প্ৰধানমন্ত্ৰীৰ বানাক্ৰান্ত অঞ্চল ভ্ৰমণৰ চর্চাক লৈ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে দিছপুৰত কেবিনেট বৈঠকৰ পাছত সম্বোধন কৰা সংবাদমেলত উজনিৰ চাৰি জিলাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ প্ৰধানমন্ত্রী নহাৰ প্ৰসংগত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বিভিন্ন দল তথা ছাত্র সংগঠনে প্ৰধানমন্ত্রী অসমলৈ নহাক লৈ ব্যক্ত কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত সংবাদ মাধ্যমক মুখ্যমন্ত্রীয়ে কয়, বিতৰ্ক কৰিব পাৰে । কালি ৰাজ্যপাল যোৱাৰ পাছত বহুলোকে সমালোচনা কৰিছে যে ডিচি ৰাজ্যপালৰ লগত ব্যস্ত হৈ থাকিবলগীয়া হৈছে । এইখিনি সময়ত হাইপ্ৰফাইল ভ্ৰমণৰ বিপৰীতে প্ৰধানমন্ত্রীয়ে আমাক সকলো প্ৰকাৰে সহায় কৰি আছে । তেওঁ কয়, প্ৰধানমন্ত্রীয়ে মোক সাহস আৰু শক্তি প্ৰদান কৰিছে, বানত সকলোধৰণৰ সহায় আগবঢ়াবলৈ । আমি অবিৰতভাৱে প্ৰধানমন্ত্রীৰ সংযোগত আছোঁ । এইখিনি সময়ত প্ৰধানমন্ত্রী আহিলে সাহায্য প্ৰক্ৰিয়াত সহায় হ’ব জানো ? মই নিজেই সাত-আঠদিন ধৰি যোৱা নাই । মই গ’লেও বহু লোক ব্যস্ত হৈ পৰিব । ফলত সমালোচনা কৰিব । মুখ্যমন্ত্রীয়ে লগতে কয়, প্রধানমন্ত্রীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণ কৰিলে জিলা প্রশাসনে তিনিদিন আগৰ পৰাই ব্যস্ত হৈ যাব লাগিব। এইক্ষেত্রত বানপীড়িতসকলক সাহায্য আৰু পুনৰ উদ্ধাৰৰ বাবে অসুবিধাৰহে সৃষ্টি কৰিব। প্রধানমন্ত্রী সদায়ে মোৰ লগত সম্পৰ্কত আছে। বেংকৰ ঋণ ৰেহাইৰ পৰা, ইন্সুৰেঞ্চৰ পৰা যিমানবোৰ ঘোষণা কৰা হৈছে, প্রধানমন্ত্রীয়ে সাহস নিদিলে মই একোৱেই কৰিব নোৱাৰিলোঁ হয়। গতিকে প্রধানমন্ত্রীয়ে এই সকলোবোৰ ক্ষেত্ৰত মোক কর্তৃত্ব দিছে যে তুমি কৰি গৈ থাকা। যেতিয়াই তেওঁ অহাৰ এক পৰিৱেশ সৃষ্টি হ’ব, তেওঁ নিশ্চয় আহিব। অসমক প্রধানমন্ত্রীয়ে কেতিয়াও বিপদত পৰিব নিদিয়ে। সেই বিশ্বাস অসমৰ মানুহে ৰখা উচিত। প্ৰধানমন্ত্ৰীৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ। এইক্ষেত্রত কোনো ত্রুটি হোৱা নাই, যদি ত্রুটি হ’লহেঁতেন তেন্তে ৰাস্তা-ঘাট বনোৱাৰ ক্ষেত্ৰত আমাক হাজাৰ কোটি টকা লাগিব। প্ৰধানমন্ত্ৰীৰ সাহসতেই এই আন্তঃগাঁথনিৰ নিৰ্মাণৰ কথাবোৰ কৈ আছোঁ।
