নীলা খামৰ চিঠিখনি
দুলুমণি দেৱী,মাকুম
এটা সময় আছিল নীলা খামৰ চিঠিখনিয়ে কঢ়িয়াই আনিছিল নিভাঁজ আন্তৰিকতা ৷প্রিয় মন ,প্রিয় মানুহ,প্রিয় অনুভৱৰ আধাৰ
নীলা খামৰ চিঠিখনিৰ মাদকতাই অনন্য আমেজসনা ৷স্কুলীয়া দিনবোৰ সামৰি কলেজীয়া দিনত ভৰি দিয়াৰ লগে লগে বহুতৰ মাজত আৰম্ভ হয় চিঠি লিখাৰ অবিৰত হেঁপাহ আগ্রহ আৰু সেই হেঁপাহবোৰ এদিন উজ্ব্বলি উঠে নীলা আকাশৰ তলত৷নীলা খামৰ চিঠিখনি হাতত লোৱাৰ মাত্রকে অন্তৰত অনাবিল আনন্দৰ জোৱাৰ উঠে ৷ সেই দৃশ্য আকাশখনেও যেন ৰ’ লাগি চাই ৰয় ,আকাশখনেও,পিন্ধি লয় নীলা সাজযোৰ ৷ য’ৰপৰা বিয়পি পৰে অনাবিল পোহৰৰ ৰেঙণি৷
নীলা খামৰ সেই চিঠিখনি শিতানৰ গাৰুৰ তলত থৈ বাৰে বাৰে পঢ়াৰ আগ্রহে ইয়াকে প্রকাশ কৰে অকৃত্রিম ভালপোৱাৰ মাজত সকলো কামেই সম্ভৱপৰ ৷ নীলা চিঁয়াহীয়ে লিখা সেই আখৰকেইটাৰ প্রতি যি মোহ সেয়া অতুলনীয়৷ প্রকৃতিৰ লগতো প্রেমৰ এক নিবিড় সম্পর্ক আছে ৷ নীলা খামৰ চিঠিখনিত অনুপম পৃথিৱীৰ অপৰূপ সৌন্দর্যৰ মাজত দুটি মন এটি হৈ আশাৰে জীৱন গঢ়াৰ পাতনি মেলাৰ যি সংকল্প সেয়া ফুটি উঠে ৷ আৰু সেইমতে সংসাৰ আৰম্ভ হয় আৰু নিয়াৰীকৈ জীৱন অতিবাহিত হয় ৷ প্রাত্যাহিক ব্যস্ততা থাকিলেও অন্তৰংগ তথা মধুৰ সময় তেওঁলোকে উলিয়ায় লৈছিল ৷ সেই স্নেহৰ ভাষাবোৰ ,অমৃতময় বাণীবোৰ যেনেকৈ লিখা হৈছিল ঠিক তেনেকৈ প্রায়সংখ্যক ব্যক্তিৰ সাংসাৰিক জীৱনতো খুউৱ সুন্দৰকৈ কথাবোৰ খাপ খাই পৰিছিল ৷তেতিয়াই সুদৃঢ় হৈ পৰিছিল স্নেহৰ বান্ধোন ,চিঠিখনিয়ে বহুতৰ মাজত সম্পর্কৰ সুৱাস ছটিয়াই আত্মীক সম্পর্কবোৰ বহু পৰিমানে মজবুত কৰি তুলিছিল ৷
বর্তমান বিশ্বায়নৰ প্রৱল ঢৌৱে নীলা খামৰ চিঠিখনিৰ সলনি আনি দিছে ৱাটছ এপৰ মেচেজখিনি ৷সেই মেচেজখিনিত কিমান আন্তৰিকতা সোমাই থাকে সেয়াও বর্তমান মনকৰিবলগীয়া ৷এনে লাগে যেন মৰম আন্তৰিকতাত কৃত্রিমতাৰ পৰশ বিয়পি পৰিছে ৷ অৱশ্যে সকলোৰে লগত সেয়া নহবও পাৰে ,কিন্তু সমাজৰ বেচিসংখ্যক মানুহৰ মাজত ব্যস্ততাৰ পৰিসৰ বৃদ্ধিয়ে মৰম স্নেহত সোণসেৰীয়া সময়বোৰ ধৰি ৰখাটো বাধা যথেষ্ট আনিছে ৷পুৰণি কিছুমান দিশ ধৰি আমি নতুনক আঁকোৱালি লব পাৰিলে নিশ্চয় সম্প্রীতিৰ এনাজৰীডাল অধিক কটকটীয়া হ’ব ৷ নীলা খামৰ চিঠিখনিও জিলিকি থাকিব আমাৰ সকলোৰে মাজত ৷ নৱ প্রজন্মৰ মাজত থাকক চিঠিৰ মাদকতা ৷
