ভ্ৰমণ কাহিনী
দুঃসাহসিক,শিহৰণকাৰী যাত্ৰা পলাশবাৰীৰ পৰা জালুক পাহাম হৈ ঘৰভংগালৈ পাহাৰীয়া ভ্ৰমণ যাত্ৰা
শৈলেন কুমাৰ, মিৰ্জা

ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আঁতৰি কেতিয়াবা মনটোৱে এক পৃথক অনুভৱৰ সান্নিধ্য বিচাৰে৷ সেই অনুভৱ খিনি বুতলিবলৈ মই আৰু প্ৰকৃতিপ্ৰেমী সন্টি দাদাৰ লগত অলপ ওলাই যোৱাৰ ঠিৰাং কৰিলো,এনেই আমি দুজনে বন্ধ পালে বিভিন্ন ঠাই ঘূৰিফুৰো,অসমৰ বাহিৰতো বহু ঠাই ঘূৰিছো,কিন্তু ২৬ জুলাই ৰবিবাৰে আমাৰ নিজ সমষ্টিৰ এডোখৰ ঠাইত যোৱাৰ সিদ্ধান্ত কৰিলো৷ আচৰিত কথাটো হ’ল যে নিজ সমষ্টিৰ সেই ঠাইখিনিত উপস্থিত হৈ আমি কি অনুভৱ কৰিছিলো,সেইখিনি কথা একমাত্ৰ আমিহে উপলব্ধি কৰিব পাৰিছিলো৷ আবেলি ৩ বজাত মই মোৰ মটৰচাইকেলত সন্টি দাদাক পিছত বহুৱাই মিৰ্জাৰ পৰা যাত্ৰা আৰম্ভ কৰিলো,আগতে পশ্চিম গুৱাহাটী সমষ্টি আছিল বৰ্তমান নতুনকৈ পলাশবাৰী সমষ্টিৰ অন্তৰ্ভুক্ত প্ৰৰ্যটন স্থল কপিলী পৰা পাহাৰত উঠিবলৈ ল’লো,পাহাৰীয়া পকোৱা একাবেঁকা পথ,দূৰদূৰণিলৈ মানুহৰ নামগোন্ধ নাই৷ আমি যেন এক গহীন,জয়াল,নীৰৱতাত হে প্ৰৱেশ কৰিছো,বুজাব নোৱাৰা শিহৰণকাৰী অনুভৱ৷ প্ৰায় আধাঘণ্টা অতিক্ৰম কৰাৰ পাছত ভুতৰ ওপৰত দানৱ পৰা দি,বৰুণ দেৱতাই আমাৰ দুজনৰ ওপৰত দয়াদৃষ্টি নাৰাখি বৰ্ষিত হ’ল৷ ৰেইনকোট হাতত নাই,তেনেকৈ তিতিবুৰি কিছু সময় গছৰ আশ্ৰয় ল’লো,কিন্তু উপায়বিহীন হৈ বৰষুণত তিতিবুৰি যাত্ৰা পথত আগুৱাই গ’লো,পলম হয় কিন্ত দুৰ্গতি নহয়৷ দহ মিনিট পথ অতিক্ৰম কৰা পাছত মানুহ আৰু এখন পাহাৰীয়া ক্ষুদ্ৰ গাঁও দেখা পালো ততাতৈয়াকৈ মটৰচাইকেল খন ৰখাই এটা ঘৰত আশ্ৰয় ল’লো৷ তাত আগৰ পৰাই গাঁওখনৰ কিছু মানুহ উপস্থিত আছিল,আমি উৎকণ্ঠা আঁতৰি মানুহখিনিৰ লগত সহজ হবলৈ কথাবতৰা আৰম্ভ কৰিলো,পাছত গম পালো মানুহখিনিয়ে অসমীয়া বুজি পাই তেওলোক হ’ল মিচিং মানুহ,গাঁওখনৰ তথ্য শুধিলোঁ তেওঁলোকে ক’লে আপোনালোক বৰ্তমান অসম মেঘালয় সীমান্তৱৰ্তী পলাশবাৰী সমষ্টিৰ নাৰলিং গাওঁত উপস্থিত আছে৷কথাখিনি শুনি কিছু সময় পূৰ্বে নিজৰ সমষ্টিতে শিহৰিত হৈ থকা মনটোৱে অলপ সাহস পালে৷বৰষুণ এৰাৰ পাছত