বানত প্ৰাণ হেৰুৱা মৃতকৰ আত্মীয়লৈ ৪ লাখকৈ সাহায্য দিব ৰাজ্য চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ বানবিধ্বস্ত তিনিখন জিলাৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত বিভিন্ন অঞ্চল ভ্ৰমণ কৰে । মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ জলপ্ৰলয়ত আক্ৰান্ত কেইবাটাও অঞ্চল ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে । আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা বানাক্ৰান্তসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ক্ষয়-ক্ষতি আৰু অভাৱ-অভিযোগৰ বুজ লয় । লগতে বিভিন্ন অঞ্চলত আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তসকলৰ সমস্যাসমূহ যিমান সম্ভৱ সোনকালে চৰকাৰে সমাধান কৰিব বুলিও আশ্বাস প্ৰদান কৰে । আনহাতে প্রলয়ংকৰী বানত যিসকল লোকে প্রাণ হেৰুৱালে তেওঁলোকৰ নিকটাত্মীয়ললৈ শীঘ্ৰে ৰাজ্য চৰকাৰে ৪ লাখ টকাকৈ আর্থিক সাহায্য আগবঢ়াব। সোণাৰিত এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে বানাক্রান্ত ৰাইজক ৰাজ্য চৰকাৰে যিমানখিনি পাৰে সকলোধৰণৰ সহায় আগবঢ়াব। বানে উটুৱাই নিয়া ঘৰ, পশুধন, ৰন্ধন বাচন-বৰ্তনকে ধৰি সকলো ধৰণৰ ক্ষতিৰ বাবে আর্থিক সাহায্য প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে বানাক্রান্তক প্রতিশ্রুতি দিয়ে। ইফালে, বানত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে স্থানীয় জিলা প্রশাসনে তৎকালীনভাবে এককালীন সাহায্য প্রদান কৰিছে। উল্লেখ্য যে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাত হোৱা ভয়াৱহ বানৰ প্ৰকৃত কাৰণ হিচাপে উন্মোচিত হোৱা নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ বিষয়টোক লৈ চুবুৰীয়া ৰাজ্যখনৰ সৈতে আলোচনা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়- বানৰ মূল কাৰণটো নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণ বা আন কিবা কাৰণত হৈছেনে নাই সেয়া এতিয়াই তৎক্ষণাত কৈ দিব পৰা নাযায়। কিন্তু নাগালেণ্ডৰ পৰা পানী নামি অহাটো নিশ্চিত। নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে পানী নামি আহিছেনে, পাহাৰ কটাৰ কাৰণে পানী আহিছে। এই গোটেই বিষয়টো নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব। নাগালেণ্ড চৰকাৰে ডাৱৰ বিস্ফোৰণ হোৱাৰ লগে লগে আমাক জনাইছিল যে এটা ডাঙৰ ডাৱৰ বিস্ফোৰণ হৈছে, গতিকে নামনিত আপোনালোক সাবধান হওক। কিন্তু ইয়াৰ বাবে এক-ডেৰ ঘণ্টা সময়হে পোৱা গৈছিল। ইমান কম সময়ৰ ভিতৰত জিলাকেইখনত সতর্কতা ল’ব পৰা নগ’ল।
