ফেচবুক লেখিকা বুলি নাহাঁহিবা বান্ধৈ
ইভা গন্ধীয়া ফুকন
ফেচবুক লেখিকা বুলি নাহাঁহিবা বান্ধৈ
মোৰো আছে শক্তি, আছে কলমৰ গতি
ষ্টেটাছৰ খিৰিকীৰে চাওঁ পৃথিৱীখন
দুখ-সুখৰ কথা গাঁথোঁ শব্দৰে মালা গাঁথি
লাইক- কমেণ্টৰ আশাত নিলিখোঁ মই,
বুকুত উকমুকাই থকা শব্দবোৰে
কেতিয়াবা গধূলিৰ বেলি, কেতিয়াবা জোনাক ৰাতি
আঙুলিৰে টিপি টিপি সপোনবোৰ সজাওঁ।
কবি বুলি নাম নালাগে, সাহিত্যিকৰ মান নালাগে
মোৰ কবিতাৰে যদি কাৰোবাৰ ওঁঠত হাঁহি বিৰিঙে
যদি কাৰোবাৰ চকুৰ চকুলো সৰে
মোৰ গল্প -প্ৰবন্ধ -উপন্যাসে যদি কাৰোবাৰ উপকাৰ সাধে
তেন্তে সেয়াই মোৰ পুৰস্কাৰ, সেয়াই মোৰ জয়
মোৰ ফোনৰ কি বৰ্ড খনেই মোৰ বীণ
মোৰ পেজখনেই মোৰ মঞ্চ, বন্ধু -ফলোৱাৰ্চ মোৰ শ্ৰোতা
এষাৰ মৰমৰ মন্তব্যই দিয়ে আত্মসন্তুষ্টি
ফেচবুক লেখিকা বুলি নাহাঁহিবা বান্ধৈ
মৰমৰ এষাৰ কথাই মোক লিখিবলৈ শিকায়
শব্দৰে সাঁকো দলং বান্ধি আছোঁ মনৰ পৰা মনলৈ
পঢ়ি চাবা, হয়তো তাত তুমিও নিজকে বিচাৰি পাবা
কাকত আলোচনীত লিখিলে পঢ়ে নো কিমানে
সেয়ে লিখোঁ মই ফেচবুকত, পাওঁ সহাৰি তৎক্ষণাত
সম্পাদকৰ বাছনিলৈ নালাগে ৰ’ব
ইয়াত এটা প’ষ্ট দিলেই পাঠকৰ পাওঁ সহাৰি
কাকত আলোচনীত প্ৰকাশ পালেও
নাপাওঁ সাধনাৰ মূল্য , নাপাওঁ শ্ৰমৰ মূল্য
প্ৰকাশৰ বাবে সপ্তাহ -মাহ বাট চাব লাগে
ৰাতি শুবৰ পৰত ওলোৱা ভাৱ এটাক
ৰাতিয়েই এৰি দিওঁ ফেচবুকৰ বুকুত
পুৱা সাৰ পাই চাওঁ – কিমানজনে সাৱটি ল’লে
লাইক হ’ল মৰম, কমেণ্ট হ’ল সাহস
শ্বেয়াৰটোৱেই যেন পাঠকৰ আশীৰ্বাদ
কাগজৰ দাম বাঢ়িছে, চিয়াঁহীও শুকাই
কিন্তু ইয়াত শব্দবোৰ বিনামূলীয়াকৈ উৰে
তাতে সৰে কেতিয়াবা ডলাৰৰ বৰষুণ
গতিকে ফেচবুক লেখিকা বুলি নাহাঁহিবা বান্ধৈ,
ইয়াতো আছে হিয়াৰ উম, আছে সপোনৰ দাম
কবি সাহিত্যিক বুলি স্বীকৃতি নাপালেও নাই
মোৰ লেখা পঢ়ি অকণমান সহাৰি জনালেই
লিখাৰ প্ৰেৰণা পাওঁ ,সুখী হওঁ মই —–
