প্ৰেম আৰু প্ৰতাৰণা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ধনশিৰী নদীৰ পাৰৰ এখন শান্ত আৰু সুন্দৰ গাঁও। সেই গাঁৱৰে এজন সৰল, পৰিশ্ৰমী ডেকা আছিল কমল। কমলৰ জীৱনৰ আটাইতকৈ ডাঙৰ সুখ আৰু প্ৰাণৰ স্পন্দন আছিল তৰালী। তৰালী আছিল নৈৰ পাৰৰ পদুম ফুলপাহৰ দৰেই পবিত্ৰ আৰু নিভাজ। দুয়ো দুয়োকে প্ৰাণতকৈও বেছি ভাল পাইছিল। গধূলি হ’লেই নদীৰ পাৰৰ এজোপা ডাঙৰ গছৰ তলত বহি দুয়ো ভৱিষ্যতৰ ৰঙীন সপোন ৰচনা কৰিছিল। কমলে তৰালীৰ হাতত ধৰি প্ৰায়ে কৈছিল, “তৰালী, তুমি নহ’লে মোৰ এই পৃথিৱীখন অন্ধকাৰ হৈ যাব।” তৰালীয়েও হাঁহি মাৰি উত্তৰ দিছিল, “আপোনাক এৰি মই জীয়াই থকাৰ কথা ভাবিবই নোৱাৰোঁ কমল। আমাৰ মৰম সদায় অমৰ হৈ থাকিব।”
কিন্তু এই সুখৰ দিনবোৰ বেছিদিন নিটিকিল। তেওঁলোকৰ এই পবিত্ৰ প্ৰেমৰ ওপৰত চকু পৰিল গাঁৱৰে জমিদাৰৰ অহংকাৰী আৰু কুটিল প্ৰকৃতিৰ পুতেক প্ৰদীপৰ। প্ৰদীপে তৰালীক নিজৰ কৰিব বিচাৰিছিল। তেওঁ তৰালীক বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ দিছিল, কিন্তু তৰালীয়ে প্ৰতিবাৰেই অতি স্পষ্টভাৱে প্ৰদীপক প্ৰত্যাখ্যান কৰি কৈছিল যে তাই কেৱল কমলৰ। এই প্ৰত্যাখ্যানে প্ৰদীপৰ অহংকাৰত চৰম আঘাত হানিলে। সি খঙত একো নাই হৈ নিজৰ মনতে প্ৰতিজ্ঞা কৰিলে যে সি কমল আৰু তৰালীক কেতিয়াও এক হ’বলৈ নিদিয়ে আৰু তেওঁলোকৰ এই প্ৰেমৰ তাজমহল ভাঙি ছাৰখাৰ কৰি পেলাব।
সি দুয়োৰে জীৱন ধ্বংস কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিলে। প্ৰদীপে অতি চতুৰালিৰে গাঁৱৰ মানুহৰ মাজত তৰালীৰ চৰিত্ৰক লৈ মিছা কথা ৰটাবলৈ ধৰিলে। সি কমলৰ কাণ চুব পৰাকৈ এনে কিছুমান মিছা প্ৰমাণ আৰু গল্প তৈয়াৰ কৰিলে, যাতে কমলে তৰালীক সন্দেহ কৰিবলৈ বাধ্য হয়। লাহে লাহে প্ৰদীপৰ এই কুৎসিত ষড়যন্ত্ৰৰ জালখন ইমান গভীৰ হৈ পৰিল যে কমলৰ মনতো সন্দেহৰ ক’লা ডাৱৰে আগুৰি ধৰিলে। সি ভাবিবলৈ ধৰিলে যে তৰালীয়ে চাগে সঁচাকৈয়ে তাক প্ৰতাৰণা কৰিছে।
এদিন গধূলি নদীৰ পাৰত কমলে খঙ আৰু সন্দেহৰ বশৱৰ্তী হৈ তৰালীক পোনপটীয়াকৈ প্ৰশ্ন কৰিলে। সি তৰালীক চৰিত্ৰহীন বুলি মিছা কলংক সানিলে। তৰালীয়ে চকুৰ পানী পেলাই চিঞৰি চিঞৰি নিজৰ পবিত্ৰতাৰ প্ৰমাণ দিবলৈ চেষ্টা কৰিলে, কিন্তু অন্ধ সন্দেহত বুৰ গৈ থকা কমলে তাইৰ এটা কথাও বিশ্বাস নকৰিলে। কমলে খঙতে তাইক তাত অকলে এৰি থৈ গুচি আহিল।
