বহুমুখী প্ৰতিভাৰ আকৰ   ড. ভবেন্দ্ৰনাথ শইকীয়া

Pc-Wikipedia

বহুমুখী প্ৰতিভাৰ আকৰ   ড. ভবেন্দ্ৰনাথ শইকীয়া

(১৩ আগষ্ট ড. ভবেন্দ্ৰনাথ শইকীয়াৰ স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি)
“সাহিত্য, সংগীত, চিত্ৰকলা, চলচ্চিত্ৰ— এইবোৰ একেখন চালিৰ তলতে থকা বেলেগ- বেলেগ কোঠালি। ইটো কোঠালিৰ পৰা সিটো কোঠালি লৈ অহা-যোৱা কৰিবলৈ আহল-বহল দুৱাৰ আছে। কোনে কোনটো কোঠালিত স্বচ্ছন্দে বাস কৰে , কোনটোৰ পৰা কোনটোলৈ কিমান সঘনে অহা-যোৱা কৰে, সেইটো তেওঁৰ প্ৰতিভা, সৌন্দৰ্যবোধ,কৰ্মক্ষমতা আদিৰ ওপৰত নিৰ্ভৰ কৰে। এইবোৰৰ বলত তেওঁ বিভিন্ন কোঠালিত বিভিন্ন ৰসৰ ছবি আঁকিব পাৰে।”
হৃদয়ানন্দ গগৈয়ে সম্পাদনা কৰা গ্ৰন্থ “গল্প আৰু শিল্প”ত সন্নিবিষ্ট সাক্ষাৎকাৰ ৰ এটি প্ৰশ্ন “অসমীয়া সাহিত্য আৰু চলচ্চিত্ৰ জগত এই দুই ভিন্ন ক্ষেত্ৰত আপোনাৰ ভুমিকা- এই সম্পৰ্কে আপুনি কেনেদৰে ভাবে?”ৰ উত্তৰত ড০ ভবেন্দ্ৰনাথ শইকীয়াই উল্লেখিত মন্তব্য আগবঢ়ায়।
প্ৰকৃতাৰ্থতেই ড. ভবেন্দ্ৰনাথ শইকীয়াই একেখন চালিৰ তলতে থকা প্ৰতিটো কোঠাতেই তেখেতৰ প্ৰতিভা, সৌন্দৰ্যবোধ আৰু কৰ্মক্ষমতা ৰ বলত বিভিন্ন ৰসৰ ছবি আঁকি উচ্চ আসন অধিকাৰ কৰিছিল। এই গৰাকী মহান প্ৰতিভাসম্পন্ন ব্যক্তিৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ফেব্ৰুৱাৰি তাৰিখে নগাঁও জিলাৰ ফৌজদাৰী পট্টিৰ কীৰ্তনঘৰ ৰʼড নামৰ চুবুৰীটোত। এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ভবেন্দ্ৰনাথ শইকীয়াৰ পিতৃ আছিল বিদুৰ কুমাৰ শইকীয়া আৰু মাতৃ আছিল চম্পাবালা শইকীয়া। নগাঁৱৰ মোক্তাৱ প্ৰাইমেৰী স্কুলত প্ৰথম শিক্ষা আৰম্ভ কৰা শইকীয়াই ১৯৪৮ চনত নগাঁও গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা তিনিটা বিষয়ত লেটাৰ মাৰ্ক সহ উৰ্ত্তীণ হৈ ১৯৫০ চনত কটন কলেজৰ পৰা ইন্টৰমিডিয়েট পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হয়।১৯৫২ চনত কটন কলেজৰ পৰাই পদাৰ্থ বিজ্ঞান বিষয়ত অনাৰ্ছ সহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেখেতে কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১৯৫৮ চনত তেখেতে গৱেষণাৰ বাবে ইংলেণ্ডলৈ যাত্ৰা কৰে আৰু ১৯৬১ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰি অসমলৈ ঘূৰি আহি গুৱাহাটী বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
ভবেন্দ্ৰনাথ শইকীয়াৰ কৰ্মৰাজী ব্যাপক আৰু সুদূৰপ্ৰসাৰী । তেখেতে আছিল ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আঞ্চলিক ভাষাৰ পাঠ্যপুথি সম্বন্বয় সমিতিৰ সচিব, সংগীত নাটক একাডেমিৰ সদস্য, ইণ্ডিয়ান নেশ্যনেল কাউন্সিল ফৰ ইউনেস্কোৰ সদস্য,অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ, পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া ছʼচাইটিৰ সদস্য, নেশ্যনেল বুক ট্ৰাষ্টৰ সদস্য আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি। একেজন ব্যক্তিয়েই বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত সুকলমে কাৰ্যনিৰ্বাহ কৰি তেখেতৰ স্বীয় প্ৰতিভা আৰু অতুলনীয় কৰ্মশক্তিৰ পৰিচয় দি থৈ গৈছে।
