বিজেপিৰ বিশেষ সাংগঠনিক সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীস্থিত অসম প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ সাংগঠনিক বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। উজনিৰ চাৰি জিলাত সৃষ্টি হোৱা প্রলয়ংকৰী বানৰ পাছত জিলাকেইখনত বন্যার্তক সহায় কৰা আৰু সাংগঠনিক দিশসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত দলে কেনেধৰণে পদক্ষেপ ল’ব আৰু নগাঁও উপ-নির্বাচনত দলৰ ৰণকৌশল কি হ’ব তাক লৈও বিস্তৃত আলোচনা হয় এই বৈঠকত। ৰাজ্যিক নেতৃত্বৰ লগতে জিলা প্ৰভাৰী আৰু সমপ্ৰভাৰীৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত নৱনিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক মৃগাংক দেৱ বৰ্মনক মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে সম্বর্ধনা জনায়। বৈঠকৰ অন্তত সভাপতি দিলীপ শইকীয়াই বৈঠক সন্দর্ভত কয় যে উজনিৰ চাৰি জিলাৰ বান পৰিস্থিতিৰ পিছত চৰকাৰৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ সবিশেষ আজি মুখ্যমন্ত্রীয়ে দলীয় কাৰ্যকৰ্তাৰ আগত বিস্তৃতভাৱে প্রকাশ কৰে। বন্যাৰ্তৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ প্ৰকাশ কৰাৰ লগতে আগন্তুক সময়ছোৱাত চৰকাৰে গ্ৰহণ কৰিবলগীয়া বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা অৱগত কৰে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে যে উন্নয়নমূলক আঁচনিৰ ১০০ শতাংশ ৰূপায়ণৰ ক্ষেত্ৰত দলীয় কাৰ্যকৰ্তাই পূর্ণ সহযোগ তথা সক্রিয়তা দেখুৱাব লাগিব। ইফালে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰসংগতো মুখ্যমন্ত্রীয়ে দলীয় কাৰ্যকৰ্তাক এলানি পৰামৰ্শ আগবঢ়ায়। বিশেষকৈ নতুনকৈ সমষ্টি নিৰ্ধাৰণৰ পিছত নগাঁও লোকসভা সমষ্টি বিজেপিয়ে দখল কৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথা অৱগত কৰি এইক্ষেত্ৰত দলে ৰণকৌশল প্রস্তুত কৰি দলীয় কাৰ্যকৰ্তাক অৱগত কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। একেদৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো এই বৈঠকত মুখ্যমন্ত্ৰীয়ে বিভিন্ন দিশ উল্লেখ কৰে। ৰাজ্যিক নেতৃত্বই নিৰ্বাচনৰ প্ৰস্তুতি সম্পর্কে মুখ্যমন্ত্ৰীক দলৰ কাৰ্যসূচী অৱগত কৰে। এই বৈঠকতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ এলানি কাৰ্যসূচী দলে গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে সভাপতি দিলীপ শইকীয়াই।
