মহানগৰীৰ হেঙেৰাবাৰীত নৱবিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত এগৰাকী নৱবিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত নৱবিবাহিত বোৱাৰীগৰাকীৰ নাম ৰিম্পী কলিতা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মাত্ৰ দুমাহ পূৰ্বে হীৰকজ্যোতি ডেকা নামৰ এজন যুৱকৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল ৰিম্পী কলিতাৰ। হেঙেৰাবাৰীৰ সংযোগ পথৰ হাউচ নম্বৰ ৯ত ভাড়াতীয়া হিচাপে আছিল দুয়ো। মঙলবাৰে নিশা স্বামী হীৰকজ্যোতি জুবিন ক্ষেত্ৰলৈ গৈছিল আৰু নিশা ঘৰলৈ উভতি অহাৰ পিছত পত্নীক মৃত অৱস্থাত প্রত্যক্ষ কৰে। পিছত স্থানীয় লোকে ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীক অৱগত কৰাত দিছপুৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে নিশাই স্বামী হীৰকজ্যোতি ডেকাক সোধা-পোছাৰ বাবে আটক কৰে। ইফালে মৃত ৰিম্পীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, এয়া আত্মহত্যাৰ ঘটনা নহয়, বৰং ৰিম্পীক স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰি ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে। মহিলাগৰাকীৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট থকা বুলি পৰিয়ালৰ লোকে দাবী কৰিছে। উল্লেখ্য যে হীৰকজ্যোতিৰ সৈতে বিবাহৰ পিছৰে পৰা ৰিম্পীৰ পৰিয়ালৰ সৈতে সম্পর্ক বিচ্ছিন্ন হৈ পৰিছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে। দুমাহ পূর্বে আইনী বিবাহ সম্পন্ন কৰাৰ পিছতে ভাৰাঘৰত এইদৰে ৰহস্যজনক অৱস্থাত ৰিল্পীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে ৰিম্পীৰ পৰিয়ালে স্বামী হীৰকজ্যোতি ডেকাৰ বিৰুদ্ধে হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ বিভিন্ন দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
