মোক এটা পেন্ট দিয়ক – ববিতা বৰঠাকুৰ

Pc Hub News

মোক এটা পেন্ট দিয়ক

ববিতা বৰঠাকুৰ
কুৰালগুৰি,গোলাঘাট

দূৰ – দূৰণিত হুৰ হুৰ শব্দ
বতৰ গোমা, কিবা এটা অঘটন
বৰ টিলাত বগীয়ে হেম্বেলিয়াইছে
আইয়ে হাতুৰীটো লৈ ধপলয়াই গৈছে।
বৌৰ আকৌ ভাল হোৱাৰ দিন
ভৰি হাত বেলুন ফুলা দিছে

সিটো পাৰত এজাক মানুহে
চিঞৰি মাতিছে
কেনেকৈ যাওঁ পেন্ট এটা নিপিন্ধাকৈ
কেনেকৈ ওলাও বুকুখন নঢকাকৈ
পেটত কেঁচু-কুমতিয়ে বৰ কৈ কেকাইছে
কেনেকৈ সামৰো উদং বুকু,উদং উৰু

ৰঙা নীলা টোপোলা বোৰে
চিঞৰি মাতিছে, হাতত আছে
খৰম যেন একোটা ম’বাইল ফোন
এফালে বৌৰ হিকটি,আনফালে…

আইৰ সতে সেয়া আমাৰ
বগী গাই, আৰু চেউৰী জুনুকা
ককাই বুলি চাওঁতে মনত পৰিল
বিহুবৰ খুটিত গৰু ম’হ সোপাকে পুতিল

আপোনালোকে মোক এটা পেন্ট দিয়ক
মেঠনি মাৰিবলৈ এটুকুৰা কাপোৰ
আই গ’ল,ককাই গ’ল,বগী গ’ল,ক’লি গ’ল
বৌজনী পেটৰ উশাহটো ধৰিবলৈ
পাৰে যদি দলিয়াই দিয়ক
মোক এটা পেন্ট দিয়ক
দীঘল ক’লা চুলিৰে গা ঢকা মই
মই যখিনী নহয় ৰাগিনী ।