“পঢ়া- শুনাক সৰ্বাধিক গুৰুত্ব দিয়া, কঠোৰ পৰিশ্ৰম কৰা, নানা ধৰণৰ ঘৰুৱা কাম নিজ হাতে কৰা— এইবোৰ ক্ষেত্ৰত পিতাইৰ নেতৃত্ব বৰ মূল্যবান আছিল।”বুলি কোৱা বহুমুখী গুণৰ অধিকাৰী ব্যক্তিজনে সেই সাংস্কৃতিবান পৰিয়ালটো,ওচৰ চুবুৰীয়া, শৈশৱৰ খেল ধেমালি, চৌপাশৰ পৰিবেশ আদিক সম্পদ হেন জ্ঞান কৰিছিল।যিয়ে তেখেতক অসাধাৰণ প্ৰতিভা আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহাম্বিত কৰি তুলিছিল। তেখেতৰ ভাষাত”এই সকলো লগৰীয়া মোৰ কাৰণে এটা পুথিভঁৰাল ৰ কিতাপৰ নিচিনা হৈ আছে। কিছুমান উৱলি গৈছে আৰু কিছুমান হাতপুথিৰ নিচিনা হৈ আছে। এনেকুৱা পুথিভঁৰাল বোৰ বৰ মূল্যবান সম্পদ।”(পৃষ্ঠা ৫১৭ গল্প আৰু শিল্প)
প্ৰান্তিকৰ শেষ পৃষ্ঠাৰ”মোৰ জীৱনৰ কথা”ত তেখেতৰ নিয়মানুবৰ্তী,সময়ানুবৰ্তী আৰু পৰিকল্পিত ভাবে কৰা জীৱন – যাপনৰ স্পষ্ট নিদৰ্শন পোৱা যায়। তাৰোপৰি তেখেতেৰ কোনোটো লেখাই পৰিমাৰ্জন বা পুনৰীক্ষণ ৰ প্ৰয়োজন নাছিল। একেবাৰতে ছপা কৰিব পৰা কৈ লিখাটো ভাবিলে সঁচাকৈয়ে আচৰিত হ’ব লগীয়া হয়।
অসমৰ সাহিত্য- সংস্কৃতিৰ জগত খন তেখেতে কালজয়ী সৃষ্টিৰাজীৰে জীপাল কৰি থৈ গৈছে। অসমৰ প্ৰথিতযশা সাহিত্যিক সকলৰ ভিতৰতে অন্যতম ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ গল্প সমূহ ভাৰতৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।নাট্য জগতলৈ ও আগবঢ়াই থৈ গৈছে অনবদ্য অৱদান।অল ইণ্ডিয়া ৰেডিঅ’যোগে প্ৰচাৰিত তেখেতৰ বহু কেইখন নাটকে শ্ৰোতাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। সেইদৰে চলচ্চিত্ৰ জগতত সন্ধ্যাৰাগ, অনিৰ্বাণ, অগ্নিস্নান,কোলাহল,সাৰথি, ইতিহাস আদি চলচ্চিত্ৰ ৰ বাবে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰে।২০০১ চনত ভাৰত চৰকাৰৰ ʼ পদ্মশ্ৰী ʼ সন্মান লাভ কৰা শইকীয়া দেৱে ১৯৯৮‌ চনত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা,১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা, শৃংখল গল্প সংকলন ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে ।
অসমীয়া শিশু সাহিত্য জগতখনলৈও তেখেতে অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক ড. ভবেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা ;শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট;মহাদুষ্টৰ দুষ্ট বুদ্ধি; তোমালোকৰ ভাল হওক; মোৰ শৈশৱ মোৰ কৈশোৰ আদি উল্লেখযোগ্য শিশু পুথি।
২০০৩ চনৰ ১৩আগষ্টত ইহলীলা সম্বৰণ কৰা এই গৰাকী প্ৰোজ্জ্বল ব্যক্তিক ১৮ সংখ্যক স্মৃতি দিৱসত তেখেতৰ বয়স প্ৰাপ্তিৰ সময় ত হোৱা তেখেতৰ স্বীয় অনুভৱেৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ।”মানুহ আৰু বিজ্ঞানৰ খেলাতকৈ এতিয়া প্ৰকৃতিৰ খেলা দেখি বেছি বিস্মিত হওঁ। সন্মুখৰ এই কম্পিউটাৰ টোৰ পৰ্দা খনে যিমান বিস্ময় জগাইছিল,আজিকালি এটা ঋতু আহিলেই যে লঠঙা ডালটোত কুঁহিপাত ওলায়, এটা ঋতু আহিলেই যে কুঁৱলী পৰে, সেই বোৰ ঘটনাই বেছি বিস্ময় জগায়।মানুহ,প্ৰকৃতি- সকলোলৈকে মৰম বাঢ়িছে।”(পৃষ্ঠা ৫৪০)
বন্দিতা শৰ্মা কন্দলী।
দেৰগাঁও