কমনৱেলথ গেমছত সোণৰ পদক লাভ বক্সাৰ প্ৰীতি পাৱাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত মহিলাৰ ৫৪ কেজি শাখাৰ ফাইনেলত ভাৰতীয় বক্সাৰ প্ৰীতি পাৱাৰে সোণৰ পদক জয় কৰিছে। ফাইনেলত প্ৰীতি পাৱাৰে কানাডাৰ ডেলগাডো ছাভানাহক সহজেই পৰাস্ত কৰে। তিনিওটা ৰাউণ্ডতে প্রীতিয়ে নিজৰ আধিপত্য বজাই ৰাখে আৰু পাঁচগৰাকী বিচাৰকৰ আটাইকেইজনে প্ৰীতিৰ পক্ষত ৰায় দিয়ে। ২২ বছৰীয়া প্ৰীতিৰ বাবে এয়া কমনৱেলথ গেমছত প্রথমটো পদক। কমনৱেলথ গেমছত প্রীতিয়ে প্ৰতিগৰাকী প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে দর্শনীয় প্রদর্শন আগবঢ়াই সোণৰ পদক জয় কৰে। প্ৰথম ৰাউণ্ডতে তেওঁ মালাৱিৰ বক্সাৰক নকআউট কৰে। ইয়াৰ পিছত নর্দার্ন আয়াৰলেণ্ড আৰু জাম্বিয়াৰ প্ৰতিদ্বন্দ্বীকো একপক্ষীয়ভাৱে পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেলতো প্ৰথম ৰাউণ্ডৰ পৰাই কানাডাৰ বক্সাৰগৰাকীক নিজৰ পাঞ্চ প্ৰয়োগ কৰাৰ সুযোগ নিদিলে প্রীতিয়ে। বিশ্বৰ ৩ নম্বৰ বক্সাৰ প্ৰীতিয়ে এগৰাকী বিশ্ব চেম্পিয়নৰ দৰে আত্মবিশ্বাসী প্রদর্শন আগবঢ়ায়। ইয়াৰ পূৰ্বে তেওঁ ২০২৫ৰ ৱৰ্ল্ড বক্সিং কাপত সোণৰ পদক জয় কৰিছিল। প্রীতি পাৱাৰে কমনৱেলথ গেমছ ২০২৬ত ভাৰতক বক্সিঙৰ প্ৰথমটো পদক আনি দিয়ে। আনহাতে, জেচমিন লাম্বোৰিয়ায়ো সোণৰ পদক জয় কৰাত ভাৰতৰ মুঠ সোণৰ পদকৰ সংখ্যা ৭টালৈ বৃদ্ধি পাইছে। পদক তালিকাত ভাৰতৰ বৰ্তমান ৭টা সোণ, ১২টা ৰূপ আৰু ৬টা ব্ৰঞ্জসহ ষষ্ঠ স্থানত আছে। ২০২২ৰ এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰি প্ৰীতি পাৱাৰে প্ৰথমবাৰৰ বাবে বৃহৎ পৰ্যায়ত পৰিচিতি লাভকৰিছিল। ইয়াৰ উপৰি তেওঁ আণ্ডাৰ-২২ এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড বক্সিং কাপত সোণৰ পদক জয় কৰিছে।
