ডিপ্ৰেছন আৰু যুৱ – প্ৰজন্ম – নাচিমা য়াচমিন

Pc Unsplash

ডিপ্ৰেছন আৰু যুৱ – প্ৰজন্ম 

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি

: আধুনিকতাৰ কোলাহলত হেৰাই যোৱা মনৰ নীৰৱ আৰ্তনাদ —

“মানুহে মানুহৰ বাহ্যিক হাঁহি মুখখনহে দেখে ; কিন্তু সেই মুখখনৰ আঁৰত কিমান যে অদৃশ্য যুদ্ধ চলি থাকে, তাৰ খবৰ কিমানজনে ৰাখে?”

বৰ্তমান সময় বিজ্ঞান, প্ৰযুক্তি আৰু আধুনিকতাৰ দ্ৰুত অগ্ৰগতিৰ সময়। পৃথিৱীখন যেন হাতৰ মুঠিত সোমাই পৰিছে। যোগাযোগৰ অভাৱ নাই, জ্ঞান আহৰণৰ পথৰ অভাৱ নাই, সুযোগৰো অভাৱ নাই। তথাপিও এই সকলোবোৰৰ মাজত মানুহৰ মন যেন ক্ৰমাৎ অধিক অস্থিৰ, নিঃসংগ আৰু ক্লান্ত হৈ পৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত মানসিক চাপ, উদ্বেগ আৰু ডিপ্ৰেছনৰ দৰে সমস্যাই এক গুৰুত্বপূৰ্ণ সামাজিক-মানসিক প্ৰশ্নৰ ৰূপ লৈছে।

ডিপ্ৰেছন কেৱল এদিন-দুদিনৰ মন বেয়া হোৱা ঘটনা নহয়। ই এনে এক জটিল মানসিক অৱস্থা, যিয়ে মানুহৰ চিন্তা, অনুভৱ, আগ্ৰহ আৰু দৈনন্দিন জীৱনযাত্ৰাত দীঘলীয়া সময় ধৰি প্ৰভাৱ পেলাব পাৰে। দুখৰ বিষয়টো হ’ল—এই যন্ত্ৰণা সদায় চকুৰে দেখা নাযায়। অনুভৱ কৰিব পৰা নাযায়। ইয়াৰ আঁৰত নানান কাৰণ থাকিব পাৰে। তাৰে কিছু কাৰণ অত্যন্ত ক্ষতিকাৰক। তাৰে কিছুমান কাৰণ তলত উল্লেখ কৰা হৈছে।

১। প্ৰতিযোগিতামূলক জীৱন আৰু সফলতাৰ অন্ধ দৌৰ

আজিৰ যুৱক-যুৱতীৰ জীৱন যেন এক অবিৰাম প্ৰতিযোগিতা। বিদ্যালয়ৰ ফলাফলৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা, চাকৰি, কেৰিয়াৰ, উপাৰ্জন—প্ৰতিটো স্তৰতে নিজকে প্ৰমাণ কৰাৰ এক অদৃশ্য চাপ।

“আনজন আগবাঢ়িছে, মই কিয় পৰা নাই?”

এই প্ৰশ্নটোৱে কেতিয়াবা আভ্যন্তৰীণ আত্মবিশ্বাসক লাহে লাহে ক্ষয় কৰে।  পৰীক্ষাত ব্যৰ্থতা, চাকৰি নোপোৱা বা নিজৰ লক্ষ্যত পলম হোৱা কথাই বহু সময়ত যুৱক যুৱতীক নিজৰ সামৰ্থ্যৰ ওপৰতে সন্দেহ কৰিবলৈ বাধ্য কৰে।

২। সামাজিক মাধ্যম আৰু তুলনাৰ মানসিকতা—

সামাজিক মাধ্যম আজিৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। কিন্তু ইয়াৰ আন এটা দিশো আছে—অবিৰত তুলনা। কোনোবাই নতুন গাড়ী এখন কিনিছে, কোনোবাই বিদেশত পঢ়িবলৈ গৈছে, কোনোবাই চাকৰি পাইছে, কোনোবাই সুখী জীৱনৰ ছবি প্ৰকাশ কৰিছে। এইবোৰ দেখি নিজৰ জীৱনটো  পিছ পৰি থকা যেন  অনুভৱ হ’বই পাৰে। কিন্তু আমি পাহৰি যাওঁ—

