বঙাইগাঁৱত ভায়েক-ভনীয়েকক নৃশংসভাৱে হত্যা

বঙাইগাঁৱত ভায়েক-ভনীয়েকক নৃশংসভাৱে হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁৱত এহাল ভায়েক-ভনীয়েকক কোনো অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে। হত্যাকাণ্ডৰ ঘটনাটো দুৰ্গামাৰী গাঁৱত সংঘটিত হৈছে। ঘটনা অনুসৰি, দুৰ্বৃত্তই বুধবাৰে নিশা তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি দুয়োকে উপৰ্যুপৰি আক্ৰমণ কৰে, যাৰ ফলত দুয়ো ভাই-ভনীৰ মৃত্যু হয়। হত্যাকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে, মৃত ভায়েক-ভনীয়েকহাল ক্ৰমে আজমল শ্বেখ আৰু ফিৰোজা বেগম বুলি চিনাক্ত কৰা হৈছে। পৰৱৰ্তী সময়ত, স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা উদ্ধাৰ কৰে। আৰক্ষীয়ে পৰৱৰ্তী অনুসন্ধান চলাই আছে।