যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে আবণ্টন দিব ১৫০ কোটি টকাঃমুখ্যমন্ত্রী

যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে আবণ্টন দিব ১৫০ কোটি টকাঃমুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- বাজেট বিতর্কত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰিংৰোড মাষ্টাৰ প্লেনত যোৰাবাটত সৃষ্টি হোৱা সমস্যাৰ সমাধানৰ বাবে ১৫০ কোটি টকা আবণ্টন দিয়াৰ কথা উল্লেখ কৰে। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- ‘গুৱাহাটীৰ ৰিং ৰোড পৰিকল্পনা যোৰাবাটৰ কৃত্ৰিম বানৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ পৰা আমি যাতে উদ্ধাৰ হ’ব পাৰোঁ, তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত ডেৰশ কোটি টকা আবণ্টন দি থোৱা হৈছে। এই ৰিং ৰোডৰ নক্সা ইতিমধ্যে প্রস্তুত হৈ আছে আৰু এই নক্সা আইআইটি, গুৱাহাটীৰ দ্বাৰা অনুমোদন দিবলৈ নির্দেশ দিয়া হৈছে।’ মুখ্যমন্ত্রীয়ে এই প্রসংগতে কয়-‘ৰিং ৰোডৰ কাম আৰম্ভ হোৱাৰ লগে লগে যোৰাবাটত সৃষ্টি হোৱা সমস্যাও সমাধান কৰিব পৰা যাব। যোৰাবাট যিহেতু অসম-মেঘালয়ৰ কেন্দ্ৰবিন্দু, তাত বিভিন্ন সময়ত যান-জটৰ সৃষ্টি হয়। সেয়েহে ডিগাৰৰ পৰা নাৰেংগীলৈ অহা পথটো চাৰিলেনযুক্ত কৰিব বিচৰা হৈছে। যাতে জাগীৰোড বা উজনিৰ দিশৰ পৰা অহা লোকসকলৰ এটা অতিৰিক্ত পথ হয়।’ লক্ষ্যণীয় বিষয় যে বিগত কেইদিনত হোৱা প্ৰতিজাক বৰষুণতে যোৰাবাট অঞ্চলটো ভয়াৱহ কৃত্রিম বানৰ কৱলত পৰাৰ লগতে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰিছিল । ঘণ্টাৰ পাছত ঘণ্টা পথত আবদ্ধ হৈ থাকিবলগীয়া হৈছিল যাত্রী । গুৱাহাটীৰ পৰা যোৱা আৰু গুৱাহাটীত প্ৰৱেশ কৰা যানবাহনসমূহ যোৰবাটত হোৱা পানীৰ বাবে দীৰ্ঘ সময়ৰ অহা-যোৱা কৰিব পৰা নাছিল । ইফালে, সদনত গুৱাহাটীক পার্পল চিটী ৰূপে সজাই তোলাৰ ক্ষেত্ৰত দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে এজাৰ গছ ৰোপণৰ কথা উল্লেখ কৰিছিল। এই প্ৰসংগতে মুখ্যমন্ত্রী ড° শর্মাই কয়- ‘গুৱাহাটীক পার্পল চিটী হিচাপে সজাই তোলাৰ ক্ষেত্ৰত লোকনির্মাণ বিভাগক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটীৰ নান্দনিক সৌন্দৰ্যৰ লগত বিসংগতি নাথাকে, তেনেকুৱা বহুমহলীয়া অট্টালিকাসমূহ যিমান সম্ভৱ কপৌফুলৰ ৰঙেৰে সজাই তুলিব লাগে।’ মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- ‘বন বিভাগে এটা প্রচেষ্টা লৈছে, গুৱাহাটীৰ গোটেই ৰিং ৰোডত এজাৰ গছ ৰোপণ কৰা হ’ব। তদুপৰি, খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এজাৰ গছ ৰোপণৰো সিদ্ধান্ত লোৱা হৈছে।’