ভাঙ ভাঙ শকুন্তলা
জুনুকা পাঠক
বৰপেটা
বালিঘৰ বহুত সাজিলে তাই
কেতিয়াবা কপালৰ ঘামত তিতি
হয়টো বালি অবাক হয়
আকৌ কেতিয়াবা—হিল্লোল্লিত সপোনৰ পাপৰি জাপে বিশ্বাসত
সৰোবৰে বুজায়- বালিৰ কোঠাত উৰণীয়া বতাহক ঠাই নিদিবা
অহংকাৰী বতাহে তাৰো বুকু গচকি যায়
তাইৰ গোলাপী দিনত সৰোবৰে লাজ পায়
ভোমোৰাৰ আভূৱা ভাৰিত বাউলী আশ্ৰম দুহিতা
কি যে প্ৰত্যাশিত মায়া , যুঁজ-বাগৰ ওঁঠৰ তয়াময়া
পাহৰি যায় তাই বাৰু কোন
তাইৰ ভুল ক’ত
দুষ্মন্ত্যক বুকুত ৰখা নে
প্ৰেমৰ দীৰ্ঘতম সেতু বন্ধা
তাতো যদি অপৰাধ
ক’ত থ’ব তাই
ৰাজপ্ৰাসাদত ঠেকেচি ভঙা ভালপোৱা
দুৰ্বাসা অজুহাত,
কি সাহসত পি খাব কমণ্ডলুৰ ফটিকা
প্ৰলোভন বিশ্বাসঘাটকতাই যদি বুকু ফাল খাই পেলায়
শকুন্তলা নিৰুপায়—–
সেয়ে ভাঙি পেলায় অনাদৃত অভিমান
মায়া — মায়া ভাহি থকা মেনকা
তাতো থাকে মাতৃৰ বিবৰ্জিত মমতা
প্ৰয়োজনৰ বাবে বিশ্বাস নাই
গতিকে——
তাই বান্ধিব লাগিব প্ৰতিবাদৰ নীলা ভাষা
তেতিয়া—অমানিশাই নিশ্চয় জাগি শুব
পৰাজয়ৰ গ্লানিত আকাশে ক’ত লুকাই থ’ব
ৰাজ হেৰেমৰ কলঢপ-কলঢপ মইমতালী-
