গোলাঘাটৰ বান-আশ্রয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাৰ লগতে গোলাঘাটত জিলাতো বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গোলাঘাট জিলাত ব্ৰহ্মপুত্ৰ, ধনশিৰি, গেলাবিল আৰু কাকডোঙা নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে বিভিন্ন অঞ্চল । উজনিৰ জটিল বান পৰিস্থিতিৰ বুজ ল’বলৈ গোলাঘাট জিলাত উপস্থিত হ’ল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতি আৰু উদ্ধাৰ-সাহায্য অভিযানৰ বুজ লোৱাৰ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰলৈ গৈ শিবিৰসমূহত আশ্রয় লৈ থকা বানপীড়িত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। গোলাঘাটৰ কমাৰবন্ধাস্থিত ভাস্কৰ ছিনিয়ৰ বেছিক স্কুলত স্থাপন কৰা সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। এই শিবিৰত উপস্থিত হৈ বন্যাক্রান্তক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ সান্ত্বনা বাণী- আপোনালোকে একো চিন্তা নকৰিব। মই সকলো সহায় কৰি দিম। খেতিৰ কাৰণে বানপানী নোহোৱা ঠাইৰ পৰা আপোনালোকক কঠীয়া আনি দিম।

উল্লেখ্য যে কমাৰবন্ধাৰ এই আশ্রয় শিবিৰত বৰ্তমান ১৭৮গৰাকী বন্যার্তই আশ্ৰয় লৈ আছে। মুখ্যমন্ত্রীয়ে বানপীড়িতৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ, দৈনন্দিন প্রয়োজন আৰু সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ বুজ লয়। এই শিবিৰ পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্রীয়ে কয় যে বানপীড়িতসকলৰ প্ৰতিটো প্রয়োজন অগ্রাধিকাৰ ভিত্তিত পূৰণ কৰাৰ বাবে জিলা প্রশাসন তথা বিভাগীয় কর্তৃপক্ষক নিদের্শনা প্রদান কৰা হৈছে। উল্লেখ্য যে শেহতীয়া বানত গোলাঘাট জিলাৰ ২৫ হাজাৰৰো অধিক লোক প্রভাৱিত হৈছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লয়। ১৮২গৰাকী বান প্রভাৱিত লোক থকা এই শিবিৰটোত যথেষ্টসংখ্যক শিশুয়ো আশ্রয় গ্রহণ কৰি আছে। মুখ্যমন্ত্ৰীয়ে শিশুসকলক চকলেট বিতৰণ কৰি তেওঁলোকৰ সৈতে কিছু সময় কটাই বাৰ্তালাপ কৰে। শিবিৰটোত থকা কণ কণ শিশুসকলক অংগনৱাড়ী কর্মীয়ে পাঠদান কৰা দৃশ্য তেওঁ কাষৰ পৰা প্ৰত্যক্ষ কৰে আৰু শিশুসকলক সাহসেৰে পিতৃ-মাতৃৰ সৈতে থিয় হৈ থাকিবলৈ উৎসাহ প্রদান কৰে। শিবিৰ পৰিদৰ্শনৰ পিছত মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত শেহতীয়া বানত জনসাধাৰণে সম্মুখীন হোৱা কষ্টৰ কথা উল্লেখ কৰি কয় যে এই বানত খেতিপথাৰ, পশুধন ব্যাপকভাৱে প্ৰভাৱিত হোৱাৰ লগতে বহু পৰিয়াল ক্ষতিগ্রস্ত হৈছে। জনসাধাৰণক পর্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ক্ষতিগ্রস্ত ৰাইজক সকলোধৰণৰ সহায় কৰা হ’ব। বর্তমানলৈকে এই বানত ৪০জন লোকৰ মৃত্যু হৈছে আৰু ৭০-৮০জন লোক সন্ধানহীন হৈ আছে। আনহাতে, কমাৰবন্ধা অঞ্চলত ৰে’ল বিভাগে নিৰ্মাণ কৰা এখন দলং সৰু হোৱা বাবে পানী ওলাই যাব পৰা নাই। এই বিষয়টোও ৰে’ল বিভাগৰ সৈতে আলোচনা কৰা হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে তেওঁৰ পৰা অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈছে। উল্লেখ্য যে ৰাজ্যৰ শেহতীয়া বানৰ চাক্ষুষ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° শৰ্মাই বুধবাৰে চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চল তথা বান সাহায্য শিবিৰ পৰিদৰ্শন কৰিছিল। মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত তেওঁক সংগ দিয়ে মন্ত্রী অতুল বৰা আৰু অজন্তা নেওগে। আনহাতে নীপকোৱে জলবিদ্যুৎ প্রকল্পৰ দুখনকৈ গেট খুলি পানী এৰি দিয়াক লৈ উদ্বেগ প্রকাশ কৰিলে মুখ্যমন্ত্রী ড° শর্মাই। বিষয়টো সন্দর্ভত গোলাঘাট জিলা প্রশাসনক যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। উল্লেখ্য যে নীপকোৱে দুখনকৈ গেট খুলি দিয়াৰ লগে লগে সৰুপথাৰকে ধৰি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানৰ আশংকাৰ সৃষ্টি হৈছে। বিষয়টো সন্দর্ভত মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনৰ সৈতেও আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ৰাইজক আশ্বস্ত কৰি কয়- জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিলেও বিশেষ সমস্যাৰ সৃষ্টি নহ’ব। তথাপি ৰাইজ সজাগ আৰু সচেতন হৈ থাকিব লাগিব।
