বানত ক্ষতিগ্রস্ত বাহনৰ দিয়া হ’ব ইন্সুৰেঞ্চঃমুখ্যমন্ত্ৰী

বানত ক্ষতিগ্রস্ত বাহনৰ দিয়া হ’ব ইন্সুৰেঞ্চঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ ৪  জিলাৰ শেহতীয়া বানত যিসমূহ বাহন নষ্ট হৈছে, সেই বাহনসমূহৰ বিপৰীতে ইন্সুৰেঞ্চ দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত এক সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয়- বানত আক্রান্ত ৪ জিলাৰ বহু লোকৰ চাৰিচকীয়া, দুচকীয়া বাহনৰ ব্যাপক ক্ষতি হৈছে। অহা ৫ আগষ্টত ৰাজ্য চৰকাৰে বীমা কোম্পানীসমূহৰ লগত এক বৈঠকত বহিব। ইতিমধ্যে ঋণৰ ইএমআইৰ ক্ষেত্ৰত কালি বেংকসমূহৰ সৈতে যিধৰণে বৈঠক অনুষ্ঠিত হ’ল, সেই একেইধৰণে বীমা কোম্পানীসমূহৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব। যাতে বানত ক্ষতিগ্রস্ত হোৱা বাহনৰ বিপৰীতে তেওঁলোকে ইসুৰেঞ্চ লাভ কৰে। বীমা কোম্পানীসমূহে ক্ষতি হোৱা বাহনৰ ইলুৰেঞ্চ দিয়াৰ ক্ষেত্ৰত যাতে কোনো গাফিলতি নকৰে, খৰটকীয়া হয় সেই দিশটোক সন্মুখত ৰাখি এই বৈঠকখন অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে এই সন্দৰ্ভত অনাবেংকিং বিত্তীয় সংস্থা (এনবিএফচি) ৰ সৈতেও অনুৰূপ বৈঠক অনুষ্ঠিত হ’ব। চাৰিচকীয়া, দুচকীয়া বাহনৰ লগতে বহু লোকৰ আন সামগ্ৰীৰ ওপৰতো বীমা আছে। বহুলোকে পোহনীয়া গৰু-ম’হৰ ওপৰত বীমা কৰিছে, জীৱন বীমা কৰিছে এই বীমাসমূহো যাতে সোনকালে লাভ কৰে, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বীমাৰ দাবীসমূহ যাতে কোম্পানীসমূহে সোনকালে নিষ্পত্তি কৰে, তাৰ ব্যৱস্থা ল’বলৈ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রীয়ে কয়-কালি বেংকসমূহৰ লগত হোৱা আলোচনাৰ জৰিয়তে বানত আক্ৰান্ত হোৱা লোকৰ যি ঋণ আছে, সেই ঋণৰ ছমাহৰ ম’ৰেট ‘ৰিয়াম ঘোষণা কৰা হৈছে। তদুপৰি ঋণ ঘূৰাই দিয়াৰ যি সীমা, সেয়াও বৃদ্ধি কৰা হৈছে।