অসম সংকুচিত জৈৱ গেছ নীতি-২০২৬ত অনুমোদন ৰাজ্যিক কেবিনেটৰ

অসম সংকুচিত জৈৱ গেছ নীতি-২০২৬ত অনুমোদন ৰাজ্যিক কেবিনেটৰ

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই  ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। বৈঠকৰ পাছতে সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্রী ড°  হিমন্ত বিশ্ব শৰ্মাই । কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰকাশ কৰা অনুসৰি কেবিনেটে ৰাজ্যখনৰ জৈৱিক আৱৰ্জনাক স্বচ্ছ শক্তিলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এক বিস্তৃত নীতি হিচাপে ৰাষ্ট্ৰীয় ম’ডেল ৰাজ্যিক সংকুচিত জৈৱ গেছ (চিডিজি) নীতিৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা অসম সংকুচিত জৈৱ গেছ নীতি ২০২৬ত অনুমোদন জনায়। উদ্যোগ আৰু বাণিজ্য আযুক্তালয় এই নীতিৰ ৰাজ্যিক ন’ডেল সংস্থা হিচাপে দায়িত্ব সম্পাদন কৰিব। আয়ুক্তালয়ে এই নীতি অধিসূচিত কৰাৰ লগতে নির্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে ছিংগল উইণ্ড’ প’ৰ্টেল পৰিচালনা কৰিব। এই নীতিত সামৰি লোৱা সুবিধা অনুসৰি- স্থাপন কৰা প্ৰতি টন দৈনিক উৎপাদন ক্ষমতাসম্পন্ন প্ৰকল্পৰ বিপৰীতে ৫০ লাখ টকাৰ মূলধনী ৰাজসাহায্য প্রদান কৰা হ’ব। অৱশ্যে প্রতিটো প্ৰকল্পৰ ক্ষেত্ৰত এই ৰাজসাহায্য সর্বাধিক ২০ কোটি টকালৈ সীমাবদ্ধ থাকিব। তদুপৰি বিদ্যুৎ মাচুলৰ ক্ষেত্ৰত ৫ বছৰৰ বাবে প্রতি ইউনিটত ২টা সাহায্য প্রদান কৰা হ’ব। আনহাতে ভূমি সাহায্য ব্যৱস্থাৰ অন্তৰ্গত ভূমি বেংকৰ জৰিয়তে ভূমি আবণ্টন, চৰকাৰী ভূমি ৰেহাই মূল্যত লীজ প্রদান, পঞ্চায়ত ভূমি লীজৰ সুবিধা প্রদান, ষ্টাম্প শুল্ক, পঞ্জীয়ন মাচুল আৰু ভূমি ৰূপান্তৰ মাচুলৰ পৰা ৰেহাই প্ৰদান কৰা হ’ব। ইফালে বিত্তীয় সাহায্য ব্যৱস্থাৰ অধীনত ৫ বছৰৰ বাবে মুঠ এছজিএছটিৰ সৰ্বাধিক এশ শতাংশপর্যন্ত ঘূৰাই দিয়া আৰু ম্যাদী ঋণৰ ওপৰত সুতৰ ৰাজসাহায্য প্রদান কৰা হ’ব। জৈৱ পদার্থ সংগ্ৰহৰ যন্ত্রপাতি আৰু প্ৰদূষণ নিয়ন্ত্রণ সঁজুলিৰ বাবে ৰাজসাহায্য তথা পেটেন্ট-ট্রেড মার্ক পঞ্জীয়নৰ ব্যয় ঘূৰাই দিয়া আৰু নিয়োগ ভিত্তিত উদগনি প্রদান কৰা হ’ব। ৰাজ্যিক কেবিনেটে আজি অসম পশুপালন আৰু পশু চিকিৎসা অধীনস্থ সেৱা (সংশোধনী) বিধি-২০২৬ত অনুমোদন জনায়। এই সংশোধনীৰ জৰিয়তে পশু চিকিৎসা ক্ষেত্র সহায়কসকলৰ নিযুক্তি আৰু সেৱাৰ চৰ্তসমূহৰ স্বচ্ছতা, মেধাভিত্তিক বাছনি আৰু সমৰূপতা নিশ্চিত কৰা হ’ব। কেবিনেটে আজি কেন্দ্রীয় চৰকাৰৰ চৰকাৰী অনুমোদিত পৰীক্ষা কেন্দ্ৰ (জিএটিচি) বিধিৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা অসম আইনী পৰিমাপ বিদ্যা (চৰকাৰী অনুমোদিত পৰীক্ষা কেন্দ্ৰ) বিধি ২০২৬ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে সামগ্রী প্রস্তুতকাৰীসকলে ৰাজ্যিক জিএটিচিৰ মাধ্যমেৰে স্ব-প্রমাণীকৰণ আৰু ওজন, জোখ-মাপৰ সঁজুলিৰ তৃতীয় পক্ষৰ দ্বাৰা প্ৰমাণিকৰণৰ ব্যৱস্থা কাৰ্যকৰী কৰিব পাৰিব। কেবিনেটে আজি অসম বন নিয়মাৱলী ১৮৯১ৰ বিধি অনুসৰি গোৱালপাৰা জিলাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল আৰু থৰকো নলবাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচনা কৰিবলৈ অনুমোদন জনায়।