পানীৰ কোৱাল সোঁতত মৃত্যুক হাতৰ মুঠিত লৈ জীৱনে যন্ত্ৰনাৰ মাজেৰে আগুৱাই
নমিতা দাস,শুৱালকুছি
পানী প্ৰতিটো প্ৰাণীৰ প্ৰাণ । পানী অবিহনে কোনো প্ৰাণী জীয়াই থাকিব নোৱাৰে এইকথা প্ৰতিটো জীৱকুলৰে জ্ঞাত । কিন্ত সেই পানীয়ে প্ৰাণ লয় জীব কুলৰ।
মৃত্যু চিৰ সত্য । কিন্ত এই চিৰসত্য কথাটোৱে মানিবলৈ টান হৈ পৰে যেতিয়া সেই মৃত্যু স্বাভাবিক নহয় । জীৱন বিশাল, জীৱন জীয়াবলৈ কৰ্মৰ প্ৰয়োজন সাধাৰণ ভাবে জীয়াই থাকিবলৈও অন্ন, বাসস্থান আৰু বস্ত্ৰৰ প্ৰয়োজন। এই মৌলিক প্ৰয়োজন বোৰ পূৰণ কৰিবলৈ যাওঁতে ও মৃত্যুৱে হাত বাউলি মাতে। জীয়াই থকাৰ তাড়নাত মৃত্যু অনিবাৰ্য বুলি জানিও বিপন্ন সময়ত খেৰকুটা ডালকে আশ্ৰয় হিচাপে লোৱা হয়। সংকটময় সময়ত নিজৰ জীৱনৰ কথা চিন্তা নকৰি পৰিয়ালৰ জীৱন ৰক্ষাৰ কথা সৰোগত কৰি কৰ্ম কৰোতে নিজৰ জীবন কেতিয়া যে মৃত্যুৰ কবলত পৰে সেই কথা নিজৰেই অগ্য হৈ পৰে ।
বাঢ়নীপানীৰ কোৱাল সোঁতে নিজৰ ঘৰখন গ্ৰাস কৰাৰ লগে লগে বয়,বস্তুৰ কথা নাভাবি নিজৰ জীৱনটো বচাবলৈ সেই সংকট ময় সময়ত ঘৰৰ মুধচত উঠিবলৈ গৈ সৰি পৰাটো কিমান দুখলগা কথা । বুকুৰ মাজত কেচুৱাটো সাবটি এগৰাকী মাতৃয়ে জীৱনটো হাতৰ মুঠিত লৈ সেই সংকটময় সময়খিনি পাৰ কৰাৰ যি মূহুত্ব সেই কথা ভাবিলে বুকু কপি উঠে । ভোকত কলমলাই থকা পৰিয়ালটোৰ কথা ভাবি ঘৰখনৰ মুৰব্বি জনে খাদ্য সংগ্ৰহৰ বাবে সোঁতৰ বিপৰীতে সাতুৰি অহাব লগা হোৱাটো কিমান ভয়াবহ । আনফালে বহু দিন ধৰি শয্যাগত হৈ থকা লোকজন সেই সময়ত পানীৰ কবলৰ পৰা মুক্ত কৰাটো কিমান কঠিন উপলব্দি কৰাও কঠিন । সেই সময়বোৰত মৃত্যু হোৱা লোক সকলক সৎকাৰ কৰিবলৈও মানুহে যি যন্ত্ৰনা সহিব লগা হয় যেন জীবিত লোক সকলে মৃত্যুতকৈয়ো বেছি জীৱনটো যন্ত্ৰনাৰে পৰিপূৰ্ণ হয় ।বাঢ়নী পানীৰ কবলত পৰি কিমানজনৰ প্ৰাণ যায় সেয়া সঠিক ভাবে হিচাপ কৰাটো সহজ নহয় । এই ভয়াবহ সময় খিনিত কিমানৰ কষ্টৰে উপাৰ্জিত ধন সম্পদৰ লগতে ঘৰখন, জীৱ-জন্তু সকলো বয়-বস্তু নিঃশেষ হৈ যোৱাৰ সেই বেদনা কিমান কেবল ভূক্তভোগী সকলে উপলব্ধি কৰিব পাৰে।
পুণৰ এখন ঘৰ গঢ়িবলৈ নিজৰ সামৰ্থ অনুযায়ী কষ্ট কৰিলেও টকা-পইচাৰ লগতে মানসিক শক্তিৰো প্ৰয়োজন । কিন্ত এখন ঘৰ সম্পূৰ্ণ ৰূপে ভাঙি নিঃশেষ হোৱাৰ পিছত তেওঁলোকক সাহাৰ্য্য দি খোৱা-লোৱাৰ ব্যৱস্থা কৰা হয় যদিও পুণৰ ঘৰ খনক ঘৰ হিচাপে গঢ়ি লবলৈ তেওঁলোকৰ হাড়ভঙা পৰিশ্ৰমবোৰ যন্ত্ৰনা হৈ পৰে।শাৰীৰিক মানসিক দন্দৰে নিজকে প্ৰস্তুত কৰিব লগা হয় । নিজৰ নিত্যান্ত প্ৰয়োজনীয়তা খিনিও পাহৰি পেলাই ঘৰখনৰ অভাববোৰ পূৰণৰ বাবে । কিছুমান কাম কৰি নিজৰ লগতে পৰিয়ালক পোহ-পাল দিয়াৰ বাবে বিভিন্ন সময়ত আহি পৰে সমস্যা। সময়ত নিজৰ জীৱনটোকে তুচ্ছ জ্ঞান কৰি কিছুমান কামত হাত দিয়াৰো প্ৰয়োজনীতাও আহি পৰে ।
আকৌ নিজৰ জীৱনৰো সপোন কিছুমান থাকে । এই দুঃসময়ত সেই সপোনবোৰ পূৰাবলৈ মৃত্যুৰ ভয়ৰ কথা জানিলেও সেই ভয়ক আওকান কৰি পেছা হিচাপে গ্ৰহণ কৰিবলৈ আগুৱাই আহিবলৈ কুণ্ঠাবোধ কৰা নহয় । দেশমাতৃৰ ৰক্ষাৰ স্বাৰ্থত সৈনিক সকলে আপোন ঘৰখনৰ পৰা মাহ মাহ ধৰি আতৰি থকাৰ দৰে নিজৰ সুখ-শান্তি একাসৰিয়াকৈ থৈ দি জীৱন যুদ্ধত নামি নিজৰ পৰিয়ালৰ বিপদ নহওঁক বুলি নিজৰ জীৱন বিপন্ন কৰি আগবাঢ়ি যাবলৈ উদ্ধত্ত হোৱাৰ দৰে জীৱনটো আগুৱাই নিয়া দেখা যায় ।
এই যন্ত্ৰনা এদিন দুদিনৰ নহয় বছৰ বছৰ ধৰি সহি সহি নিজৰ জীৱনটো হৈ পৰে দুৰ্বাৰ । জীয়াই থকাৰ তাড়না নিঃশেষ হয় যায় ।
