অহা পাঁচ বছৰ আমি অসমত ধুমুহাৰ দৰে কাম কৰিমঃমুখ্যমন্ত্রী

অহা পাঁচ বছৰ আমি অসমত ধুমুহাৰ দৰে কাম কৰিমঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অহা পাঁচ বছৰ আমি অসমত ধুমুহাৰ দৰে কাম কৰিম । বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিলেও অসমৰ ৰাইজৰ আশীৰ্বাদত আমি সেই প্ৰাচীৰ ভাঙি-চিগি শেষ কৰি দিম । প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ । অসমৰ অশ্বমেধৰ ঘোঁৰা ধৰি ৰাখিব পৰা নাযায় । ৰাইজে উত্তৰ দিলে । ৰাইজে আমাক কাম কৰিবলৈ দিছে । আমি অসমৰ ৰাইজৰ বাবে কাম কৰিম । এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ।বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে অষ্টম দিনা বাজেট বিতৰ্কত ভাগ লৈ মুখ্যমন্ত্রীয়ে এইদৰে মন্তব্য প্ৰকাশ কৰে । দীঘলীয়া বাজেট ভাষণৰ যোগেদি মুখ্যমন্ত্রীয়ে বিকশিত অসমৰ ৰূপৰেখা দাঙি ধৰাৰ লগতে বিৰোধীকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।বাজেট বিতর্কত ভাষণ দি দৰিদ্ৰতা নির্মূলৰ ক্ষেত্ৰত অসমে কিদৰে স্বৰাজোত্তৰ পাছত উত্তৰণ কৰিবলৈ সক্ষম হৈছে তাক উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ‘দৰিদ্ৰতা নির্মূলৰ ক্ষেত্ৰত যি কাম স্বৰাজোত্তৰ পাছত বছৰ বছৰ ধৰি সম্ভৱ নহ’ল, তাক ডাবল ইঞ্জিন চৰকাৰে বিগত ১০টা বছৰতেই কৰি দেখুৱালে। ১০ বছৰত অসমৰ বহুমাত্রিক দৰিদ্ৰতাৰ হাৰ ১৪ শতাংশলৈ হ্রাস পাইছে। অসমৰ বহুমাত্রিক দৰিদ্ৰতাৰ হাৰ হ্ৰাস কৰাৰ বাবে আমি ৭০ বছৰ অপক্ষো কৰিব লগা হ’ল। এইক্ষেত্ৰত কংগ্ৰেছ সম্পূৰ্ণৰূপে ব্যর্থ। কাৰণ, কংগ্ৰেছৰ দিনত বেংক একাউন্ট নাছিল, কংগ্ৰেছৰ দিনত আধাৰ নাছিল।’ প্রয়াত তথা প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীয়ে কৈছিল- ‘১০০ টকা পঠালে ১০ টকাহে হিতাধিকাৰীগৰাকীয়ে লাভ কৰে, ৯০ টকা ৰাস্তাতেই নোহোৱা হৈ পৰে। ২০১৫-১৬ৰ পৰা ২০২৬ চনৰ ভিতৰত যোৱা ১০ বছৰত অসমত বহুমাত্রিক দৰিদ্ৰতাৰ হাৰ ৩২.৬৭শতাংশৰ পৰা ১৪ শতাংশলৈ হ্রাস পোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়াই নহয়, আজিৰ তাৰিখত এয়া একক সংখ্যালৈ অহাটোও অস্বাভাৱিক নহ’ব। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে প্রত্যক্ষ ধন হস্তান্তৰ প্রক্রিয়াই। অর্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্রত্যক্ষভারে টকা জমা দিয়া প্রক্রিয়াই পালন কৰিছে উল্লেখনীয় দিশ।’ মুখ্যমন্ত্রীয়ে কয়- ‘অৰুণোদয় আঁচনিয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতাৰ সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত।’ নিযুত মইনাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে আজি কয়- ‘আমি যেতিয়া নিযুত মইনা আঁচনিখন আৰম্ভ কৰিছিলোঁ, প্ৰথম বছৰত ২.৭০ লাখ ছাত্রীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছিল। বিগত বর্ষত প্রায় ৩.৫ লাখ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিলে আৰু এইবাৰ ৪.৫ লাখ শিক্ষার্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব। ই এটা সংখ্যা নহয়, এই আঁচনিয়ে দেখুৱাইছে অসমৰ মহাবিদ্যালয়ত ছোৱালীয়ে অধ্যয়ন কৰাৰ সংখ্যা কিধৰণে বৃদ্ধি পাইছে। চৰকাৰে আঁচনিৰ ধন কাক দিছে সেয়া ডাঙৰ বিষয় নহয়, আজি অসমৰ মহাবিদ্যালয়সমূহত ছাত্ৰীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া বাঢ়ে বাল্যবিবাহ বন্ধ হয়, ছাত্ৰীৰ সংখ্যা যেতিয়া বৃদ্ধি হয় জনসংখ্যা নিয়ন্ত্ৰণ কৰে, ছাত্ৰীৰ সংখ্যা যেতিয়া সমাজত বাঢ়ে তেতিয়া সমাজত সমতাৰ সৃষ্টি কৰে, নাৰীক অধিকাৰ প্ৰদান কৰে।’ ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আন্দোলন আৰু বাঁওপন্থী চিন্তাধাৰাই বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিয়া বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সদনত কয়- ‘অসমত বহু সময়ৰ পৰা বাঁওপন্থী চিন্তাধাৰা বিৰাজমান হৈ আছে। তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন নিবিচাৰে। এই বাঁওপন্থী চিন্তাধাৰাৰ লোকসকলে জনসাধাৰণক এটা সীমাৰ ভিতৰত ৰাখিব বিচাৰে, যাতে মানুহ ৰাস্তালৈ ওলাই আহে, আন্দোলনত লিপ্ত হয়। তেওঁলোকে একনায়কত্ববাদী চিন্তাধাৰা গঠন কৰিব বিচাৰে।’ মুখ্যমন্ত্ৰীয়ে কয়- ‘যোৱা কেইটামান দিনত লক্ষ্য কৰিলে স্পষ্ট হ’ব যে চৰকাৰে য’তেই এখন আঁচনি লয়, তাতেই বাঁওপন্থী লোকসকলে বিৰোধিতা কৰাৰ চেষ্টা কৰি আহিছে। বিৰোধীয়ে সদনত চিকিৎসালয়, পথ, জলসিঞ্চন, কৃষিৰ দাবী উত্থাপন কৰে। কিন্তু অসমৰ বিকাশৰ বাবে চৰকাৰে য’তেই আঁচনি লৈছে, তাতেই বিৰোধিতাৰ সৃষ্টি হৈছে। আজি অৰুণাচল প্ৰদেশত ৩০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্রকল্প নির্মাণ হ’বলৈ লৈছে। ইতিমধ্যে ১০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ কামো আৰম্ভ হৈছে। ৩০ হাজাৰ মেগাৱাট জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পিছতো ক’তো আন্দোলন নাই, ক’তো প্রতিবাদ নাই। অহা ১০ বছৰত যদি ৰাজ্যখনত গোটেইকেইটা জলবিদ্যুৎ প্রকল্প সাজু হৈ উঠে অৰুণাচল প্ৰদেশৰ জিডিপি