গ্লাছগোত ভাৰতীয় বক্সাৰ যদুমণি কোৱাৰ্টাৰত

গ্লাছগোত ভাৰতীয় বক্সাৰ যদুমণি কোৱাৰ্টাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত কমনৱেলথ গেমছত ভাৰতীয় বক্সাৰৰ চমকপ্রদ প্রদর্শন অব্যাহত আছে। গ্লাছগোত চলি থকা প্রতিযোগিতাখনত দুর্দান্ত প্রদর্শন দাঙি ধৰি ভাৰতৰ তাৰকা বক্সাৰ শচীন ছিৱাছকে ধৰি অংকুশ, যদুমণি সিং আৰু প্রীতি পাৱাৰে নিজ নিজ শাখাৰ কোৱাটাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে।  পুৰুষৰ ৬০ কেজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্রাক্তন বিশ্ব য়ুথ চেম্পিয়ন শচীনে ইংলেণ্ডৰ উইলিয়াম হিৱিটক ৪-১ৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰে। ২৬ বছৰীয়া ভাৰতীয় বক্সাৰগৰাকীয়ে প্ৰথমৰ পৰাই ইংলেণ্ডৰ প্ৰতিদ্বন্দ্বীগৰাকীক উপর্যুপৰি আক্ৰমণ কৰি চাপত ৰাখিছিল। পদক দখলৰ এখোজ আঁতৰত থকা শচীনে কোৱাৰ্টাৰত বটছৱানাৰ ট্ৰেজাৰ ম’ৰেমীৰে মুখামুখি হ’ব। ইফালে, পুৰুষৰ ৮০ কেজিৰ অন্তিম ১৬ৰ মেচখনত অংকুশে এন্টিগুৱাৰ জালান জানক সহজেই পৰাস্ত কৰি অন্তিম ৮৩ স্থান নিশ্চিত কৰে। আনহাতে, দেওবাৰে নিশা হৈ যোৱা পুৰুষৰ ৫৫ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰত ভাৰতৰ যদুমণি সিঙে পাকিস্তানৰ ছুমামা ৰেহমানক ৫-০ত ধৰাশায়ী কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। অৱশ্যে ৬৫ কেজি শাখাৰ অন্তিম ১৬ৰ পৰা বিদায় লয় ভাৰতৰ আদিত্য প্রতাপে। আনহাতে, তাৰকা মহিলা বক্সাৰ প্ৰীতি পাৱাৰেও কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। দেওবাৰে হৈ যোৱা মহিলাৰ ৫৪ কেজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ ব্ৰঞ্জ জয়ী প্রীতিয়ে মালাৱীৰ দেবৰাহ এমটেনজেক দ্বিতীয় ৰাউণ্ডত ধৰাশায়ী কৰি অন্তিম ৮লৈ উন্নীত হয়।