সামাজিক মাধ্যমত মানুহে সাধাৰণতে জীৱনৰ সম্পূৰ্ণ কাহিনী নেদেখুৱায়; দেখুৱায় কেৱল বাছি লোৱা কেইটামান সুন্দৰ পৃষ্ঠা। আনজনৰ সেই কেইটামান পৃষ্ঠাৰ সৈতে নিজৰ সম্পূৰ্ণ জীৱন তুলনা কৰাটো অত্যন্ত মূৰ্খামি। ই এক গভীৰ মানসিক ফান্দ।

৩। পৰিয়ালৰ আশা আৰু সামাজিক চাপ —

প্ৰতিগৰাকী পিতৃ-মাতৃয়ে সন্তানৰ এটি ভাল ভৱিষ্যৎ বিচাৰে। কিন্তু কেতিয়াবা ভালৰ বাবে কৰা অতিমাত্ৰা প্ৰত্যাশাই সন্তানৰ ওপৰত অদৃশ্য বোজা সৃষ্টি কৰে।

“ভাল নম্বৰ পাবই লাগিব।” “চাকৰি কেতিয়া পাবা?”   ” অমুকৰ সন্তান ইমান আগবাঢ়িল, তুমি কিয় নোৱাৰিলা?”-এনে কথাবোৰ বাৰে বাৰে শুনিলে এজন যুৱক / যুৱতীৰ মনত নিজৰ প্ৰতি অপৰ্যাপ্ততাৰ অনুভৱ জন্ম ল’ব পাৰে।

সন্তানক কেৱল সফলতাৰ সময়ত হাতত ধৰি থকাই নহয়, ব্যৰ্থতাৰ সময়তো কাষত থকাটোৱেই প্ৰকৃত অভিভাৱকত্ব।

৪। সম্পৰ্কৰ ভাঙন আৰু  অপ্ৰকাশিত অনুভূতি—

যুৱ জীৱনত বন্ধুত্ব, ভালপোৱাৰ সম্পৰ্কৰ বিশেষ ভূমিকা থাকে। কোনো সম্পৰ্কৰ ভাঙন, বিশ্বাসভংগ, অৱহেলা অথবা ভুল বুজাবুজিয়ে মনত গভীৰ প্ৰভাৱ পেলাব পাৰে। কিন্তু আমাৰ সমাজত বহু যুৱ প্ৰজন্মই নিজৰ অনুভূতি প্ৰকাশ কৰিবলৈ সংকোচ কৰে। তেওঁলোকে কান্দিব নোৱাৰে, ক’ব নোৱাৰে, আনকি নিজৰ ঘনিষ্ঠ মানুহৰ আগতো নিজৰ কষ্ট স্বীকাৰ কৰিবলৈ ভয় কৰে।ফলত নোকোৱা কথাবোৰেই কেতিয়াবা মনৰ ভিতৰত আটাইতকৈ ডাঙৰ বোজা হৈ পৰে।

৫। ভিৰৰ মাজতো একাকীত্ব —

আজিৰ প্ৰজন্মৰ হাতত যোগাযোগৰ মাধ্যম অগণন। তথাপিও বহু মানুহে অনুভৱ কৰে—“মোৰ কথা সঁচাকৈ শুনিব পৰা মানুহ এজনো নাই।” হাজাৰজন online friend থাকিব পাৰে, কিন্তু নিজৰ ভয়, ব্যৰ্থতা, হতাশা অথবা দুৰ্বলতাৰ কথা নিৰ্ভয়ে ক’ব পৰা মানুহৰ সংখ্যা অতি কম হ’ব পাৰে।সেয়েহে একাকীত্ব সদায় মানুহ নথকাৰ ফল নহয় ;কেতিয়াবা মানুহৰ মাজতো নিজকে অকলশৰীয়া অনুভৱ কৰাটোৱেই প্ৰকৃত একাকীত্ব।

