ৰাষ্ট্ৰীয় ভােটাৰ দিৱসত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী-ভােটাৰসকলক উদ্দ্যেশি শপত বাক্য পাঠ 

ৰাষ্ট্ৰীয় ভােটাৰ দিৱসত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী -ভােটাৰসকলক উদ্দ্যেশি শপত বাক্য পাঠ 

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ দেশৰ লগতে অসমতাে আজিৰাষ্ট্ৰীয় ভােটাৰ দিৱস উদ্যাপন কৰা হয়। এই উদ্দ্যেশে গুৱাহাটীস্থিত প্রাগজ্যোতি আই টি এ কেন্দ্ৰত আয়ােজিত ৰাষ্ট্ৰীয় ভােটাৰ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। ৰাষ্ট্ৰীয় ভােটাৰ দিৱসত ৰাজ্যপালগৰাকীয়ে ভােটাৰ সকলক উদ্দ্যেশি দেশৰ প্ৰতিটো নির্বাচনতে নির্ভয়ে ধর্ম, বর্ণ, জাতি সম্প্রদায় বা যিকোনাে প্রলােভনৰ দ্বাৰা প্ৰভাৱিত নােহােৱাকৈ ভােটদান কৰিবলৈ শপত বাক্য পাঠ  কৰােৱায়। 

আজিৰ ৰাষ্ট্ৰীয় ভােটাৰ দিৱসৰ কাৰ্যসূচীতে উৎকৃষ্ট নির্বাচনী সেৱাৰ বার্ষিক ৰাজ্যিক বঁটা ২০২১ বিভিন্ন পর্যায়ত ২৭ জন ব্যাক্তিলৈ প্ৰদান কৰা হয়। উল্লেখযােগ্য যে তদানীন্তন অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া বিনােদ ছেচানক বিশেষ ৰাজ্যিক বঁটা প্ৰদান কৰে ৰাজ্যপাল জগদীশ মুখীয়ে। ছেচানৰ লগতে নৱজিত পাঠক, ড° হেমন্ত কুমাৰ নাথ আৰু ৰাবেয়া বেগমক এই বঁটা প্ৰদান কৰা হয়। অন্যহাতে ড° এম এছ লক্ষ্মী প্রিয়া, ৰশ্নি অপাৰঞ্জি, স্বপনীল পাল আৰু লখিমী দত্তক উৎকৃষ্ট জিলা নির্বাচনী বিষয়াৰ বঁটা প্ৰদান কৰা হয়। ইয়াৰােপৰি উৎকৃষ্ট নির্বাচনী পঞ্জীয়ন বিষয়া/ সহকাৰী নির্বাচনী পঞ্জীয়ন বিষয়াৰ শাখাত চাৰিজন ব্যাক্তিক আৰু ১৫ জন বুথ পর্যায়ৰ বিষয়াক উৎকৃষ্ট বুথ পর্যায়ৰ পঞ্জীয়ন বিষয়াৰ বঁটা প্রদান কৰা হয়। 

আজিৰ ৰাষ্ট্ৰীয় ভােটাৰ দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত মুখ্য নির্বাচনী বিষয়া প্রদীপ দলে, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কার্থিক এন উপস্থিত থাকে। অনুষ্ঠানত পঞ্জীকৃতনতুন ভােটাৰ সকলক নির্বাচনী  পৰিচয় পত্ৰ আৰু ভােটাৰ কিট বিতৰণ কৰা হয়।  অসম জনতা ভৱনতাে অতিৰিক্ত মুখ্য সচিবৰবি শংকৰ প্রসাদে ৰাষ্ট্ৰীয় ভােটাৰ দিৱস উপলক্ষে শপত বাক্য পাঠ কৰােৱায়।