যিজন মানুহক তৰালীয়ে নিজৰ ভগৱান বুলি ভাবিছিল, সেই মানুহজনৰে মুখত এনেকুৱা সন্দেহ আৰু অপমান সহ্য কৰাটো তৰালীৰ বাবে অসম্ভৱ আছিল। সমাজৰ লাঞ্ছনা আৰু কমলৰ এই চৰম অবিশ্বাসে তাইৰ হৃদয়খন টুকুৰা-টুকুৰ কৰি পেলালে। সেই নিশাই মানসিক যন্ত্ৰণা সহ্য কৰিব নোৱাৰি তৰালীয়ে কান্দি কান্দি নিজৰ কোঠাত ফাঁচ লগাই আত্মহত্যা কৰিলে। মৃত্যুৰ পূৰ্বে তাই এখন ডায়েৰীত লিখি থৈ গ’ল যে তাই নিষ্পাপ আছিল আৰু কমলৰ সন্দেহে তাইক মাৰি পেলালে।
পিছদিনা পুৱা যেতিয়া তৰালীৰ মৃত্যুৰ খবৰ বিয়পি পৰিল, কমল দৌৰি আহে। তৰালীৰ নিষ্প্ৰাণ দেহটো দেখি সি স্তব্ধ হৈ পৰিল। যেতিয়া পুলিচে তৰালীৰ সেই ডায়েৰীখন কমলৰ হাতত দিলে, ডায়েৰীৰ পাতবোৰ পঢ়ি কমলৰ ভৰিৰ তলৰ মাটি খহি পৰিল। সি বুজি পালে যে সি এক ডাঙৰ ভুল কৰিলে। প্ৰদীপৰ মিছা কথাত ভোল গৈ সি নিজৰ হাতৰেই নিজৰ প্ৰাণটোক হেৰুৱাই পেলালে।
প্ৰেমিকাক হেৰুওৱাৰ এই চৰম অনুশোচনা আৰু দুখ কমলে সহ্য কৰিব নোৱাৰিলে। সি দিন-ৰাতি পাগলৰ দৰে তৰালীৰ নাম কাঢ়ি কান্দিবলাৈ ধৰিলে। সি অন্ন-জল ত্যাগ কৰিলে। অৱশেষত তৰালীৰ মৃত্যুৰ ঠিক সাতদিনৰ পিছত, নদীৰ পাৰৰ সেই একেজোপা গছৰ তলতেই তৰালীৰ স্মৃতি বুকুত বান্ধি কান্দি কান্দি কমলৰো বুকুৰ স্পন্দন স্তব্ধ হৈ পৰিল। সিও মৃত্যুক সাৱটি ল’লে।
দুটা নিষ্পাপ জীৱনৰ এই কৰুণ অন্তৰ পিছতো প্ৰদীপৰ মনত কোনো অনুতাপ নাছিল। বৰঞ্চ সি আনন্দিত হৈছিল যে তাৰ ৰাস্তাৰ পৰা কমল আৰু তৰালী দুয়ো আঁতৰি গ’ল। সি নিজকে গাঁৱৰ আটাইতকৈ শক্তিশালী মানুহ বুলি ভাবিবলৈ ধৰিলে। কিন্তু পাপৰ ঘড়া সোনকালেই ভৰে। প্ৰকৃতিৰ বিচাৰ আছিল তাতকৈও ভয়ংকৰ।
কমলৰ মৃত্যুৰ ঠিক তিনদিন পিছৰ কথা। সেইদিনা আছিল এক কাল ধুমুহাৰ নিশা। প্ৰদীপে চহৰৰ পৰা মদ খাই নিজৰ দামী গাড়ীখন চলাই গাঁৱৰ অভিমুখে আহি আছিল। বতাহ-বৰষুণ ইমান তীব্ৰ আছিল যে বাট-পথ একো দেখা পোৱা নগৈছিল। গাড়ীখন যেতিয়া ঠিক কমল আৰু তৰালীয়ে লগ পোৱা সেই নদীৰ পাৰৰ গছজোপাৰ ওচৰ পালেহি, হঠাত গাড়ীৰ হেডলাইটৰ পোহৰত প্ৰদীপে এক ভয়ংকৰ দৃশ্য দেখিবলৈ পালে। মাজ ৰাস্তাত বগা কাপোৰ পিন্ধি তেজ ৰঙা চকুৰে থিয় হৈ আছে তৰালী! আৰু তাইৰ ঠিক কাষতেই ক্ৰোধেৰে থিয় হৈ আছে কমল!