৬। “মই ভালেই আছোঁ”— এটা কৃত্ৰিম হাঁহিৰ আঁৰত

ডিপ্ৰেছনৰ আটাইতকৈ কঠিন দিশসমূহৰ এটা হ’ল—ই সদায় বাহিৰৰ পৰা ধৰা নপৰে।যিজন মানুহে সকলোৰে সৈতে হাঁহি হাঁহি কথা পাতে, সকলোকে সহায় কৰে, সামাজিক মাধ্যমত সুখী ছবি প্ৰকাশ কৰে—তেওঁৰ মনৰ ভিতৰতো কষ্ট থাকিব পাৰে।সেয়েহে কাৰোবাৰ হাঁহিক দেখি তেওঁৰ জীৱনটো সম্পূৰ্ণ সুখী বুলি সিদ্ধান্ত লোৱাটো উচিত নহয়।কেতিয়াবা এটা “মই ঠিকেই আছোঁ” ৰ আঁৰত বহু নোকোৱা অনুভূতি লুকাই থাকে।

৭। ব্যৰ্থতাক জীৱনৰ অন্তিম সিদ্ধান্ত বুলি ভবা

যুৱ প্ৰজন্মৰ এটা ডাঙৰ ভুল হ’ল—এটি ব্যৰ্থতাক সমগ্ৰ জীৱনৰ ব্যৰ্থতা বুলি গণ্য কৰা। কোনো এটা পৰীক্ষাত কম নম্বৰ লাভ কৰা, এটা চাকৰিৰ interview-ত ব্যৰ্থতা, এটা relationship-ৰ সমাপ্তি বা কোনো এটা লক্ষ্য পূৰণ নোহোৱাই মানুহৰ সমগ্ৰ জীৱনৰ মূল্য নিৰ্ধাৰণ নকৰে।

ব্যৰ্থতা জীৱনৰ শেষ অধ্যায় নহয়; ই কেতিয়াবা নতুন অধ্যায়ৰ আৰম্ভণিও হয়। জীৱনৰ গতি সকলোৰে একে নহয়। কোনোবাই সোনকালে সফল হয়, কোনোবাই অলপ পলমকৈ। পলম হোৱা মানেই পৰাজিত হোৱা নহয়।

৮। ডিপ্ৰেছনক দুৰ্বলতা বুলি নাভাবোঁ —

মানসিক স্বাস্থ্যৰ বিষয়ে আমাৰ সমাজত এতিয়াও বহু ভুল ধাৰণা আছে। “বেছি ভাবিছে অথবা overthinking”, “নিজকে ব্যস্ত ৰাখিলেই সকলো ঠিক হৈ যাব ”, “এইবোৰ একো নহয় , সকলো attention পাবলৈ হে কৰিছে”—এনে মন্তব্যই সমস্যাটোক আৰু অধিক কঠিন কৰি তুলিব পাৰে। মানসিক কষ্টক উপহাস নকৰি বুজিবলৈ চেষ্টা কৰাটো অত্যন্ত প্ৰয়োজনীয়।

যদি কোনোবাই দীঘলীয়া সময় ধৰি গভীৰ মনমৰা ভাব, আশাহীনতা, আগ্ৰহ হ্ৰাস বা দৈনন্দিন জীৱনত অসুবিধা অনুভৱ কৰে, তেন্তে বিশ্বাসযোগ্য মানুহৰ সৈতে কথা পতা আৰু প্ৰয়োজন অনুসৰি মানসিক স্বাস্থ্য বিশেষজ্ঞৰ সহায় লোৱাটো একেবাৰে স্বাভাৱিক পদক্ষেপ।সহায় বিচৰাটো দুৰ্বলতাৰ চিন নহয়; বৰঞ্চ নিজৰ জীৱন আৰু সুস্থতাৰ প্ৰতি দায়িত্ববোধৰ চিন।

