“প্ৰেম”- হিমাদ্ৰী বৰকটকী

pc. lifehack

“প্ৰেম”

প্ৰেম মাথো প্ৰেম
প্ৰেম বিহীন জীৱন অসাৰ
প্ৰেমে নামানে বয়স
প্ৰেমে নামানে জাতি ধৰ্ম
প্ৰেমত পৰি সাত সাগৰ
তেৰ নদী সাতুৰি নাদুৰি
ঢপলিয়াই আহে ডেকা গাভৰু
দুয়ো দুয়োৰে মিলন ক্ষনলৈ
সিঁচি থৈ যায় হৃদয়ত
এক অনাবিল আনন্দ……
প্ৰেম জানো চিৰস্থায়ী ?
দুদিনতে হয় কাৰোবাৰ
হ্ৰদয় ঠান বান….
উচুপি উঠে বুকুখন
যেন এজাক ধুমুহা
পাৰ হৈ গ’ল
মাথো ৰৈ গ’ল
সেই মধুৰ ক্ষনবোৰ
হৃদয়ৰ এটি কোণত
স্মৃতি হৈ ৰল সেই ক্ষনবোৰ
আলফুলে হৃদয়ৰ মৰুদ্যানত

হিমাদ্ৰী বৰকটকী
শিৱনগৰ ,২ নং উপপথ
নগাঁও