নীটৰ প্ৰশ্নকাকত ফাদিল গোচৰত চার্জশ্বীট দাখিল চিবিআইৰ

Pc Telangana Today

নীটৰ প্ৰশ্নকাকত ফাদিল গোচৰত চার্জশ্বীট দাখিল চিবিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নীট-ইউজি ২০২৬ প্রশ্নকাকত ফাদিলৰ গোচৰৰ চাৰ্জশ্বীট দাখিল চমুকৈ চিবিআইৰ। নীট-ইউজি ২০২৬ প্রশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ কৰা ১৩জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে চিবিআয়ে। সূত্ৰৰ খবৰ মতে এই ঘটনাৰ অভিযুক্ত আৰু নেচনেল টেষ্টিং এজেন্সীৰ ৰসায়ন বিজ্ঞান বিষয়ৰ বিশেষজ্ঞ পি ভি কুলকার্নিয়ে বাস কৰা পুনেৰ এটা আৱাসিক সমিতিৰ একছেছ কন্ট্র’ল এপকে ধৰি বুজনসংখ্যক ডিজিটেল ফৰেনছিক তথ্য-প্ৰমাণৰ ভিত্তিত এই অভিযোগনামা দাখিল কৰা হৈছে। আটাইকেইজন অভিযুক্তই সম্প্রতি ন্যায়িক জিম্মাত আছে। নতুন দিল্লীৰ এখন বিশেষ চিবিআই আদালতত অভিযোগনামা দাখিল কৰি সংস্থাটোৱে কুলকাৰ্নিৰ দ্বাৰা চলাই থকা বিশেষ ক’চিং ক্লাছলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ বায়’ মেট্রিকছকে ধৰি তেওঁৰ ছ’চাইটীৰ এপৰ পৰা তথ্য-পাতি সংগ্ৰহ কৰা হৈছে বুলি দাবী কৰে। হাউছিং ছ’চাইটীখনৰ প্ৰৱেশ পথত তালৈ অহা-যোৱা কৰা লোকসকলক নিয়ন্ত্রণ কৰাৰ লগতে তেওঁলোকৰ প্ৰৱেশ আৰু প্ৰস্থানৰ ৰেকৰ্ড ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল এই এপটো। যোৱা ৩ মে’ৰ দিনা নীট-ইউজি ২০২৬ অনুষ্ঠিত হোৱাৰ কেইদিনমান পূর্বে এপ্রিল মাহত ছ’চাইটীখনত ছাত্র-ছাত্রীসকল আৰু তেওঁলোকৰ অভিভাৱকসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ চিবিআয়ে এই ৰেকৰ্ড ব্যৱহাৰ কৰে। সেই সময়ত কুলকার্নি যে পুনেতেই আছিল, তাক কল ডাটা ৰেকৰ্ডছ (চিডিআৰ) আৰু তেওঁলোকৰ ফোনৰ অৱস্থিতি বিশ্লেষণৰ দ্বাৰা নিশ্চিত কৰা হয়। চিবিআয়ে দাখিল কৰা অভিযোগনামা অনুসৰি নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)ৰ তিনিগৰাকী বিষয় বিশেষজ্ঞ ক্রমে- পি ভি কুলকার্নিয়ে ৰসায়ন বিজ্ঞান, মনীষা সঞ্জয় হাৱালদাৰে পদার্থ বিজ্ঞান আৰু মনীষা গুৰুনাথ মান্ধাৰে উদ্ভিদ বিজ্ঞান তথা প্রাণী বিজ্ঞানৰ নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰাথমিক উৎস আছিল। ৰাজহুৱা পৰীক্ষাত বিভিন্ন অসৎ উপায় অৱলম্বন কৰাৰ লগতে প্ৰশ্নকাকত ফাদিলৰ দৰে ফৌজদাৰী গোচৰসমূহৰ বিচাৰ চলোৱা নির্দিষ্ট ফাষ্টট্রেক আদালতত সংস্থাটোৱে অলপতে তেওঁলোকৰ চূড়ান্ত প্রতিবেদন দাখিল কৰে। অনুসন্ধানত প্রকাশ পাই যে বিষয়-বিশেষজ্ঞ তিনিগৰাকীয়ে অনুবাদৰ সময়ছোৱাত ৰাফ ৱৰ্কৰ বাবে গোপন শাখাৰ ভিতৰতে উকা কাগজ প্রদান কৰিছিল। অভিযোগনামাত উল্লেখ কৰা মতে প্রশ্নকাকত ফাদিলৰ ঘটনাটোৰ মূল ষড়যন্ত্রকাৰী হিচাপে অভিযুক্ত পি ভি কুলকার্নিয়ে সৰু সৰু টুকুৰাত সংক্ষিপ্তকৈ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকতৰ ১৩৫টা প্রশ্নকেই লিখি উলিওৱাৰ লগতে উত্তৰৰ বিকল্পসমূহো উল্লেখ কৰে আৰু এটা গোপন প্ৰক্ৰিয়াৰে সেইবোৰ বাহিৰলৈ উলিয়াই দিয়ে। চিবিআয়ে ১৩জন অভিযুক্তৰ বিৰুদ্ধে প্রায় ২০ হাজাৰ পৃষ্ঠাৰ এই অভিযোগনামা দাখিল কৰাত ৰৌছ এভিনিউ ক’র্টে শুকুৰবাৰে ইয়াৰ শুনানি গ্ৰহণ কৰে। অভিযোগনামা দাখিলৰ শুনানিৰ পিছত ন্যায়ালয়ে সোমবাৰৰ কগনাইজেন্সৰ বাবে তালিকাভুক্ত কৰে। অভিযোগনামাত অভিযুক্ত কৰা লোকসকল হ’ল- মনীষা মান্ধাৰে, মনীষা ৱাঘমাৰে, মনীষা সঞ্জয় হাৱালদাৰ, যশ যাদৱ, প্রহ্লাদ কুলকার্নি, শিৱৰাজ ৰঘুনাথ মটেগাওৱাৰ, ড° মনোজ চিৰুৰে, শুভম খৈৰনাৰ, ধনঞ্জয় লোখান্দে, হর্ষদ জয়েশ শ্বাহ, মংগীলাল বিৱাল আৰু দীনেশ বিৱাল।