পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা

Pc LiveLaw

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা

ৰঙিলী বাৰ্ত্তাসেৱা- শাসক-বিৰোধী উভয় শিবিৰৰ ব্যাপক তৎপৰতা তথা সকলো ৰাজনৈতিক সমীকৰণ আৰু জল্পনা-কল্পনাৰ ওৰ পেলাই আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ল সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ভোটগণনা।
নির্বাচন আয়োগে নিৰ্দিষ্ট কৰি দিয়া অনুসৰি ১২৬টা বিধানসভা সমষ্টিৰ বিপৰীতে ৪০টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হৈছে। স্বচ্ছ আৰু নিকাভাৱে এই প্রক্রিয়া সম্পন্ন কৰিবলৈ নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলোধৰণৰ প্রস্তুতি ইতিমধ্যে নির্বাচন আয়োগে সম্পূৰ্ণ কৰি তুলিছে। ৯ এপ্রিলত অনুষ্ঠিত হোৱা এই নির্বাচনত ২.৫ কোটিৰো অধিক ভোটাৰৰ ভিতৰত ৮৫.৯৬ শতাংশই ভোটদান কৰিছিল। ফলাফলৰ লগে লগে আজি মুঠ ৭৭২জন প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ’ব।  আজি ভোটগণনাৰ অন্তত প্রকাশ পাব নির্বাচনী ফলাফল। ইয়াৰ লগে লগে প্রত্যেকৰে ভাগ্য নিৰ্ণয় হোৱাৰ সমান্তৰালভাৱে স্পষ্ট হ’ব জনাদেশ কাৰ পক্ষে যায়।