এগ্জিট প’লৰ মতে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ 

Pc India Today

এগ্জিট প’লৰ মতে অসমত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৫খন ৰাজ্যৰ ভোটদান প্রক্রিয়া সম্পন্ন হোৱাৰ পাছতে প্রকাশ হোৱা এগ্জিট প’লে অসমত পুনৰ এনডিএ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনা স্পষ্ট কৰিছে। লক্ষণীয়ভাৱে দেশৰ কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা সংস্থাই প্রকাশ কৰা এগ্জিট প’লত এনডিএক ৮৮-১০১খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীক সর্বাধিক ৩০-৪০খন আসনতে সীমাবদ্ধ ৰাখিছে। লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত তৃতীয়বাৰৰ বাবে বিজেপি আৰু মিত্রদলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনাও প্রায় স্পষ্ট হৈছে। অহা ৪ মে’ৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে আজি দেশৰ আগশাৰীৰ সমীক্ষাকাৰী সংস্থাই প্ৰকাশ কৰা এটি প’লত বিজেপি নেতৃত্বাধীন এনডিএৰ চমকপ্রদ উত্থানৰ লগতে বিৰোধী কংগ্ৰেছৰ ধৰাশায়ী অৱস্থাৰ কথাও একপ্ৰকাৰ আঙুলিয়াই দিছে। ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াই প্ৰকাশ কৰা সমীক্ষাত বিজেপি মিত্রদলক ৮৮-১০০ আসন দিয়াৰ বিপৰীতে কংগ্রেছক ২৪-৩৬ আসন প্রদান কৰিছে। আনহাতে মেট্রিজে প্রকাশ কৰা সমীক্ষাত এনডিএক ৮৫-৯৫খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ আৰু মিত্রদলক দিছে ২৫-৩২খন আসন। আনহাতে অন্যান্যই লাভ কৰিছে ৬-১২খন আসন। ইফালে জেভিচি-টাইমছ নাৱে প্রকাশ কৰা সমীক্ষাত বিজেপি নেতৃত্বাধীন মিত্রদলক ৮৮-১০১খন আসন দিয়াৰ লগতে বিৰোধী কংগ্ৰেছক প্রদান কৰিছে ২৩-৩৩খন আসন আৰু অন্যান্যই লাভ কৰিছে ২-৫খন আসন। পিপ পাচ্ছে প্রকাশ কৰা সমীক্ষাত বিজেপি-মিত্রদলক ৮৩-৯১খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ আৰু মিত্ৰজোঁটক প্রদান কৰিছে ২৩-৩১খন আসন। অন্যান্যক দিছে ৩-৫খন আসন। ইফালে প’ল ডায়েৰীয়ে বিজেপি-মিত্রদলক ৮৬-১০১খন আসন দিয়াৰ বিপৰীতে কংগ্রেছ মিত্রজোঁটক দিছে ১৫-২৬খন আসন। চাণক্য ষ্ট্ৰেটেজিছে বিজেপি-মিত্রদলক ৮৮-৯৮খন আসন দিয়াৰ বিপৰীতে কংগ্ৰেছ আৰু মিত্ৰজোঁটক দিছে ২২-৩২খন আসন, অন্যান্যই লাভ কৰিব ৩-৫খন আসন। পিএমআৰকিউৱে প্রকাশ কৰা সমীক্ষাত বিজেপি আৰু মিত্রদলে লাভ কৰিছে ৮২-৯৪খন আসন, কংগ্রেছ মিত্ৰজোঁটে লাভ কৰিছে ৩০-৪০খন আৰু অন্যান্যই লাভ কৰিছে ১-৫খন। পিপল ইনছাইটে প্রকাশ কৰা সমীক্ষাত বিজেপি নেতৃত্বাধীন এনডিএক ৮৮-৯৬খন আসন দিয়াৰ বিপৰীতে বিৰোধী মিত্রজোঁটক ৩০-৩৪খন আসন প্রদান কৰিছে। এনডি টিভিয়ে বিজেপি-মিত্রদলক ৮৮-১০০খন আসন প্ৰদান কৰাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলক ২৪-৩৬খন আসন আৰু অন্যান্যক ৩খন আসন প্রদান কৰিছে। প্রজা প’ল-এ প্রকাশ কৰা সমীক্ষাত বিজেপি-মিত্রদলক ৮৬-১০১খন আসন দিয়াৰ পৰিৱৰ্তে বিৰোধী মিত্রদলক ১৫-২৬খন আসন আৰু অন্যান্যক ৩-৭খন আসন প্রদান কৰিছে। ইফালে ভোট ভাইবে প্রকাশ কৰা সমীক্ষা অনুসৰি বিজেপি আৰু মিত্ৰদলে এইবাৰ লাভ কৰিব ৯০-১০০খন আসন, বিৰোধী মিত্রদলে লাভ কৰিব ২৩-৩৫খন আসন আৰু অন্যান্যই ০-৬খন আসন।