প্ৰদীপে ভয়তে চিঞৰি দি ব্ৰেক মাৰিবলৈ চেষ্টা কৰিলে, কিন্তু গাড়ীৰ ব্ৰেক ফেইল হৈ গ’ল। তেনেতে বতাহত কমল আৰু তৰালীৰ এক অট্টহাস্য ভাঁহি আহিল, যিয়ে প্ৰদীপৰ বুকু কঁপাই তুলিলে। ভয় আৰু আতংকত প্ৰদীপে নিয়ন্ত্ৰণ হেৰুৱাই পেলালে আৰু তাৰ গাড়ীখন সজোৰে গৈ সেই দেৱদাৰু গছজোপাত খুন্দা খালে। গাড়ীখন ওলট-পালট হৈ একেবাৰে চূৰ্ণ-বিচুৰ্ণ হৈ পৰিল।
দুৰ্ঘটনাটোত প্ৰদীপ মৰি নগ’ল, কিন্তু তাৰ পৰিণতি মৃত্যুৰ থকাতকৈও ভয়ংকৰ আছিল। গাড়ীৰ ভগ্নাংশই তাৰ দুয়োখন ভৰি আৰু এটা হাত একেবাৰে থেতালি পেলালে। লগে লগে গাড়ীখনত জুই লাগি উঠিল। সেই জুইৰ শিখাই প্ৰদীপৰ গোটেই মুখমণ্ডল আৰু শৰীৰৰ সোঁফালটো পুৰি একেবাৰে বিকৃত কৰি পেলালে। সি যন্ত্ৰণাত চিঞৰি আছিল, কিন্তু সেই ধুমুহা নিশাত তাক বচাবলৈ কোনো অহা নাছিল। সি চকু মেলি দেখিলে, জুইৰ শিখাৰ মাজৰ পৰাই কমল আৰু তৰালীয়ে তাক চাই হাঁহিছে।
পিছদিনা পুৱা গাঁৱৰ মানুহে তাক আধা-পোৰা আৰু ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰিলে। চিকিৎসালয়ত বহু দিন জীৱন-মৰণৰ যুঁজ দি সি কেনেবাকৈ বাচি থাকিল যদিও, সি চিৰদিনৰ বাবে পংগু হৈ পৰিল। তাৰ সেই ধুনীয়া চেহেৰাটো পুৰি ক’লা আৰু ভয়ংকৰ হৈ পৰিল। কেৱল সেয়ে নহয়, সেই নিশাৰ ভয়ে তাৰ মানসিক সন্তুলন সম্পূৰ্ণ কৰিলে। সি চিৰদিনৰ বাবে পাগল হৈ পৰিল।
এতিয়া প্ৰদীপ জীয়াই আছে, কিন্তু এটা জাবৰৰ দৰে। সি দিনে-ৰাতিয়ে গাঁৱৰ ৰাস্তাই-ঘাটে ফটা কাপোৰ পিন্ধি ভৰি চোঁচৰাই ফুৰে আৰু পাগলৰ দৰে চিঞৰে— “মোক ক্ষমা কৰি দিয়া তৰালী! কমল মোক জুই লগাই নামাৰিবা! মই পাপী…”। গাঁৱৰ মানুহে তাক দেখি থু-থু কৰে। আইনী কাৰাগাৰতকৈও প্ৰকৃতিয়ে তাক এনে এক শাস্তি দিলে, য’ত সি মৰিবও নোৱাৰে আৰু জীয়াই থকাটোও তাৰ বাবে প্ৰতি মুহূৰ্ততে এক নৰক যন্ত্ৰণা হৈ পৰিল। তৰালী আৰু কমলৰ আত্মাৰ যেন এইদৰেই প্ৰতিশোধ পূৰণ হ’ল আৰু ধনশিৰী নদীৰ পাৰত তেওঁলোকৰ প্ৰেম চিৰদিনৰ বাবে অমৰ হৈ ৰ’ল।
