বিগত বৰ্ষৰ তুলনাত ১৫.৪ শতাংশ জি এছ টি বৃদ্ধি

Pc The Times of India

বিগত বৰ্ষৰ তুলনাত ১৫.৪ শতাংশ জি এছ টি বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যসমাপ্ত জুলাই মাহত দেশত জি এছ টি সংগ্রহ ২.১১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। শনিবাৰে বিত্ত মন্ত্র্যালয়ে প্ৰকাশ কৰা তথ্যমতে বিগত বৰ্ষৰ জুলাই মাহৰ তুলনাত এই বৃদ্ধি ১৫.৪ শতাংশ। ২০২৫ চনৰ জুলাইত সংগৃহীত জি এছ টিৰ পৰিমাণ আছিল ১.৯৫ লাখ কোটি টকা। সদ্যসমাপ্ত জুলাই মাহত সংগৃহীত জি এছ টিৰ ভিতৰত চি জি এছ টি ৩৯,৮৩৫ কোটি টকা, এছ জি এছ টি ৪৭,৮৮১ কোটি টকা আৰু আই জি এছ টি ১.২৩ লাখ কোটি টকা। জি এছ টিৰ সংগ্ৰহ বৃদ্ধিয়ে স্পষ্ট কৰিছে আন্তঃৰাজ্যিক ব্যৱসায় আৰু আমদানি বৃদ্ধিৰ ঊর্ধ্বমুখী ধাৰাক। জুলাই মাহত জি এছ টি ৰিফাণ্ডৰ পৰিমাণ ২৯,৯৮৮ কোটি টকা।