰী সকলৰ দৰমহাৰ লগত উক্ত মাচুল সাঙুৰি কৰ্মচাৰী সকলৰ দৰমহাৰ বিল প্ৰেৰণৰ পূৰ্বে প্ৰতিগৰাকী কৰ্মচাৰীয়ে APDCLৰ বিদ্যুৎ মাচুলৰ লগত সংগতি ৰখাকৈ “No dues payable against electricity bill of APDCL” certificate দাখিল কৰিবলৈ বাধ্য কৰোৱাৰ চৰকাৰী পদক্ষেপত কৰ্মচাৰী সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুলি সভাই মত পোষন কৰে  আৰু চৰকাৰৰ এনে পদক্ষেপত সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে।

APDCLৰসংশ্লিষ্ট আইন The Electricity Act, 2003 আৰু সংশ্লিষ্ট বিধি The Assam Electricity Regulatory Commission (Electricity Supply Code & Related Matters) Regulatory, 2004 (as amended) অনুযায়ী APDCLৰ উপভোক্তা সকলৰ পৰা অনাদায় বিদ্যুৎ মাচুল আদায় কৰাৰ ব্যৱস্থা কৰাৰহে পোষকতা কৰে।

ইং১৩/৬/২০২১ তাৰিখৰ APDCLৰ পত্ৰ সম্পৰ্কে আখেজ জাহিৰ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদেও ইতিমধ্যে চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও চৰকাৰৰ তৰফৰ পৰা আজি পৰ্যন্ত পৰিষদৰ উক্ত স্মাৰক পত্ৰক গুৰু প্ৰদান নকৰি সাধাৰণ প্ৰশাসন বিভাগে শেহতীয়াকৈ বাহিৰ কৰা চৰকাৰী পত্ৰই কৰ্মচাৰী সমাজক ক্ষোভিত কৰাও পৰিলক্ষিত হৈছে।

আনহাতেমাহটো শেষ হবলৈ মাত্ৰ এটা দিন বাকী থাকোঁতে জাৰি কৰা সাধাৰণ প্ৰশাসন বিভাগৰ নিৰ্দেশক লৈ অকল কৰ্মচাৰী সমাজে বিমোৰত পৰা নাই আনকি কৰ্মচাৰীৰ মাহিলি দৰমহা প্ৰস্তুতৰ লগত জড়িত গাণনিক বিভাগ, কোষাগাৰ সমূহো দৰমহাৰ বিলৰ লগত জড়িত অনাকাংক্ষিত No dues certificate দাখিল বিষয়ক লৈ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে।

কাৰ্যনিৰ্বাহকসভাৰ সিদ্ধান্তমৰ্মে সমগ্ৰ বিষয়টোৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, শক্তি বিভাগৰ মন্ত্ৰী মহোদয়, বিত্ত মন্ত্ৰী মহোদয়া, মুখ্য সচিব মহোদয়ৰ হস্তক্ষেপেৰে অত্যন্ত গুৰুত্ব সহকাৰে পুনৰ বিবেচনা কৰি চৰকাৰী কৰ্মচাৰী সকলৰ

দৰমহাৰ লগত APDCLৰ অনাদায় বিদ্যুৎ মাচুল সাঙুৰি লোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তে APDCLৰ সংশ্লিট আইন আৰু বিধি অনুযায়ী অইন উপভোক্তাৰ লগতে চৰকাৰী কৰ্মচাৰী উপভোক্তা সকলৰ পৰাও অনাদায় বিদ্যুৎ মাচুল (যদিহে অনাদায় আছে) আদায় কৰাৰ ব্যৱস্থা কৰাৰ বাবেহে সংশ্লিষ্ট বিভাগ আৰু বিষয়াক নিৰ্দেশনা জাৰি কৰিবলৈ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাই স্মাৰক পত্ৰ দাখিল কৰে।

কৰ্মচাৰী সকলৰ দৰমহাৰ বাবে কৰ্মচাৰীয়ে APDCLৰ বিদ্যুৎ মাচুলৰ লগত সংগতি ৰখাকৈ যাতে কোনো certificate দাখিল কৰাৰ ব্যৱস্থাৰ সন্মুখীন হব নালগে তাৰ বাবে সংশ্লিষ্ট বিভাগ আৰু বিষয়াক নিৰ্দেশনা জাৰি কৰিবলৈও অনুৰোধ জনাই স্মাৰক পত্ৰ দাখিল কৰে।

APDCLৰঅনাদায় বিদ্যুৎ মাচুলৰ সকলো উপভোক্তাসকলৰ নাম আৰু অনাদায় মাচুল সম্পৰ্কে তথ্য ৰাজহুৱা কৰাৰ লগতে উক্ত অনাদায় মাচুলত কৰ্মচাৰী সমাজৰ কিমান শতাংশ টকা অনাদায় হৈ আছে তাৰ তথ্যও ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ সংশ্লিষ্ট বিষয়াক অনুৰোধ জনোৱাৰ বাবেও আজিৰ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰে।

সন্থাইসদায় আশাবাদী যে চৰকাৰখনে সন্থাৰ লগত আলাপ আলোচনাৰ জড়িয়তে কৰ্মচাৰী সমাজৰ সকলো সমস্যা, অভাৱ, অভিযোগ, দাবী, আপত্তিৰ ফলপ্ৰসূ সমাধানৰ বাট প্ৰশস্ত কৰি কৰ্মচাৰী সমাজৰ অভিভাৱক হিচাপে বৃহত্তৰ কৰ্মচাৰী সমাজক আস্বস্ত কৰিব বুলি অসম সচিবালয় সেৱা সন্থাৰ সভাপতি শ্ৰী প্ৰদীপ গগৈ আৰু সাধাৰণ সম্পাদক শ্ৰী পাৰ্থ হাজৰিকাই এই প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰে।