বানসমস্যাৰ পৰা স্থায়ী সমাধানৰ বাবে ড্ৰেজাৰ মেচিনৰ সহায়ত নদীৰ খনন কাৰ্য্যৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

p.c. Facebook

বানসমস্যাৰ পৰা স্থায়ী সমাধানৰ বাবে ড্ৰেজাৰ মেচিনৰ সহায়ত নদীৰ খনন কাৰ্য্যৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  বান সমস্যা সমাধানৰ ক্ষেত্ৰত এক ঐতিহাসিক দিন। অসমৰ ইতিহাসত পোনপ্ৰথম বাৰৰ বাবে শোণিতপুৰ জিলাৰ জীয়াভঁৰলী নদীৰ কাষৰীয়া অঞ্চলক বানসমস্যাৰ পৰা স্থায়ী সমাধান দিবৰ বাবে ড্ৰেজাৰ মেচিনৰ সহায়ত নদীৰ খনন কাৰ্য্যৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰী সপোন “বানমুক্ত অসম”ক সাকাৰৰূপ দিয়াৰ পৰিকল্পনাস্বৰূপে আৰম্ভ কৰা এই নদী খনন কাৰ্য্য সফল ৰূপায়ন হোৱাৰ পাছতেই জীয়াঢল নদী, কুণ্ডিল নদী, বেঁকী নদী, আই নদী আদি পাহাৰৰ পৰা নামি অহা নদীসমূহৰো খনন কাৰ্য্য অতি সোনকালে আৰম্ভ কৰা হব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই কয়। এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লব লোচন দাস, জ্যেষ্ঠ বিধায়ক ক্ৰমে পদ্ম হাজৰিকা, প্ৰশান্ত ফুকন , কৃষ্ণকমল তাঁতী, পৃথ্বীৰাজ ৰাভা , গণেশ লিম্বু , প্ৰমোদ বৰঠাকুৰ, বিজেপি অসম প্ৰদেশৰ উপসভাপতি অশোক ভট্টৰায়, বিজেপিৰ শোণিতপুৰ জিলাৰ সভাপতি বাতাছ ওৰাং ডাঙৰীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ মাননীয় উপায়ুক্তদ্বয় তথা জলসম্পদ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে।