৯ আগষ্টৰ পৰা বিদ্যালয় খোলাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উজনিৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বান পৰিস্থিতিকলৈ শুকুৰবাৰে কেবিনেটত বিশদ আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । যোৱা ১৯ জুলাইত শিৱসাগৰ-চৰাইদেউ-যোৰহাট আৰু গোলাঘাট জিলালৈ নামি অহা বানৰ বিভীষিকাই ইতিমধ্যে থানবান কৰি পেলাইছে জিলা চাৰিখনৰ আন্তঃগাঁথনি। এতিয়াও একাঁঠু বোকাত পোত গৈ আছে ঘৰ-বিদ্যালয়- পথকে ধৰি বিভিন্ন অঞ্চল। এনে দুর্যোগপূর্ণ অৱস্থাৰ পৰা ৰাইজক উদ্ধাৰৰ বাবে পৰিকল্পনা প্রস্তুত কৰি তুলিছে চৰকাৰে। হা-হুমুনিয়াহেৰে জীৱন পাৰ কৰা বানাক্ৰান্তসকলকলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- নতুন ৰূপত সজাই তোলা হ’ব উজনিৰ ৪ জিলা। লোকসেৱা ভৱনত ৪ জিলাৰ আন্তঃগাঁথনি উন্নয়নক লৈ বিস্তৃত তথ্য সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- বানাক্রান্তক আমি বিভিন্ন ধৰণে সহায় কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এইক্ষেত্রত চলি আছে বহু চিন্তা। মই নেতিবাচক চিন্তাৰে কেতিয়াও পিছপৰি নাযাওঁ। প্রতিটো দুর্যোগক আমি সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে আঁচনি আৰম্ভ কৰিছোঁ। শিৱসাগৰ-চৰাইদেউত বহু নোহোৱা কাম এই বানৰ পিছত সম্পূৰ্ণ হৈ উঠিব। অহা ২-৩ মাহৰ পিছত শিৱসাগৰ-চৰাইদেউ জিলা চৰকাৰে আগতকৈ বেছি ধুনীয়াকৈ সজাই তুলিব। উল্লেখ্য যে দুর্যোগে সৃষ্টি কৰা প্ৰত্যাহ্বান নেওচিবলৈ ৰাজ্য চৰকাৰে ভাগে ভাগে প্রস্তুত কৰিছে বিশেষ পৰিকল্পনা। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ৰাজ্য চৰকাৰে ইতিমধ্যে যি ১৫ হাজাৰ টকা সাহায্য হিচাপে ঘোষণা কৰা হৈছিল, সেই ধনৰাশি অহা দুদিনত এই ধন বানাক্রান্তই লাভ কৰিব। আনহাতে ১ ছেপ্টেম্বৰৰ পৰা বানপীড়িত ৪ জিলাৰ পথ, মথাউৰি আৰু আন আন্তঃগাঁথনিসমূহ উন্নয়নৰ বাবে মিছন মুডত চৰকাৰে কাম কৰিব। ইয়াৰ বাবে যথেষ্ট পুঁজিৰ প্ৰয়োজন হ’ব। সেয়েহে দ্বিতীয় পৰ্যায়ত আন্তঃগাঁথনিৰ কামত গুৰুত্ব আৰোপ কৰি প্ৰথম পৰ্যায়ত বানপীড়িতসকলক নিজ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এই লক্ষ্যৰে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে দুটা বিশেষ অর্থনৈতিক পেকেজ ঘোষণা কৰা হ’ব। ছেপ্টেম্বৰ মাহত ইয়াৰ বাবে গ্ৰহণ কৰা হ’ব দীর্ঘম্যাদী আঁচনি। ভিজি-বিজি ৰামজী আঁচনিৰ জৰিয়তে ১০০ দিনৰ বাবে যাতে কাম লাভ কৰে, এই দিশত ছেপ্টেম্বৰ মাহত গুৰুত্ব দিয়া হ’ব। আগষ্ট মাহত চৰকাৰৰ মূল লক্ষ্য হ’ব- কেনেকৈ পৰিয়ালসমূহক ঘৰলৈ ঘূৰাই পঠিয়াব পৰা যায়। ইফালে অহা ৯ আগষ্টৰ পৰা বিদ্যালয়সমূহ খোলাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- শিৱসাগৰ জিলাত প্রায় ৫৫০খন বিদ্যালয় ক্ষতিগ্রস্ত হৈছে, চৰাইদেউ জিলাতো বহু বিদ্যালয় ক্ষতিগ্রস্ত হৈছে। এই বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা বোকাৰে পোত গৈছে। সেয়েহে বিদ্যালয়সমূহৰ মেৰামতিৰ বাবে চৰকাৰে ২-৩ লাখ টকা প্রদান কৰিব। ইয়াৰ বাবে জৰীপ চলি থকা হৈছে। অহা ৫-৬ আগষ্টৰ ভিতৰত বিদ্যালয়সমূহে এই ধনৰাশি লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰৰ লক্ষ্য- ৯ আগষ্টৰ পৰা যাতে বিদ্যালয়ত পাঠদান আৰম্ভ হয়। তাৰ আগলৈ বিদ্যালয়সমূহলৈ পুঁজি বিতৰণ প্ৰক্ৰিয়া সম্পূর্ণ কৰা হ’ব। শিক্ষা বিভাগে নিয়ম অনুসৰি এই পুঁজি প্ৰদান কৰিব। যিসমূহ বিদ্যালয় এই নিয়মৰ অধীনত নাহে, সেই বিদ্যালয়সমূহকো আর্থিকভাৱে সকাহ প্রদান কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়- বানপীড়িত জিলাকেইখনৰ প্রশাসন, ৰাজ্য চৰকাৰ আৰু ৰাজহ বিভাগৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হৈছে যে ৭ আগষ্টৰ পৰা বানাক্রান্ত জিলাকেইখনত এক স্থায়ী জৰীপ আৰম্ভ কৰা হ’ব। ইয়াৰ জৰিয়তে কিমান ঘৰ ক্ষতি হ’ল, ঘৰসমূহ স্থায়ীভাৱে ক্ষতি হৈছে নে আংশিকভাৱে ক্ষতি হৈছে, পশুধনৰ মৃত্যু বা আন আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত চৰকাৰে মিছন মুদত আগবাঢ়ি অহা ১০-১৫ দিনত এই জৰীপ সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ পূৰ্বে মই নিজে জিলা দুখনত উপস্থিত হৈ জৰীপৰ ক্ষেত্ৰত প্ৰদান কৰিবলগীয়া নীতি-নির্দেশনাসমূহ দিয়া হ’ব। এই জৰীপৰ পিছতেই আগষ্ট মাহৰ ভিতৰত পৰিয়ালসমূহৰ যিধৰণৰ ক্ষয়-ক্ষতি হৈছে সেই ধৰণে তেওঁলোকক আর্থিক সাহায্য যাতে প্ৰদান কৰিব পৰা যায়, তাৰ ব্যৱস্থা কৰা হ’ব। ইফালে আজি ৰাজ্যিক কেবিনেটে বানক্রান্ত শিক্ষার্থীসকলৰ বাবে এক বিশেষ সিদ্ধান্ত গ্রহণ কৰি জিলাকেইখনৰ শিক্ষাৰ্থীসকলৰ পুনৰ ইউনিফম যোগানৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা সমগ্র শিক্ষা অভিযানলৈ ৮ কোটি মোকলাই দিয়াত অনুমোদন জনায়। আনহাতে এই জিলাকেইখনৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথি প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। তদুপৰি বানত ক্ষতিগ্রস্ত ছাত্র-ছাত্রীসকলৰ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।
