সিদ্ধার্থ শৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অন্যতম অভিযুক্ত সিদ্ধার্থ শর্মাই জনোৱা আবেদন খাৰিজ কৰিলে। অসমৰ বাহিৰৰ আন কোনো ৰাজ্যলৈ বিচাৰ প্ৰক্ৰিয়া স্থানান্তৰ কৰাৰ অনুৰোধ জনাই সিদ্ধার্থ শর্মাই দাখিল কৰা আবেদনত তীব্র অসন্তোষ ব্যক্ত কৰি দেশৰ শীৰ্ষ আদালতে এই নির্দেশ প্রদান কৰে। ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনক লৈ গঠিত খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি স্পষ্ট ভাষাৰে কয় যে এই পর্যায়ত গোচৰটো বহিঃৰাজ্যলৈ স্থানান্তৰ কৰাৰ কোনো প্রয়োজন তেওঁলোকে দেখা পোৱা নাই। ইয়াৰ উপৰি অসমৰ উচ্চ ন্যায়ালয় তথা ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত পূৰ্ণ আস্থা ৰাখিবলৈ আবেদনকাৰীক কঠোৰ বাৰ্তা প্ৰদান কৰে ন্যায়াধীশদ্বয়ে। উল্লেখ্য যে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চলি থকা তদন্ত তথা আইনী প্রক্রিয়াত সিদ্ধার্থ শৰ্মাৰ নাম অন্যতম প্রধান অভিযুক্ত হিচাপে সাঙোৰ খাইছে। নিজকে সুৰক্ষিত কৰাৰ উদ্দেশ্যে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও শীর্ষ আদালতৰ স্থিতিয়ে তেওঁৰ অন্তিম চেষ্টা ব্যর্থ কৰিলে। ন্যায়ালয়ৰ এই নির্দেশনাৰ লগে লগে এতিয়া জুবিন গাৰ্গ গোচৰৰ আইনী প্ৰক্ৰিয়া অসমৰ আদালতেই সম্পন্ন হোৱাৰ পথ সুগম হৈ পৰিল।

সিদ্ধার্থ শৰ্মাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চতম ন্যায়ালয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অন্যতম অভিযুক্ত সিদ্ধার্থ শর্মাই জনোৱা আবেদন খাৰিজ কৰিলে। অসমৰ বাহিৰৰ আন কোনো ৰাজ্যলৈ বিচাৰ প্ৰক্ৰিয়া স্থানান্তৰ কৰাৰ অনুৰোধ জনাই সিদ্ধার্থ শর্মাই দাখিল কৰা আবেদনত তীব্র অসন্তোষ ব্যক্ত কৰি দেশৰ শীৰ্ষ আদালতে এই নির্দেশ প্রদান কৰে। ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনক লৈ গঠিত খণ্ড বিচাৰপীঠে গোচৰটোৰ শুনানি গ্রহণ কৰি স্পষ্ট ভাষাৰে কয় যে এই পর্যায়ত গোচৰটো বহিঃৰাজ্যলৈ স্থানান্তৰ কৰাৰ কোনো প্রয়োজন তেওঁলোকে দেখা পোৱা নাই। ইয়াৰ উপৰি অসমৰ উচ্চ ন্যায়ালয় তথা ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত পূৰ্ণ আস্থা ৰাখিবলৈ আবেদনকাৰীক কঠোৰ বাৰ্তা প্ৰদান কৰে ন্যায়াধীশদ্বয়ে। উল্লেখ্য যে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ চলি থকা তদন্ত তথা আইনী প্রক্রিয়াত সিদ্ধার্থ শৰ্মাৰ নাম অন্যতম প্রধান অভিযুক্ত হিচাপে সাঙোৰ খাইছে। নিজকে সুৰক্ষিত কৰাৰ উদ্দেশ্যে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও শীর্ষ আদালতৰ স্থিতিয়ে তেওঁৰ অন্তিম চেষ্টা ব্যর্থ কৰিলে। ন্যায়ালয়ৰ এই নির্দেশনাৰ লগে লগে এতিয়া জুবিন গাৰ্গ গোচৰৰ আইনী প্ৰক্ৰিয়া অসমৰ আদালতেই সম্পন্ন হোৱাৰ পথ সুগম হৈ পৰিল।