নীলা খামৰ চিঠি
ৰেহেনা পাৰবীন
মানিকপুৰ
মৰমৰ অনুৰাধা,
মৰম ল’বা বুলি কৈ আমাৰ মাজত
নতুনত্ব অনাৰ বৃথা চেষ্টা নকৰো দিয়া।তুমিতো জানাই , কিমান মৰমেৰে আৱৰি ৰখাৰ কথা আছিল তোমাক!আচলতে, মৰম শব্দটোৱেই
সম্পৰ্কবোৰ নিহিত হৈ আছে জানা! এই ধৰা,
ভাল লাগিলেই মৰম জাগে, মৰম জাগিলেই
ভালপোৱা হয় আৰু তেতিয়াই হৃদয়ত সৃষ্টি হয়
প্ৰেম নামৰ এক অবুজ অনুভূতিৰ। আমাৰো মাজত তেনেকুৱাই হোৱা নাছিল জানো? প্ৰথমে
ভাল লাগিছিল, পাছত মৰমবোৰে পোখা মেলিছিল আৰু শেষত ভালপোৱাবোৰেই প্ৰেমৰ ৰূপ লৈছিল। থাকক দিয়া , মূল্যহীন সম্পৰ্ক এটাক লৈ ইমান আৱেগিক হৈ লাভ আছে জানো!
অনুৰাধা , তোমাৰ বিয়া হৈ যোৱাৰ পিছৰ পৰাই ভালপোৱাবোৰ মোৰ বাবে এক বিষাদৰ সম্পদ হৈ পৰিছে । কিমানটা উজাগৰী নিশা পাৰ
কৰিছোঁ নিজেই নাজানো। সপোনবোৰে আজিকালি আমনি নকৰা হ’ল। আমনি কৰিবই বা কিয়? কাৰণ, সন্ধিয়া হ’লেই মোৰ ভালপোৱাবোৰ ঢালি দিওঁ মদৰ গিলাচত। তুমিহীনতাৰ যন্ত্ৰণাবোৰ মচি পেলাওঁ এক মুহূৰ্তৰ বাবে।
অনুৰাধা, মই তোমাৰ হ’ব নোৱাৰাটো তোমাৰ ভুল নাছিল, মোৰ ভুল আছিল। মোৰ দৰে “বেকাৰ”ল’ৰা এজনৰ লগত তোমাৰ মা-দেউতাই কোনটো ভৰসাত গটাই দিব বাৰু? মোৰ দৰে “বেকাৰ” ল’ৰাবোৰৰ প্ৰেম-ভালপোৱা, সম্পৰ্ক, আৱেগ-অনুভূতি ইত্যাদিৰ কোনো মূল্য নাই জানা। তথাপিও আজি মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ কিয় জানা? বহু দিনৰ মূৰত হ’লেও তুমি মোলৈ মনত পেলাই চিঠি এখন লিখিছা।
অ’, তুমি শুনি বহুত ভাল পাবা! মই কবি হ’লোঁ।আজি-কালি মই কবিতা লিখোঁ বিষাদৰ -যন্ত্ৰণাৰ।ফেচবুকত দুখবোৰ বিলাই দিওঁ, বন্ধু মহলত হাঁহিৰ
খোৰাক হওঁ। তুমি ভবাৰ দৰে “In a relationship” ষ্টেটাছ হয়তো কাহানিও লিখিব নোৱাৰিম। কাৰণ মই তোমাৰ দৰে বিশ্বাসঘাতক হ’ব নোৱাৰো। তুমি অবিহনে মই আন কাৰোৰ সৈতে সুখী হোৱাৰ সপোন কেতিয়াও দেখা নাছিলোঁ “বেকাৰ” হব পাৰোঁ, কিন্তু বিশ্বাসঘাতক নহয়।
আজিকালি কোঠাটোত অকলশৰেই পাৰ কৰোঁ। ভাল লাগে বিন্দাচ লাইফ । জুবিন দাৰ বিষাদভৰা গানবোৰ শুনি শুনি চিগাৰেট হুপোঁ, ধোৱাবোৰ কুণ্ডলি পকাই ওপৰলৈ এৰি দিওঁ, হৃদয়ত এখন চিতা জ্বলে বেদনাৰ।
অনুৰাধা, হ’ব দিয়া… বেছি লিখি তোমাক আমনি নিদিও। তুমি সুখী হোৱা, তুমি সুখী হোৱা।
ইতি
অনুৰাগ
( তোমাৰ বুলি লিখাৰ অধিকাৰ নাই)
