প্ৰতিদান-  মুন শৰ্মা

Pc Pinterest
অণুগল্প 
প্ৰতিদান
আন্তৰিকতা থকাৰ পাছতো কথা সাৰ সিহঁতি ক’ব নোৱাৰিলে গাঁৱৰে অজিতক। কেনেকৈনো কয়!  অতদিন নিঃস্বাৰ্থ ত্যাগ ,কষ্ট বিনিময়ত যে এই প্ৰতিদান।  সিহঁতি ভবাই নাছিল।  হৃদয় খন কিমান নিষ্ঠুৰ হলে এনে কৰ্ম কৰে বাৰু!  যিয়েই কৰি দিছিল তাৰ প্ৰতিটো সপোন দিঠকলৈ ৰূপান্তৰ, সিহঁতকে কৰিলে সি  বৃদ্ধাশ্ৰমলৈ স্থানান্তৰ।
         মুন শৰ্মা,
লখিমপুৰ