প্রত্যয়
প্ৰভাত বণিয়া
ভৰ বাৰিষা বোকা মাটিৰ সুগন্ধত কঠিয়া সিঁচিম
বুকু ভৰিব মন জুৰ পৰিব
অ’মোৰ মৈ দিয়া এঠালতীয়া শাওনৰ ৰূপহী পথাৰ
সোণ গুটিৰে উপচিব
চাই চাই আমনি নালাগে
হেঁপাহেৰে চপাম লাহিকৈ
মানিকী–মধুৰী ধান।
প্রত্যয়
প্ৰভাত বণিয়া
ভৰ বাৰিষা বোকা মাটিৰ সুগন্ধত কঠিয়া সিঁচিম
বুকু ভৰিব মন জুৰ পৰিব
অ’মোৰ মৈ দিয়া এঠালতীয়া শাওনৰ ৰূপহী পথাৰ
সোণ গুটিৰে উপচিব
চাই চাই আমনি নালাগে
হেঁপাহেৰে চপাম লাহিকৈ
মানিকী–মধুৰী ধান।