ডিব্ৰুগড়ত ষষ্ঠদশ বছৰত ভৰি দিলে ড সাংবাদিকৰ হুঁচৰি দলে

ডিব্ৰুগড়ত ষষ্ঠদশ বছৰত ভৰি দিলে ড সাংবাদিকৰ হুঁচৰি দলে::
কলম, কেমেৰা এৰি ঢোল, পেপাঁ-বাঁহী গগণালৈ ব্যস্ত সাংবাদিক

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা তথা বাপতি সাহোন বহাগ বিহু মানেই অসমীয়াৰ প্ৰাণ। হাজাৰ দুখ-কষ্ট হ’লেও, বিহুত এপাক কঁকাল ঘূৰাই নচাৰ সকলোৰে মন থাকে। ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়ৰ সাংবাদিক সকল। দৈনিক ন-ন তথ্যৰে পুৱাৰে পৰা নিশালৈকে ৰাজ্য তথা দেশবাসীক প্ৰতিটো মুহুৰ্তৰ বতৰা দি থাকি ২৪ ×৭ দিনেই অত্যন্ত ব্যস্ত হৈ থকা সাংবাদিক সকলে তেওঁলোকৰ কৰ্মব্যস্ততাৰ মাজতে ষষ্ঠদশ বছৰত ভৰি দিলে হুঁচৰি দলে। পৰম্পৰাগত বিহু নামেৰে, গৃহস্থৰ কুশল-মঙ্গলবাৰ্তা কামনা, আশীৰ্বাদেৰে জাতীয় জীৱনৰ পৰম্পৰা ৰক্ষাৰ প্ৰচেষ্টাত এইবছৰো ডিব্ৰুগড়ৰ সাংবাদিক সকলক দেখা গ’ল সাংবাদিক সকলে ঘৰে-ঘৰে পদুলিত হুঁচৰি জোৰাৰ। ডিব্ৰুগড়ৰ সদৰত কৰ্মৰত বিভিন্ন সংবাদ পত্ৰ আৰু সংবাদ মাধ্যমৰ বিভিন্ন জাতি জনগোষ্ঠীয় তথা ধৰ্মাৱলম্বী সকলো সাংবাদিক ঐক্যবদ্ধ হৈ এইদৰে বিগত ১৫ বছৰ ধৰি সাংবাদিক সকলৰ চোতালে- চোতালে জুৰি আহিছে হুঁচৰি। সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি, ঢোল-পেঁপা, বাঁহী আৰু পৰম্পৰাগত বিহুনাম জুৰি সন্ধিয়া হুঁচৰি জুৰিছে সাংবাদিক সকলৰ পদুলিত। একতাৰ এনাজৰী, সংস্কৃতিৰ ভাতৃত্ববোধেৰে ইলেক্ট্ৰিকনিক আৰু প্ৰিণ্ট মিডিয়াৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সমূহ সাংবাদিক এক হৈ ২০১১ চনৰ পৰা ধাৰাবাহিকভাবে সাংবাদিকসকলৰ বাকৰিত হুঁচৰি পৰিবেশন কৰি পৰম্পৰা অব্যাহত ৰাখিছে এনেদৰে। অৱশ্যে বিগত দুটা বছৰত দুজনকৈ জেষ্ঠ সাংবাদিকৰ অকাল মৃত্যুৰ বাবে হুঁচৰি স্থগিত ৰখা হৈছিল যদিও পুনৰ সকলো সাংবাদিকে ককাঁলত টঙালি বান্ধি বিহুত মতলীয়া হৈ পৰিছে। সাংবাদিকৰ হাতত কেমেৰা বা বুম’ নহয়, ঢোল-পেঁপা, বাঁহী লৈ সাংবাদিকৰ পদুলিত জুৰা হুঁচৰিয়ে মুখৰিত কৰি তুলিছে চৌদিশ। সাংবাদিকসকলে নিশা দুপৰলৈকে হুঁচৰি গাই সংগৃহীত ধনৰাশি ‘সাংবাদিক কল্যাণ সমিতি’ নামেৰে বেংকৰ একাউন্টত জমা ৰাখি বিভিন্ন সময়ত সাংবাদিকৰ আপদকালীন সময়ত সহায় কৰি আহিছে। ইতিমধ্যেই ভালেকেইজন সাংবাদিকক দুর্ঘটনা আৰু চিকিৎসাৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হৈছে।ডিব্ৰুগড়ৰ সাংবাদিক সকলৰ এনে প্ৰচেষ্টা স্বাভাৱিকতে ৰাজ্যৰ সংবাদ মহলত এক নজিৰ সৃষ্টি কৰি আহিছে। সাংবাদিক সকলৰ এনে প্ৰচেষ্টাক ডিব্ৰুগড়বাসীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে বিভিন্ন ধৰ্ম, জাতি-জনজাতিৰ মাজত ভাতৃত্ববোধ আৰু এনাজৰী শিকলিডাল অক্ষুন্ন ৰখাৰ কামনা কৰিছে ডিব্ৰুগড়বাসীয়ে। আনহাতে হুঁচৰি স্থলীৰ পৰাই অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গবিহীন প্ৰথমটো ব’হাগ উপলক্ষে শোকপ্ৰকাশ কৰিছে সকলো সাংবাদিকে। হুঁচৰিস্থলীৰ পৰাই পুনৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনোৱাৰ কৰা লগতে একাংশই জুবিনৰ মহান সৃষ্টিৰাজিক লৈ ভেঙুচালি কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়ে। উল্লেখ্য যে, সাংবাদিক হুঁচৰি দলটোৰ পদক্ষেপৰ শলাগ লৈ ডিব্ৰুগড় পৌৰনিগমৰ পৰিষদ তথা প্ৰাক্তন আছু নেতা বিজু লখিমী হাজৰিকাই এটা বিহুৰ ঢোল আৰু এযোৰ তাল আগবঢ়াইছে।