বিচিত্রতা
দুলুমণি দেৱী
মাকুম
প্রকৃতিৰ বর্ণিল বিচিত্র ৰূপৰ
মাজত যেতিয়া সোমাই পৰো ……
অনুভৱৰ এখন ৰঙীণ দলিচা পাৰি লও
কেঁচা মাটিৰ অনুপম সুগন্ধিয়ে
ৰসৰ সঞ্চাৰ ঘটায়..
যি ৰসত থাকে সৃষ্টিৰ বাসনা
ভালপোৱাৰ এটি উপত্যকা
সেউবুলীয়া গছবোৰে পাতে
নানা কথা
গাই উলাহৰ গীত