মটৰচাইকেলেৰে যাত্ৰা আৰম্ভণি কৰিবলৈ লওঁতে এইবাৰ মটৰচাইকেল খনে নাটক আৰম্ভ কৰিলে,বৰষুণৰ পানী সোমাই মটৰচাইকেল ষ্টাৰ্ট নহয় হে নহয়,কিন্তু মানুহখিনি হেল্পফুল আছিল,পাছত তেওঁলোকৰ প্ৰচেষ্টাত মটৰচাইকেল ষ্টাৰ্ট হ’ল আৰু আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলো,পাহাৰৰ মাজেমাজে মেঘৰ বুকু ভেদ কৰি আমি কেৱল আগুৱাই গৈ আছো,কিছুসময়ৰ অন্তত আকৌ এখন পাহাৰীয়া ক্ষুদ্ৰ গাঁওত উপস্থিত হ’লো,গাঁওখন নাম চাংমা নগৰ,মানুহৰ বসতি কম,কাষেৰে বৈ গৈছে পাহাৰীয়া এটি নদী য’ত সৰুসৰু লৰাছোৱালী বোৰে সাঁতুৰি আছে,পাহাৰীয়া পথাৰত ৰুৱনী বোৱনীয়ে কাম কৰি আছে৷ এটা বৰ্ণনা কৰিব নোৱৰা পৰিৱেশ৷কিছুসময় সেই গাঁওখনত অতিবাহিত কৰি আগবাঢ়িলো,প্ৰায় এঘণ্টাৰ অন্তত আমি এটা জলপ্ৰপাত দেখা পালো,জলপ্ৰপাতৰ মনোমোহা দৃশ্যই ৰোমাঞ্চিত কৰিলে৷পাছত তদন্ত কৰি গম পালো ঠাইখিনিৰ নাম ৰাণী জালুক পাহাম,বহু দিনৰ পৰা শুনি আছিলো অৱশেষত আমি গন্তব্যস্থান পালো৷লাহলাহে সন্ধিয়া নামি আহিল আমিও তৎপৰ হ’লো সোনকালে পাহাৰৰ পৰা ভয়াম পাব লাগে কাৰণ তাত বন্যহস্তিৰ উপদ্ৰৱ চ’লে৷ আমিও পলম নকৰি মটৰচাইকেল চলাইছো হে চলাইছো সোনকালে ঘাইপথ পাব লাগে৷ অলপ সময়ৰ পাছত যথেষ্ট মানুহৰ সমাগম দেখিলো ভাবিলো ঘাইপথ পালো এতিয়া ৰক্ষা পৰিলো কিন্ত সেই সুখ আমাৰ খন্তেকীয়া আছিল কাৰণ মানুহৰ সমাগম দেখিলো সঁচা কিন্তু ঘাইপথৰ পোৱাৰ পৰা আমি এতিয়াও বহু দূৰত৷ আমি তেতিয়া উপস্থিত হৈছিলো ঘৰভংগাত,ঘৰভংগাৰ পৰা ঘাইপথলৈ আৰু এঘণ্টাৰ পথ,সন্ধিয়া নামি পৰাত চৌদিশে অন্ধকাৰ হবলৈ ধৰিলে,আমিও প্ৰাণ হাতত তুলি পাহাৰীয়া জংঘল,নীৰৱতা ফালি লক্ষ্যস্থানৰ অন্তিম দুঃসাহসিক যুঁজ দিবলৈ সাঁজু৷ বিস্মৃত,ৰোমাঞ্চিত শিহৰণকাৰী যুঁজখনৰ অন্ত পৰিল আমি অৱশেষত পোহৰ দেখা পালোঁ৷পাহাৰৰ নিৰ্জনতাৰ পৰা যান্ত্ৰিকতাত প্ৰৱেশ কৰি আমি দুয়ো গুৱাহাটী লখৰা পালো৷ শেষত গুৱাহাটী লখৰাৰ পৰা জালুকবাৰী হৈ নিশা প্ৰায় ৮ মান বজাত মিৰ্জা পালোঁ৷ আৰু ইয়াতেই শেষ হয় আমাৰ দুঃসাহসিক, বাকৰুদ্ধ, ৰোমাঞ্চিত পাহাৰৰ নিৰ্জনতাৰ পৰা ভয়ামলৈ ক্ষুদ্ৰ ভ্ৰমণ যাত্ৰা৷