অসমতকৈ দুগুণ আগবাঢ়িব। অসমত যদি এখন উৰণ সেতু নিৰ্মাণ কৰাৰ বাবে গছ কটা-নকটাক লৈ দুবছৰ অপেক্ষা কৰিব লাগে। অৰুণাচল বিকাশ যদি অহা ১০ বছৰলৈ এইধৰণে অব্যাহত থাকে, উত্তৰ-পূবৰ আটাইতকৈ চহকী ৰাজ্য ৰূপে পৰিগণিত হ’ব অৰুণাচল প্ৰদেশ। আমাৰ ৰাজ্যত জনসাধাৰণৰ মাজত উন্নয়নৰ প্ৰতি যেতিয়ালৈকে আমি ইতিবাচক বার্তা দিব নোৱাৰোঁ, অসমৰ মানুহক যেতিয়ালৈকে আমি সঁচা কথা নকওঁ তেন্তে উন্নয়ন সম্ভৱ নহ’ব। ৰাজ্যখনলৈ যদি আমি উদ্যোগ আনিব নোৱাৰোঁ, বিদ্যুৎ উৎপাদন কৰিব নোৱাৰোঁ, ছেমিকণ্ডাক্টৰৰ বিপ্লৱ আনিব নোৱাৰোঁ, এ আইৰ জৰিয়তে কাম কৰিব নোৱাৰোঁ, ইয়াত যদি বিশ্ব পৰ্যায়ৰ বিশ্ববিদ্যালয় পাতিব নোৱাৰোঁ, তেন্তে আমাৰ ভৱিষ্যৎ নাই। দেশৰ প্রতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ আমি বহুদূৰ পিছুৱাই যাব লাগিব।’ ছেটেলাইট চিটীৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়- ‘দেশৰ প্ৰায়বোৰ উন্নত ৰাজ্যই ইতিমধ্যে নিৰ্মাণ কৰি উঠিছে ছেটেলাইট চিটা। কিন্তু অসমত কেনেকৈ ছেটেলাইট চিটা হ’বলৈ দিব নোৱাৰি, তাৰ বাবে বিৰোধিতা কৰে। আজি মুম্বায়ে নৱীমুম্বাই নিৰ্মাণ কৰিলে, অন্ধ্রই অমৰাৱতী বনালে, তেলেংগানাই নিউ হায়দৰাবাদ নিৰ্মাণ কৰিলে, আমি কি কৰোঁ? কেনেকৈ ছেটেলাইট চিটাখন নহওক, যাতে চৰকাৰৰ হাতত টকা নাহে, চৰকাৰৰ হাতত পুঁজি নাহে আৰু ৰাইজৰ দাবী পূৰণ কৰিব নোৱাৰিলে পুনৰ সৃষ্টি হ’ব এক নতুন আন্দোলন। অসমখনক আকৌ এবাৰ অস্থিৰতাৰ ফাল লৈ যাব। যদি আমি আজি ছেটেলাইট চিটা কৰিব নোৱাৰোঁ, আদানি-আম্বানিক যদি মাতিব নোৱাৰোঁ, তেন্তে উন্নয়ন কিদৰে সম্ভৱ? আদানি-আম্বানিয়ে আজি ওড়িশাত ১০-২০ লাখ কোটি টকা খৰচ কৰিবলৈ প্ৰস্তুত হৈছে, তাত হাজাৰ হাজাৰ ল’ৰাই উদ্যোগখণ্ডত নিযুক্তি পাব আৰু অসমৰ ল’ৰাই তাত চাকৰি কৰিবলৈ যাব। চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেনেধৰণে চাকৰি কৰিবলৈ যোৱা যুৱকৰ মৃতদেহ ওভটাই আনি থাকিব লাগিব। সেই কাম কৰিবলৈ আমি চৰকাৰ গঠন কৰিছোঁ নেকি? অসমত উদ্যোগ হ’ব নালাগে, কিন্তু কেৰালা, হায়দৰাবাদ, গুজৰাটত উদ্যোগ হওক আৰু অসমৰ যুৱক-যুৱতীসকল তালৈ কাম কৰিবলৈ যাব, বেমাৰত মৃত্যু হ’ব আৰু চৰকাৰে শ্ৰদ্ধাঞ্জলি আঁচনিত পুঁজি দিব তেওঁলোকৰ মৃতদেহ ঘূৰাই অনাৰ বাবে। আদানি-আম্বানিয়ে যদি গুজৰাটত শোধনাগাৰ নিৰ্মাণ কৰিছে, অসমতো তেনেধৰণৰ নিৰ্মাণ হ’ব লাগিব, তেনে এটা পৰিৱেশ সৃষ্টি হ’ব লাগিব। বাঁওপন্থীসকলে ৰাজ্যত মানুহৰ মাজত বিদ্ৰোহৰ ভাব সৃষ্টি কৰিছে। বিনিয়োগ সন্মিলনৰ জৰিয়তে অসমত ৩ লাখ কোটি টকাৰ বিনিয়োগ অসমত আৰম্ভ হৈছে। যদি অসমত এটা পৰিৱেশ নির্মাণ হয়, তেন্তে অহা ৫ বছৰত ৫-১০ লাখ কোটি টকাৰ বিনিয়োগ আহিব।’ মুখ্যমন্ত্রীয়ে কয়- ‘কাজিৰঙাত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি চলিছে। ইয়াৰ বাবে ভাল পাব লাগে মানুহে, টকা দিব পৰা পৰ্যটক আহিব অসমলৈ। এই পৰ্যটকৰ ধন হাতীৰ মাউতে জীপছী ছাফাৰীয়ে, ক্ষুদ্ৰ ব্যৱসায়ীয়ে পাব। আন ৰাজ্যৰ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে প্রতিষ্ঠানসমূহক মাতি আনে, কিন্তু অসমত বিপৰীত চৰিত্ৰ। জিম কৰবেটৰ দৰে ৰাষ্ট্ৰীয় উদ্যানত পঞ্চতাৰকা হোটেল নির্মাণ হৈছে, গুজৰাটত অৰণ্যৰ ভিতৰত টাটাই পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিছে, কেনিয়াত অৰণ্যৰ ভিতৰত বিমান বন্দৰ স্থাপন হৈছে, কিন্তু অসমত পঞ্চতাৰকা হোটেল নির্মাণৰ বাবে ধন বিনিয়োগ কৰিবলৈ সাজু থকাৰ পাছতো তাক হ’বৰ কাৰণে কষ্ট কৰিবলগীয়া হৈছে।’ মুখ্যমন্ত্রীয়ে কয়- ‘আজি কোনেও বিচৰা নাই, কাজিৰঙাৰ জীপছী ছাফাৰীসকলে ১,২০০ টকাৰ স্থানত ২,০০০ টকা লাভ কৰক। তেওঁলোকে বিচাৰিছে কাজিৰঙাৰ জীপছী ছাফাৰীসকল কেনেদৰে দুখীয়া হৈ থাকক। দুখীয়া হৈ থাকিলেহে আন্দোলন হ’ব। ধনী হ’লে আন্দোলন নহ’ব। এই চিন্তাধাৰা চলিছে। এজন মুখ্যমন্ত্রীয়ে যদি কাজিৰঙাৰ দৰে ৰাষ্ট্ৰীয় উদ্যানত এখন পঞ্চতাৰকা হোটেল অনাৰ বাবে এনেদৰে কষ্ট কৰিব লাগে, তেন্তে অসমৰ উন্নয়নৰ বাবে দিনে-ৰাতিয়ে কিমান সংগ্রাম কৰিব লাগিব তাক কল্পনা কৰক ৰাইজে। পৰ্যটন এনে এটা উদ্যোগ, যি উদ্যোগ আহিলে প্রদূষণো নহয়, খেতিয়কে মাটিও দিব নালাগে। এই পর্যটনে অসমলৈ যথেষ্ট পুঁজি আনিব। যদি কাৰোবাৰ ভূমি পঞ্চতাৰকা হোটেলৰ বাবে অধিগ্রহণ হয়, সেই ভূমিৰ মূল্য ১০ লাখৰ পৰিৱৰ্তে ২০ লাখ টকা হ’ব লাগে বুলি দাবী উঠিব লাগে। এই ধন দিয়াত চৰকাৰৰ আপত্তি নাই। যদি সঁচাই কাৰোবাৰ ভূমি গৈছে তেন্তে আন ঠাইত তেওঁক ভূমি দিয়ক, এই দাবী উঠিব লাগিছিল।’ বাজেট বিতৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো জাতি-জনগোষ্ঠীৰ কল্যাণৰ প্রসংগ উল্লেখ কৰি কয়- ‘মিছন বসুন্ধৰাক এই চৰকাৰে নতুন ৰূপত সজাই তুলিব বিচাৰিছোঁ, যাতে মৰাণ-মটক আদিৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীক প্রয়োজন হ’লে আইন সংশোধন কৰি হ’লেও বনাঞ্চলত মাটিৰ পট্টা দিব পাৰি, তাৰো চিন্তা-চৰ্চা কৰা হৈছে। যোৱা ১০ বছৰত এনডিএ চৰকাৰে জনজাতীয় কল্যাণক অন্যতম মূল এজেণ্ডা হিচাপে বিধানসভাৰ মজিয়াত উপস্থাপন কৰিব পাৰিছে, পূর্বে কেতিয়াও এনে হোৱা নাছিল।’