বাঁহবাৰীটিং গাঁৱত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন সভা সম্পন্ন

বাঁহবাৰীটিং গাঁৱত কৃতী শিক্ষাৰ্থীৰ অভিনন্দন সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলাৰ ঐতিহাসিক কালুগাঁও অঞ্চলৰ অন্তুৰ্গত বাঁহবাৰীটিং গাঁৱত যোৱা ১৯ জুলাইত এখনি অভিনন্দন সভা সম্পন্ন হয়।গাঁওখনৰ বিশিষ্ট সমাজপ্ৰাণ ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক দম্পত্তি খগেন্দ্ৰনাথ বড়া আৰু কুসুম বড়াৰ মহান উদ্যোগত আৰু তেখেতসকলৰ নিজা গৃহত অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক তথা লেখক তৰুণ চন্দ্ৰ নাথে।গাঁওখনৰ চাৰিজন উদীয়মান শিল্পী ক্ৰমে অংশুমান দত্ত,অভিজ্ঞান দত্ত,অভিনৱ দত্ত আৰু জ্যোতিৰাজ দত্তই অপূৰ্ব সুৰ-সমলয়ৰে শুভাৰম্ভ কৰা মনোজ্ঞ সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুসূম বড়াই।সভাখনিত গৌৰীসাগৰ ব্লকৰ সভাপতি গুণৱতী গগৈ,নদী সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ সঞ্চালক মৌচুমী সন্দিকৈ,বৰুৱাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জন দত্ত,যুৱ-সমাজকৰ্মী পলাশ মোহন বৰুৱা আৰু আদৰ্শ শিক্ষয়িত্ৰী তথা শলগুৰি মুকুল সাহিত্য সভাৰ সম্পাদক মেঘালী গগৈ কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাৰ্থী আৰু সমবেত সুধী সমাজক  উদ্দেশ্যধৰ্মী সাৰগৰ্ভ বক্তব্যৰে উপকৃত কৰে।

তদুপৰি অৱসৰপ্ৰাপ্ত বৰ্ষীয়ান শিক্ষাগুৰু খগেন্দ্ৰনাথ বড়া,বিশিষ্ট সমাজকৰ্মী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পংকজ কুমাৰ দাস,কবি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰাণ প্ৰতিমা বড়া আৰু জ্যোতিষী দত্তৰ প্ৰাণস্পৰ্শী বক্তব্যই আটাইকে একপ্ৰকাৰ আৱেগিক কৰি তোলে।কবি-সমাজকৰ্মী সাগৰ বৰঠাকুৰ,যুৱ সমাজকৰ্মী প্ৰাণ প্ৰতিম বড়াৰ উপৰি অঞ্চলটিৰ ভালেসংখ্যক গুণী-জ্ঞানী ব্যক্তি আৰু শিক্ষাৰ্থীৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰা সভাখনিত অংকিতা দত্তই এটি বৰগীত,আৰাধ্যা দত্তই এটি সৃষ্টিশীল নৃত্য পৰিৱেশন কৰাৰ লগতে নিয়ৰকণা দাস,মুনমুণি দত্ত,আদিত্ৰী বড়া,ভাগ্যশ্ৰী দত্ত আৰু মৌচুমী সন্দিকৈয়ে এটিকৈ কালজয়ী গীত পৰিৱেশন কৰে।কবি-আবৃত্ত্বিকাৰ প্ৰাণ প্ৰতিমা বড়াৰ কবিতা আবৃত্তি আৰু কৌশিক দত্তৰ ভাওনাৰ সংলাপ নিক্ষেপন আছিল সভাৰ অন্যতম আকৰ্ষণ।আদৰ্শ শিক্ষক গোপাল দত্তই সূত্ৰ ধৰা অভিনন্দন অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী ক্ৰমে সংযুক্তা দত্ত,গৰিমা দত্ত,পূজা বৰা,অংকিতা বৰা আৰু ময়ূৰী দত্তক মানপত্ৰ,গামোছা আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰা হয়।তদুপৰি সভাৰ আৰম্ভণিতেই আমন্ত্ৰিত অতিথিবৃন্দ আৰু শিল্পীবৃন্দক চেলেং,গামোছা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনোৱা হয়।কৃতী শিক্ষাৰ্থীসকলে অভিনন্দন গ্ৰহণ কৰি অতি সাৱলীলভাবে নিজা নিজ অনুভৱ ব্যক্ত কৰা সৰ্বাঙ্গসুন্দৰ সভাখনি সন্ধিয়া পৰত অসম সংগীত পৰিৱেশনৰে সফল সামৰণি মৰা হয়।