৩৭ লাখৰো অধিক মহিলাই লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধন 

৩৭ লাখৰো অধিক মহিলাই লাভ কৰিলে অৰুণোদয় আঁচনিৰ ধন 

ৰঙিলী বাৰ্ত্তাসেৱা- বান-বিভীষিকাৰ মাজতে শনিবাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে অৰুণোদয় ৩.০ আঁচনি শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° শৰ্মাই এই আঁচনিৰ শুভাৰম্ভণি কৰে ৷ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে ৰাজ্যখনৰ ৩৭ লাখৰো অধিক মহিলা হিতাধিকাৰীৰ বেংক একাউন্টলে মাহিলী আর্থিক সাহায্য প্রেৰণ কৰা হয়। একে সময়তে ৰাজ্যজুৰি গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, গাঁও পৰিষদ উন্নয়ন সমিতি বা ভিচিডিচি, গাঁও উন্নয়ন সমিতি বা ভিডিচি আৰু এমএচিসমূহৰ অন্তৰ্গত ৩,৫০০ৰো অধিক স্থানত একেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশেষ মানবীয় পদক্ষেপ হিচাপে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত অৰুণোদয় হিতাধিকাৰীসকলক শেহতীয়া বানত হোৱা ক্ষতিৰ পৰা সামান্য সকাহ হিচাপে ২,৫০০ টকাকে বিশেষ আর্থিক সহায় আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, চলিত বৰ্ষৰ এপ্ৰিলত ৯ হাজাৰকৈ টকা প্ৰদান কৰা হৈছিল । আমাৰ চৰকাৰে আৰম্ভ কৰা অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই ৷ পৰিয়ালসমূহক আৰ্থিকভাৱে শক্তিশালী কৰাৰ লগতে এক নিৰ্ভৰযোগ্য আর্থ-সামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰ হৈছে । এতিয়াৰ পৰা প্ৰতিমাহে ৩৭ হাজাৰ মহিলাই নিয়মিতভাৱে এই আঁচনিৰ ধন লাভ কৰিব । তেওঁ লগতে কয়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত ৪ লাখ মহিলালৈ ২,৫০০ টকাকৈ আৰু বাকী জিলাৰ মহিলাসকললৈ ১১০০ টকাকৈ দিয়া হ’ব । বাকী জিলাৰ মহিলাসকলৰ পৰা ১৫০ টকাকৈ কৰ্তন কৰি বানপীড়িত জিলা চাৰিখনৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত মহিলাসকলক ২,৫০০ টকাকৈ প্ৰদান কৰা হৈছে । অৰুণোদয় আঁচনি যাতে কেৱল প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়,আমি হিতাধিকাৰীৰ সুবিধা আৰু পচন্দক অগ্ৰাধিকাৰ প্রদান কৰি অৰুণোদয়ৰ সমগ্ৰ ব্যৱস্থাটোক অধিক শক্তিশালী কৰিছো । কেৱল প্ৰকৃত হিতাধিকাৰীয়ে যাতে এই সুবিধা লাভ কৰে তাৰ বাবে আমি আধাৰভিত্তিক হিতাধিকাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছো ৷ প্ৰতিটো বিধানসভা সমষ্টিত বিশেষ অৰুণোদয় সাৰথি নিয়োজিত কৰা হ’ব ৷ যিয়ে হিতাধিকাৰীসকলক নামভৰ্তি, অভিযোগ নিষ্পত্তি আৰু প্ৰয়োজনীয় সকলো ধৰণৰ সহায় আগবঢ়াব । হিতাধিকাৰীলৈ বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়,হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয়ৰ প্ৰাপ্য ধনৰ বিপৰীতে সুদবিহীন ক্ষুদ্র ঋণ লাভ কৰিব পাৰিব । বৰ্তমান বছৰি সৰ্বাধিক সুদবিহীন ১৫,০০০ পৰ্যন্ত ঋণ ল’ব পাৰিব । ঋণ পৰিশোধ ভৱিষ্যতৰ মাহিলি অৰুণোদয়ৰ সহায়ৰ পৰা স্বয়ংক্ৰিয়ভাৱে সমন্বিত কৰা হ’ব । ইচ্ছুকসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তিও সহজে তেওঁলোকৰ মাহিলি অৰুণোদয়ৰ সহায়ৰ পৰা সমন্বিত কৰা হ’ব । অনুষ্ঠানত বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱায়ো ভাষণ প্রদান কৰে। অনুষ্ঠানত বিধায়ক দিল্লুৰঞ্জন শৰ্মা, প্রদ্যুৎ বৰদলৈ আৰু বিজয় গুপ্তা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কেইবাগৰাকীও জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বহুসংখ্যক হিতাধিকাৰী উপস্থিত থাকে।