ডিব্ৰুগড়ত জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ ধন আৰু সামগ্ৰী বিতৰণ:অনুষ্ঠানত উপস্থিত পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ আৰু বিশিষ্ট চিন্তাবিদ ড আদিল উল য়াছিন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ অন্যতম সামজিক অনুষ্ঠান জাকাত এণ্ড ইমদাদ ফাউণ্ডেছনে সমাজৰ দুখীয়া হিতাধিকাৰী সকলৰ মাজত ১৪-৬-২০২৬ চেক আৰু সামগ্ৰী বিতৰণ কৰে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক, বিশিষ্ট চিন্তাবিদ, লেখক আলহজ ডঃ আদিল উল য়াছিনে কয় যে ইছলাম ধৰ্মৰ পাঁচটা স্তম্ভৰ ভিতৰত জাকাত অন্যতম। মানুহৰ তেজ যেনেকৈ শৰীৰত সঞ্চালিত হৈ থাকে, ঠিক তেনেকৈ সঠিক ভাৱে মুচলমান সকলে জাকাত বিতৰণ কৰি থাকিলে সমাজ ব্যৱস্থা ঠিক মতে সন্তোলন হৈ থাকিব,ই বিচ্ছিন্ন হৈ নপৰে। জাকাত সম্পৰ্কে দীঘলীয়া ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে জাকাত দিব লাগিলে পাঁচটা কথা মনত ৰাখিব লাগিব সেইয়া হৈছে অৰ্থ, উদ্দেশ্য, হিচাপ, কাক দিব লাগিব, আৰু সচেতনতা। এই কেইটাৰ তেখেতে দীঘলীয়া ব্যাখ্যা আগবঢ়ায়। জাকাত বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই জাকাত বিতৰণ ব্যৱস্থাক অতি সুন্দৰ কাম বুলি অভিহিত কৰি এনেধৰনৰ সমাজ হিতৈষী কামক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ৰঞ্জিত সিংহই ডিব্ৰুগড়ৰ জাকাত বিতৰণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য হৈ পৰে বুলি কয়। ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখিকা, ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তই ভাষণত কয় যে আমি সকলোৱেই এক সৃষ্টি কৰ্তাৰ সন্তান, এই খন্তেকীয়া জীৱনত আমি সকলোৱে ইজনে সিজনৰ লগত একত্ৰিত হৈ থাকিব লাগিব ,তেওঁ আৰু কয় যে দুখীয়াক সহায় কৰাৰ বাবে আয়োজক অনুষ্ঠানক তেওঁ সহায়ৰ হাত আগবঢ়াব।অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহ অধ্যাপক ড০ বৰুণ দে, সমাজকৰ্মী তথা প্ৰাক্তন বিধায়িকা জোৎস্না সোনোৱাল আদিয়ে ভাষণ দিয়ে।
ডিব্ৰুগড়ৰ গাৰ্ডেন ট্ৰিট হোটেলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাৰ আৰম্ভণিতে দোৱা কৰে নালিয়াপুল মছজিদৰ পেছ ঈমাম মৌলানা চৈয়দ মোবাৰাক হুছেইন আৰু নতুন মছজিদৰ পেছ ঈমাম মৌলানা মকিব আলিও অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানৰ আৰম্ভনিতে উদ্দেশ্য ব্যাখ্যা কৰে ট্ৰাষ্টৰ সম্পাদক নাচিৰ চুলতানে। তেখেতে ডিব্ৰুগড় জাকাত এণ্ড ইমদাদ ট্ৰাষ্টৰ বিষয়ে কয় যে ২০১০ চনৰ পৰা প্ৰতি বছৰে ৰাইজৰ পৰা সংগৃহীত ধন বিতৰণ কৰি আহিছে। আজিৰ বিতৰণ অনুষ্ঠানত ইমদাদ ফাণ্ডৰ পৰা শিক্ষাৰ বাবদ তুলুমনি শইকীয়াক ৬,০০০, চয়নিকা দুৱৰাক ৬,০০০, জুমন দত্তক ৬,০০০ আৰু দিপাঞ্জলী গগৈক ১০,০০০ টকাৰ চেক দিয়াৰ লগতে ৪১ গৰাকী হিতাধিকাৰীক জাকাতৰ চেক আৰু সামগ্ৰী বিতৰণ কৰা হয়। সভাত ট্ৰাষ্টৰ সভাপতি তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসক অধ্যাপক ডাঃ চাজিদ আহমেদে ২০১০ চনত ডিব্ৰুগড়ৰ দানশীল ব্যক্তি প্ৰয়াত ৰিয়াজুল হুছেইনৰ নেতৃত্বত গঢ়ি উঠা অনুষ্ঠানটিক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ আৰু কয় যে কেৱল নগদ সাহায্যৰে নহয় ৰিক্সা, ঠেলা, ঘৰ মেৰামতি কৰি দিয়া, মহিলাক চিলাই মেচিন, মোবাইল দোকান, ছাত্ৰ ছাত্ৰীক শিক্ষাৰ বাবে কম্পিউটাৰ আদিৰ ক্ষেত্ৰত দুখীয়া শ্ৰেণীৰ লোকৰ মাজত বিতৰণ কৰি তেওঁলোকক স্বাৱলম্বী কৰি তোলাই ট্ৰাষ্টৰ মুখ্য উদ্দেশ্য। আজিৰ সভাত ট্ৰাষ্টৰ হৈ চেহিৰ আহমদ , ইকবাল আহমেদ,ডাঃ আহমেদ উল্লা খান, আব্দুল খালেক, নাচিমূল গণি, এম্ হাছিম আলী, নেজিব হুছেইন চাব্ৰি, আব্দুল চাজিদ, নাছিৰ আহমেদ, নাৰুল আখতাৰ হুছেইন আদি উপস্থিত ট্ৰাষ্টৰ সদস্য সকলক সভাপতিয়ে ৰাইজৰ আগত পৰিচয় কৰাই দিয়ে। এগৰাকী ট্ৰাষ্টি নাচিৰ আহমেদে উপস্থিত ৰাইজ, হিতাধিকাৰী সকল,জাকাত দাতা সকলক আৰু গাৰ্ডেন ট্ৰিটৰ কৰ্তৃপক্ষ আৰু কৰ্ম্মচাৰী বৃন্দলৈ শলাগৰ শৰাই আগবঢ়ায়।
