প্ৰতিশ্ৰুতি – বনজিত দাস

Pc Unsplash

প্ৰতিশ্ৰুতি

বনজিত দাস,ৰিহাবাৰী, বজালী

নিশা চিল-মিল টোপনিতে
তুমি সপোন দেখিবা
ময়ো সপোন দেখিম
নিদ্ৰাৰ নিৰ্জন বাটত
দুয়ো দুয়োৰে আমেজ ল’ম ।
তুমিও পাহৰিবা মোক
ময়ো পাহৰিম তোমাক
তথাপি দুয়ো দুয়োৰে বাবেই
নীৰৱে সাৰ পাম
লুকাই ৰখা কথাবোৰ
ময়ো কম তোমাক
মনৰ গভীৰত সাঁচি ৰখা
নকোৱা কথাবোৰ
হাতে হাত ধৰি
কথা পাতিম অন্তৰঙ্গতাৰে
য’ত কোনো দূৰত্ব নাথাকিব
নাথাকিব পাহৰি যোৱাৰ ভয় ।
আমি বাৰু সপোন বোৰত
পূৰ্ণ সহযোগিতাৰে
এবাৰ লগ হ’ব নোৱাৰিম নে ?