অপৰাজেয় – অংকুৰজ্যোতি হাতীমূৰীয়া

Pc StockCake

অপৰাজেয়

অংকুৰজ্যোতি হাতীমূৰীয়া
শিৱসাগৰ

সপোন আছিল দিগন্তৰ সিপাৰে,
ভাগ্যৰ পাতত হয়তো লিখা আছিল—
আৰু এধানমান ঘাম, আৰু এধানমান ৰাতি।
হাজাৰবাৰ হাত মেলিও চুব নোৱাৰিলোঁ,
গন্তব্যই যেন আঁতৰি গ’ল ধোঁৱাৰ দৰে।
আজি বিশ্বাসৰ শলিতা কঁপিছে বতাহত,
পুৰণি পৰাজয়ৰ ভয়ে বুকু খামুচি ধৰিছে।
ঠিক তেতিয়াই—
গন্তব্যই নিজেই আহি কাণে কাণে ক’লে,
“আৰু অলপ… মাথোঁ এখোজ, মাথোঁ এখোজ আৰু।”
শুই থকা জুইকুৰা জ্বলি উঠিল পুনৰ,
উৎসাহৰ ডেউকা মেলি মই আগবাঢ়িলোঁ।
ঘামৰ শিলত গজিল বিজয়ৰ বেলি,
চকুৰ প্ৰচাৰতে দূৰৈ হ’ল
চিনাকি—গন্তব্য
আৰু সাধু নহয়,
সি মোৰেই উশাহৰ ধূলি।