বিজেপিৰ পৱিত্ৰ গগৈ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত

pc- facebook

বিজেপিৰ পৱিত্ৰ গগৈ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত

ৰঙিলী বাৰ্ত্তাসেৱা– মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপি আৰু মিত্ৰজোঁটে দাবী কৰি অহাৰ দৰে কংগ্ৰেছৰ একাংশ বিধায়কৰ সমৰ্থন আৰু সহযোগিতাত ‘বিবেক ভোট’ত ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল বিজেপিৰ পৱিত্ৰ গগৈ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী।নিশা ভোটগণনাৰ অন্তত পবিত্র মাৰ্ঘেৰিটাই ৪৬টা ভোট লাভ কৰে। সেইদৰে ৰণগৌৰা নাৰ্জাৰীয়ে ৪৪টা ভোট লাভ কৰি বিজয়ী হয়। ইয়াৰ বিপৰীতে বিৰোধীৰ উমৈহতীয়া প্রার্থী কংগ্ৰেছৰ ৰিপুণ বৰাই ৩৫টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। এই নির্বাচনত ১টা ভোট বাতিল হয়। বাতিল হোৱা ভোটটো কংগ্ৰেছৰ ছিদ্দিক আহমেদৰ বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া এয়ে যে বিধানসভাত বিৰোধীৰ শক্তি অনুসৰি ৰিপুণ বৰাৰ পক্ষত ৪৩টা ভোট আছিল। সেই অনুসৰি ৰিপুণ বৰাৰ জয়লাভৰ সম্ভাৱনা আছিল যদিও ক্রছ ভোটিং তথা ভোট ভুল হোৱা বাবে ৰিপুণ বৰাই ৩৫টা ভোটহে লাভ কৰে এই নির্বাচনী ফলাফলৰ লগে লগে ৰাজ্যসভাত অসমৰ পৰা কংগ্ৰেছৰ প্ৰতিনিধিত্ব শূন্য হৈ পৰিল। দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ৯-১০টা ভোটৰ ব্যৱধানত বিজেপি আৰু মিত্ৰজোঁটৰ প্রার্থী জয়ী হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছিল। তেওঁ আনকি বিৰোধীৰ পৰা ৭টা ভোট মিত্ৰজোঁটে লাভ কৰাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কয় যে মন্ত্রী পীয়ুষ হাজৰিকা আৰু বিধায়ক দিগন্ত কলিতাই জনোৱা অনুসৰি তেওঁ এই কথা কৈছে।নিশা ভোটগণনাৰ অন্তত দেখা গ’ল- শাসকপক্ষই বিৰোধী শিবিৰৰ পৰা ৭টা ভোট লাভ কৰিছে। ইপিনে নির্বাচনী ফলাফল প্রকাশৰ পাছতেই বিজেপিৰ নিৰ্বাচনী এজেন্ট তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিৰ পবিত্ৰ মাৰ্ঘেৰিটাই ৪৬টা, ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰীয়ে ৪৪টা ভোট লাভ কৰি জয়ী হয়। ইয়াৰ বিপৰীতে নিপুণ বৰাই ৩৫টা ভোট লাভ কৰি পৰাজিত হয়। বিপুণ বৰাই প্ৰথম অৱস্থাত ৩৪টা ভোট লাভ কৰিছিল। এটা ভোট বিবদমান অৱস্থাত আছিল। অৱশ্যে পাছত নির্বাচন আয়োগে সেই ভোটটো বৈধ বুলি ঘোষণা কৰে আৰু মিত্রজোটেও এইক্ষেত্ৰত সহমত প্ৰকাশ কৰাত ৰিপুণ বৰাৰ ভোটৰ সংখ্যা ৩৫টালৈ বৃদ্ধি হয়।এই নির্বাচনত বিজেপি মিত্ৰজোঁটে বিৰোধীৰ পৰা ৭টা ভোট লাভ কৰিবলৈ সক্ষম হয়।