৯। সমাধান কেৱল যুৱ প্ৰজন্মৰ হাতত নাই—

ডিপ্ৰেছনৰ কথা ক’লে কেৱল যুৱক-যুৱতীক “strong হোৱা” বুলি ক’লেই সমস্যাৰ সমাধান নহয়। পৰিয়ালেও শুনিব লাগিব। বন্ধুৱেও বুজিব লাগিব। শিক্ষকে মানসিক চাপৰ কথাত গুৰুত্ব দিব লাগিব। সমাজে মানসিক স্বাস্থ্যক লৈ থকা কুসংস্কাৰ আঁতৰাব লাগিব।

হঠাৎ অস্বাভাৱিক আচৰণ কৰা মানুহক ইতিকিং নকৰি তেওঁক ভালদৰে সুধিব লাগে—“তুমি কিয় এনেকুৱা হৈ গৈছা দিনে দিনে? কিবা সমস্যা হৈছে যদি মোক ক’ব পাৰা,  মই শুনিম সকলো কোনো ধৰণৰ প্ৰশ্ন নকৰাকৈ। বিশ্বাস কৰিব পাৰা, বন্ধু ভাৱিব পাৰা। ”

 কেতিয়াবা আটাইতকৈ বেছি প্ৰয়োজনীয় প্ৰশ্নটো হ’ল—

“তুমি কেনে আছা? মনৰ পৰা সুখী আছানে তুমি? তোমাৰ হাঁহিৰ আঁৰত থকা বিষাদৰ কাৰণ কি? ”

১০। নিজৰ সৈতে অলপ কোমল হোৱা—

সফলতাৰ দৌৰত আমি প্ৰায়ে নিজৰ সৈতেই আটাইতকৈ কঠোৰ হৈ পৰোঁ।সকলো সময়তে perfect হ’ব লাগিব বুলি কোনো কথা নাই। কেতিয়াবা ভাগৰি পৰাটোও স্বাভাৱিক, পলম হোৱাটোও স্বাভাৱিক, ভুল কৰাটোও মানৱীয়। নিজৰ জীৱনৰ গতি আনৰ জীৱনৰ সৈতে তুলনা নকৰি নিজৰ পথটো বুজিবলৈ শিকাটোৱেই মানসিক শান্তিৰ এক গুৰুত্বপূৰ্ণ অংশ।

যুৱ প্ৰজন্ম দেশ এখনৰ কেৱল ভৱিষ্যৎ নহয়—তেওঁলোক আজিৰ সমাজৰো এক গুৰুত্বপূৰ্ণ অংশ। তেওঁলোকৰ হাতত সপোন আছে, সম্ভাৱনা আছে; কিন্তু সেই সপোনবোৰক জীয়াই ৰাখিবলৈ এটা সুস্থ মনৰো প্ৰয়োজন। ডিপ্ৰেছনক লুকুৱাই ৰখা, উপহাস কৰা বা উপেক্ষা কৰাতকৈ ইয়াৰ বিষয়ে মুকলিকৈ কথা পাতিব পৰা এখন সংবেদনশীল সমাজৰ প্ৰয়োজন।আমি এনে এখন সমাজ গঢ়িব লাগিব, য’ত এজন যুৱকে ব্যৰ্থ হ’লে নিজকে মূল্যহীন বুলি নাভাবে; সহায় বিচাৰিলে লাজ নাপায়; কান্দিলে দুৰ্বল বুলি গণ্য নহয় আৰু নিজৰ মনৰ কথাখিনি ক’বলৈ ভয় নকৰে।কাৰণ মানুহক সদায় ডাঙৰ ডাঙৰ উপদেশৰ প্ৰয়োজন নহয়।কেতিয়াবা মাত্ৰ এজন মন দি শুনা মানুহ,এটা বুজি পোৱা মন,আৰু এটা “মই আছোঁ, তুমি অকলশৰীয়া নহয়”—এইখিনিয়েই যথেষ্ট মূল্যৱান হৈ পৰে।

ডিপ্ৰেছনৰ বিৰুদ্ধে যুঁজ  কেৱল চিকিৎসাৰ নহয়; ই মানুহক মানুহ হিচাপে বুজি পোৱাৰ যুঁজ।