বিজেপিয়ে দৰিদ্ৰলোকৰ আশা-আকাংক্ষা পূৰণ কৰিছে: দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱসত অমিত শ্বাহ

pc twitter

বিজেপিয়ে দৰিদ্ৰলোকৰ আশা-আকাংক্ষা পূৰণ কৰিছে: দলৰ ৪২ তম প্ৰতিষ্ঠা দিৱসত অমিত শ্বাহ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) নেতা অমিত শ্বাহে দলীয় কৰ্মীসকলক ইয়াৰ ৪২ তম প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জ্ঞাপন কৰে তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) যাত্ৰা ৰাষ্ট্ৰীয় সেৱাৰ বিষয়ে আছিল আনহাতে দলটোৱে দৰিদ্ৰ, কৃষক, দলিত আৰু সাত দশক ধৰি বঞ্চনাৰ সন্মুখীন হোৱা মহিলাসকলৰ আশা-আকাংক্ষা পূৰণৰ বাবে কাম কৰিছে। টুইটযোগে অমিত শ্বাহে কয়, “দলৰ ৪২ সংখ্যক ‘স্থপনা দিৱস(প্ৰতিষ্ঠা দিৱস)’ত বিজেপিক বটগছ হিচাপে গঢ়ি তোলা সকলো মহান নেতাক অভিবাদন জনাইছো। নৰেন্দ্ৰ মোডী আৰু জে পি নাড্ডাৰ নেতৃত্বত বিজেপিয়ে জনসাধাৰণৰ কল্যাণ আৰু ৰাষ্ট্ৰৰ প্ৰগতিৰ সৈতে আগবাঢ়িছে। মই দলৰ সকলো কৰ্মীক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছো।”