আজিৰে পৰা গ্লাছগোত কমনৱেলথ গেমছ

Pc The Indian Express

আজিৰে পৰা গ্লাছগোত কমনৱেলথ গেমছ

ৰঙিলী বাৰ্ত্তাসেৱা- গ্লাছগোত আজিৰে পৰা আৰম্ভ হ’ব কমনৱেলথ গেমছ ২০২৬। আজি ভাৰতে ল’নবলৰ জৰিয়েত প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব। ২ আগষ্টলৈ চলিবলগীয়া এই প্রতিযোগিতাখনত ভাৰতৰ মুঠ ১২৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে ৪৮ গৰাকী মহিলা খেলুৱৈ। ২০২২ চনৰ বার্মিংহাম কমনৱেলথ গেমছৰ তুলনাত এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ মহিলা খেলুৱৈৰ সংখ্যা ১০ শতাংশতকৈ অধিক হ্রাস পাইছে। ২০২২ চনৰ কমনৱেলথ গেমছৰ ভাৰতীয় দলটোত আছিল ২১৫গৰাকী খেলুৱৈ। ইয়াৰে ১০৬জন পুৰুষ আৰু ১০৪ গৰাকী মহিলা আছিল। আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই সন্মানীয় প্রতিযোগিতাখনত অভিযান আৰম্ভকৰাৰ পূৰ্বে বিপদত পৰিছে ভাৰতীয় বক্সিং দলটো। গ্লাছগোত উপস্থিত হোৱাৰ লগে লগে বক্সাৰসকলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। মঙলবাৰে গ্লাছগোত উপস্থিত হোৱাৰ সময়ত দলটোৰ প্ৰায় আধা বয়বস্তু উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত এৰি থৈ যোৱা বুলি জানিব পৰা গৈছে। ২২জনীয়া ভাৰতীয় বক্সিং দলটোৱে প্রস্তুতি শিবিৰ সম্পূৰ্ণ কৰি বেলফাষ্টৰ পৰা গ্লাছগোত উপস্থিত হয়। অৱশ্যে সাক্ষী চৌধুৰী, বিশ্ব চেম্পিয়ন জেছমিন লেম্বৰিয়া, পাৰবিন হুদা, যদুমণি সিং, কপিল পোখাৰিয়া আৰু পুৰুষ দলটোৰ মুখ্য প্রশিক্ষক চি কুট্টপ্পাকে ধৰি কেইবাজনো সদস্যৰ বয়বস্তু বিমানখনত তুলিব পৰা নাছিল। দলীয় সূত্র মতে বেলফাষ্ট-গ্লাছগো পথত বিমানখনৰ আকাৰ সৰু হোৱাৰ বাবে সকলো বয়বস্তু একেলগে কঢ়িয়াই নিব পৰা নাছিল। আজি অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত পৰিধান কৰিবলগীয়া আনুষ্ঠানিক সাজ-পোছাকৰ লগতে প্ৰশিক্ষণৰ সা-সঁজুলিও বেগসমূহত আছিল। ফলত ভাৰতীয় বক্সাৰসকল বিপদত পৰিছে। শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব বক্সিং ইভেন্ট। ইয়াৰ পূৰ্বে তেওঁলোকৰ সকলো বয়বস্তু গ্লাছগোত সোনকালে উপস্থিত হ’ব বুলি দলটোৱে আশা কৰিছে।  ২০২২ চনত বার্মিংহাম কমনৱেলথ গেমছত ১৯বিধ খেল অনুষ্ঠিত হৈছিল। কিন্তু এইবাৰ মাত্র ১০ বিধ খেলহে অনুষ্ঠিত হ’ব। শ্বুটিং, টেবুল  টেনিছ, বেডমিন্টন, ক্রিকেট আৰু হকীৰ দৰে খেল এইবাৰ বাতিল হোৱাত ভাৰতৰ পদকৰ সংখ্যা হ্রাস পাব পাৰে। বার্মিংহামত ২২টা স্বর্ণসহ ৬১টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছিল ভাৰত। এইবাৰ ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ থাকিব অলিম্পিকত দুটাকৈ পদক জয়ী জেভেলিন থ্র’ৱাৰ নীৰজ চোপ্ৰা, অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ী তাৰকা মহিলা বক্সাৰ অসমকন্যা লাভলীনা বৰগোহাঁই আৰু অলিম্পিকত ৰূপৰ পদক জয়ী তাৰকা মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৰ ওপৰত। ইপিনে, এইবাৰৰ কমনৱেলথ গেমছৰ বাবে দেশৰ খেলুৱৈসকলৰ প্ৰস্তুতিৰ বাবে ধন ব্যয় কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। এই প্রস্তুতিৰ বাবে ভাৰত চৰকাৰে ৫৩ কোটি টকা আগবঢ়াইছে। ইয়াৰে ২০ কোটি টকা ক্রীড়াবিদসকলৰ বাবে ব্যয় কৰা হৈছে। খেলুৱৈসকলে আমেৰিকা ক’লৰাডো, ছুইজাৰলেণ্ড, দক্ষিণ আফ্রিকা আৰু তুৰস্কৰ শ্ৰেষ্ঠ একাডেমীলৈ গৈ নিজৰ অনুশীলন কৰিছে। বক্সাৰসকলে লাভ কৰিছে ১০ কোটি টকা। উল্লেখ্য যে এইবাৰৰ কমনৱেলথ গেমছত ৭৪খন দেশৰ প্ৰায় তিনি হাজাৰ এথলীটে অংশগ্ৰহণ কৰিব।